কলিয়াবৰৰ কাঞ্চনজুৰিৰ পথ দুৰ্ঘটনা : ১ জন নিহত

0 min read

কলিয়াবৰৰ কাঞ্চনজুৰিত শণিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চলন্ত ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী।

নিহত লোকজনক আমবাগান খামখোৱাৰ নিৰ্মল বৈষ্ণৱ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। জানিব পৰামতে, শাদোফেক্স নামৰ ডেলিভাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিল নিহত যুৱকজন।

কলিয়াবৰৰ হাতীয়েখোৱাৰ পৰা ডেলিভাৰীৰ সামগ্ৰী লৈ কুঠৰীলৈ গৈ থকা সময়তে এএছ ০১ইচি ৭১৭৫ নম্বৰৰ মিনি ট্ৰাকখনৰ খুন্দাত নিহত হয় যুৱকজন। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এএছ ০২ এছ ৪৪৬৯ । বাগৰি আৰক্ষীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা মিনি ট্ৰাকখনো জব্দ কৰে।

You May Also Like

More From Author