ঘৰৰ ভিতৰত ভুলটো নাৰাখিব এইকেইটা সামগ্ৰী। কি এই সামগ্ৰী চাওঁক

0 min read

বাস্তু শাস্ত্ৰ। প্ৰায় সকলো মানুহে বিশ্বাস কৰে বাস্তু শাস্ত্ৰত। নিজৰ নিজৰ ঘৰখনত সুখ শান্তি বৰ্তাই ৰাখিবলৈ বহুলোকে মানি চলে বাস্তু শাস্ত্ৰ। ঘৰ এখনত ক’ত কি বস্তু ৰাখিব আদিকে ধৰি সকলো কাম কৰাৰ ক্ষেত্ৰত মানি চলে বাস্তু শাস্ত্ৰ।

বাস্তু শাস্ত্ৰৰ মতে, মানুহে ঘৰৰ ভিতৰত কিছুমান সামগ্ৰী ৰাখিব নালাগে। আৰু কিছুসংখ্যক সামগ্ৰী নিৰ্দিষ্ট স্থানতহে থ’ব লাগিব। বাস্তু শাস্ত্ৰ অনুসৰি, আমি কি কি সামগ্ৰী ভিতৰত ৰাখিব নালাগে জানো আহক।

১. ঘৰৰ দেৱালত কেতিয়াও হিংস্ৰ জন্তুৰ ফটো অথবা ছবি নাৰাখিব। কিয়নো বাস্তু শাস্ত্ৰৰ অনুসৰি এনে দৃশ্যই পৰিয়ালৰ সদস্য সকলৰ মাজত কাজিয়াৰ সৃষ্টি কৰে।
২. ঘৰৰ ভিতৰত কেতিয়াও ভঙা আইনা নাৰাখিব। কিয়নো বাস্তু শাস্ত্ৰৰ অনুসৰি ভঙা আইনাত মুখ চালে মানুহৰ আৰ্থিক অৱস্থা যথেষ্ট বেয়াৰ ফালে গতি কৰে।
৩. ঘৰৰ ভিতৰত কেতিয়াও বন্ধ যন্ত্ৰ নাৰাখিব। বন্ধ যন্ত্ৰ যেনে, বহুদিন বন্ধ হৈ পৰি থকা ঘড়ী।
৪. ঘৰৰ চৌহদত কেতিয়াও মৰহি যোৱা তুলসী গছ নাৰাখিব।

You May Also Like

More From Author