মানিমুনি শাকৰ গুণাগুণ..

1 min read

অসমৰ সকলো ব্যক্তিৰে পৰিচিত মানিমুনি শাক। আমাৰ চাৰিওফালৰ পৰিৱেশত সহজেই হোৱা আৰু বহু লোকৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্রায় সকলোৰে চিনাকি। ই এবিধ সৰু শাক-বনজাতীয় উদ্ভিদ। এই শাকবিধৰ গুণাগুণৰ বিষয়ে জানো আহক-

১/ মানিমুনিৰ পাত দি বেঙেনা বা অমিতাৰ আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।

২/ অতিমাত্ৰা জ্বৰ হৈ থাকিসে মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই খালে ভাল ফল পোৱা যায়।

৩/ সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়।

৪/ সদায় পুৱা খালী পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।

৫/ সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।

You May Also Like

More From Author