২০২৪ বৰ্ষৰ প্ৰথমটো দিনেই কৰক দুটামান কাম, এই ৫ ৰাশিৰ হ’ব জয়জয় ময়ময়…

1 min read

বছৰৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰীৰ দিনটোত মেঘ, বৃষ, মিথুন, কৰ্কট আৰু সিংহ ৰাশিৰ লোকসকলে যদি অলপ প্ৰতিকাৰ কৰে তেন্তে আগন্তুক বৰ্ষটো আপোনাৰ বাবে সৰ্বাংগীন সুন্দৰ হ’ব।

আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা। কেইটামান ঘণ্টাৰ পিছতে বিদায় মাগিব ২০২৩ বৰ্ষ। ন উদ্যমেৰে নৱবৰ্ষক আদৰিবলৈ প্ৰতিগৰাকী লোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ২০২৪ নতুন বৰ্ষটোত সকলোৱে হাতত নতুন নতুন পৰিকল্পনা লৈছে। যদি সেই সময়ত আপুনি আপোনাৰ পৰিকল্পনাত উপকৃত নহয়, তেন্তে আপুনি ভাগি পৰা সম্ভাৱনা আছে। কিন্তু অন্তিম মুহূৰ্তত ভাগি পৰাৰ পৰিবৰ্তে নৱবৰ্ষৰ আৰম্ভণিৰ দিনটো কিছুমান কাম কৰক।

জ্যোতিষশাস্ত্ৰত কিছু প্ৰতিকাৰকে আগন্তুক ২০২৪ বৰ্ষত পাঁচটা ৰাশিৰ জাতক-জাতিকাৰ জীৱন সলনি কৰিব পাৰে। ২০২৪ বৰ্ষৰ প্ৰথম দিনটো সোমবাৰে আৰম্ভ হ’ব। সোমবাৰ অৰ্থাৎ এই বিশেষ দিনটো দেৱাদিদেৱ শিৱৰ বাবে উৎসৰ্গিত কৰা হয়। গতিকে নৱবৰ্ষৰ আৰম্ভণি দিনটোৰ অতি গুৰুত্ব আছে।

বছৰৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰীৰ দিনটোত মেঘ, বৃষ, মিথুন, কৰ্কট আৰু সিংহ ৰাশিৰ লোকসকলে যদি অলপ প্ৰতিকাৰ কৰে তেন্তে আগন্তুক বৰ্ষটো আপোনাৰ বাবে সৰ্বাংগীন সুন্দৰ হ’ব। আৰু এই ৫টা ৰাশিৰ লোকে মনে বিচৰা ধৰণে ফলাফল লাভ কৰিব।

উত্তৰাখণ্ডৰ উধমসিং নগৰ জিলাৰ বাসিন্দা প্ৰবীণ আচাৰ্য পণ্ডিত অৰুণেশ মিশ্ৰ জনাই যে, নৱবৰ্ষত আপুনি এইকেইটা কাম কৰিলে এই ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাগ্যৰ উদয় হ’ব।

মেঘ ৰাশিঃ মেঘ ৰাশিৰ জাতক-জাতিকাসকলে বছৰৰ প্ৰথমটো দিনতে আপোনাৰ শৰীৰ ওজনৰ এক দশমাংশৰ সমান যিকোনো এটা দৰিদ্ৰ পৰিয়ালক ঘেঁহু দান কৰা উচিত। ইয়াৰ উপৰিও এখিলা পাণত মৌ লগাই ভগৱান হনুমানক অৰ্পণ কৰিব পাৰে। এনেকুৱা কৰি আপোনাৰ মনোবাঞ্ছা পূৰণ হ’ব আৰু আপুনি বিচৰা অনুসৰি ফলাফল লাভ কৰিব।

বৃষ ৰাশিঃ বৃষ ৰাশি লোকসকলে ১ জানুৱাৰীৰ দিনাখন মহাদেৱক বেলপাত আৰু বগা চাউল অৰ্পণ কৰিব পাৰে। এনেকুৱা কৰিলে বাবা ভোলানাথৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় বৰ্তি থাকিব আৰু আপুনি শুভ ফলাফল পাব।

মিথুন ৰাশিঃ মিথুন ৰাশিৰ লোকসকলে শাস্ত্ৰ অনুসৰি ভগৱান গণেশক আৰধনা কৰা উচিত। লগতে আপুনি গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে। এনেকুৱা কৰিলে আপুনি গোটেই বছৰটো সুফল লাভ কৰিব।

সিংহঃ সিংহ ৰাশিৰ লোকসকলে আগন্তুক বছৰৰ প্ৰথম দিনটোতে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰা উচিত। এনেকুৱা কৰিলে আপুনি মনে বিচৰা ধৰণে বছৰটো অতিবাহিত হ’ব।

কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে বছৰৰ প্ৰথম দিনটোত ভগৱানক শিৱক আৰধনা কৰা উচিত। ভগৱান শিৱক সন্তুষ্ট ৰাখিব পাৰিলে গোটেই বছৰটো আপুনি সুফল লাভ কৰি থাকিব।

You May Also Like

More From Author