সোনৰ আ- অলংকাৰৰে ভৰি পৰিল মঙ্গলদৈ আৰক্ষী চকী; উদ্ধাৰ হ’ল বৃহত পৰিমাণৰ সোন

1 min read

এখন সোনাৰীৰ দোকানতেই ১৬ লক্ষাধিক কৈয়ো অধিক সোন বিক্ৰী কৰে চোৰে।।
মঙ্গলদৈ থানাত জব্দ ২৫ তোলাত কৈয়ো অধিক সোন।।
সোনাৰীৰ পতি -পত্নী সহ, দুজন সোন চোৰক আটক ।।
আটক কৰা চোৰ দুজন হৈছে কানাই চৌহান আৰু জয়নাল।।
সোনাৰী – বিষ্ণু কৰ্মকাৰ পত্নী শিৱানী কৰ্মকাৰ।।
ঘটনাৰ বিৱৰণী মতে, মঙ্গলদৈ নিকতৱৰ্তী সৰু আৰেঙৰ থানুৰাম দাসৰ ঘৰত কেইদিনমান পুৰ্বে চুৰি হৈছিল সোনৰ আ অলংকাৰ।। তেখেতৰ এজাহাৰৰ ভিত্তিতেই মঙ্গলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি আটক কৰে দুজন চোৰক।।
চোৰ কেইজনক আৰক্ষীয়ে সোধা পোচাৰ অন্তত খাৰুপেটীয়াৰ ইন্দ্ৰানী জুৱেলাচ নামৰ সোনাৰীৰ দোকানত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে।।
ইতিমধ্যে বিষ্ণু কৰ্মকাৰ দোকানত প্ৰায় চৈধ্য তোলাত কৈয়ো অধিক সোন বিক্ৰী কৰাৰ কথা স্বীকাৰ অটকাধীন চোৰ দুজনে।।
আনহাতে খাৰুপেটীয়াৰ ইন্দ্ৰানী জুৱেলাচ নামৰ সোনাৰী দোকান খনত তালাচি চলাই নথি প্ৰত্ৰ নোহোৱা কেইবা তোলা সোন মঙ্গলদৈ সদৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
বৰ্তমানে সমগ্ৰ ঘটনা মঙ্গলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

মঙ্গলদৈৰ পৰা,মকছেদ আলি

You May Also Like

More From Author