ডাইনীৰ সন্দেহত পুত্ৰৰ সন্মুখতে জ্বলাই দিলে এগৰাকী মহিলাক

0 min read

তেজপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিলে একাংশই। তেজপুৰৰ বাহবাৰী বৰচোনত দেওবাৰে সংঘটিত হৈছে এই ঘটনা।

কালি নিশা ৯ মান বজাত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি ডাইনীৰ সন্দেহত এগৰাকী ৪০ বছৰীয়া মহিলাক জ্বলাই দিলে একাংশই। আৰক্ষীয়ে জনোৱা অনুসৰি এই ঘটনাত ৬ জন জড়িত আছে আৰু বৰ্তমানলৈকে ৪ জনক আটক কৰিছে তেজপুৰ সদৰ আৰক্ষীয়ে।

নিহত মহিলা গৰাকীৰ নাম সংগীতা কাফি৷ ঘটনাত জড়িত থকাসকল ধীৰাজ বাগোৱাৰ, অজয় চাংকা, টিংকু মালদাৰ আৰু সুৰজ বাগোৱাৰ। এই লোকসকলে চোকা অস্ত্ৰৰে হত্যা কৰি মহিলাগৰাকীক কনমানি পুত্ৰৰ সন্মুখতে চোতালত জ্বলাই দিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ আনহাতে আন দুজন পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

You May Also Like

More From Author