লোকসভাত গৃহীত হ’ল তিনিখন অপৰাধ বিধেয়ক…

1 min read

প্ৰায় বিৰোধীশূন্যভাৱেই চলি আছে সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ এই বিৰোধী শূন্য অৱস্থাৰ মাজতে আজি লোকসভাত গৃহীত হ’ল তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক।

লোকসভাত আজি প্ৰায় বিৰোধীৰ অনুপস্থিতিত ঔপনিৱেশিক যুগৰ অপৰাধী আইনৰ স্থানত তিনিখন নতুন অপৰাধ বিধেয়ক গৃহীত হয়।

নিম্ন সদনত গৃহীত হয় ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা, ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়ক, ২০২৩।

এই বিধেয়ক তিনিখনে ভাৰতীয় দণ্ডবিধি আইন, ১৮৬০, ফৌজদাৰী বিধি, ১৯৭৩(CrPC) আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনখনৰ ঠাই ল’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই নতুন বিধেয়ককেইখনে ভাৰতীয়ত্ব, ভাৰতীয় সংবিধান আৰু জনসাধাৰণৰ মংগলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে। .

উল্লেখ্য যে, সংসদৰ নিৰাপত্তা ভংগক কেন্দ্ৰ কৰি বিৰোধী সাংসদসকল প্ৰতিবামুখৰ হৈ পৰাৰ পিছত এইপৰ্যন্ত দুয়োটা সদনৰ পৰা ১৪৩ জন বিৰোধী সাংসদক নিলম্বন কৰা হৈছে।

আনহাতে আজি পুনৰ দুজন সাংসদক নিলম্বন কৰাৰ পিছত লোকসভাত নিলম্বিত বিৰোধী সাংসদৰ সংখ্যা ৯৭ গৰাকীলৈ বৃদ্ধি পায়।

You May Also Like

More From Author