২ কোটি মহিলাক লাখপতি বনোৱাৰ প্ৰতিশ্ৰুতিৰে ওলাইছে প্ৰধানমন্ত্ৰী মোডী…

1 min read

লোকসভা নিৰ্বাচন অহাৰ লগে লগে পুনৰ নতুন নতুন গেৰাণ্টিৰে ৰাইজৰ মাজলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বছৰি ২ কোটি নিবনুৱাক চাকৰিৰ স্বপ্ন দেখুৱাই যুৱ প্ৰজন্মৰ বিশ্বাস আদায় কৰিছিল মোডীয়ে।

সেইদৰে প্ৰতিজন নাগৰিকৰ একাউণ্টত ১৫ লাখকৈ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছিল তেওঁ। তাৰ পাছত প্ৰায় এটা দশক অতিক্ৰম কৰিলে। সাধাৰণ মানুহক স্বপ্নত বিভোৰ হ’ব পৰাকৈ দিয়া এই প্ৰতিশ্ৰুতিসমূহ অতীত হ’ল।

বছৰি ২ কোটিকৈ এটা দশকত ২০ কোটি নিবনুৱাই চাকৰি পালেনে অথবা ১৫ লাখকৈ টকা দেশৰ নাগৰিকৰ একাউণ্টত সোমাল নে নাই সেই বিষয়ত এতিয়া প্ৰধানমন্ত্ৰী মোডী মৌন। অৱশ্যে তাৰ মাজতে পুনৰ নিৰ্বাচন অহাত এইবাৰ যুৱ-প্ৰজন্মৰ বিপৰীতে মহিলাক টাৰ্গেত কৰি লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তেওঁ এইবাৰ ২ কোটি মহিলাক লাখপতি হোৱাৰ সপোন দেখুৱাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে। বুধবাৰে মধ্যপ্ৰদেশত এক সমাবেশ সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাৰ্ছুৱেলী সম্বোধন কৰা এই সভাতেই তেওঁ ঘোষণা কৰিছে, দেশৰ প্ৰায় ২ কোটি মহিলাক তেওঁ লাখপতি বনাব। তেওঁ কয়, মোৰ বহু দিনৰ সপোন স্বয়ম্বৰ গোষ্ঠীৰ সৈতে জড়িত ২ কোটি মহিলাক লাখপতি বনাম।

ইয়াৰোপৰি তেওঁ সভাত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰা মহিলাসকলকো প্ৰশ্ন কৰে- আপোনালোক লাখপতি হ’ব বিচাৰেনে? ইফালে বিজেপিয়ে এইবাৰ নিৰ্বাচনত ‘মোডী কি গেৰাণ্টি’ শীৰ্ষক শ্লোগানেৰে অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে।

এই নতুন শব্দৰ ব্যৱহাৰ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই। সদ্য সমাপ্ত ৫ ৰাজ্যৰ নিৰ্বাচনত ‘মোডী কি গেৰাণ্টি’ শীৰ্ষক শ্লোগান জনপ্ৰিয় হৈছিল। সেয়ে লোকসভাৰ নিৰ্বাচনতো এই শ্লোগান আওঁৰাব বিজেপিয়ে।

মধ্যপ্ৰদেশত বুধবাৰে ২ কোটি মহিলাক লাখপতি বনাব বুলি দিয়া প্ৰতিশ্ৰুতিৰ সময়তো তেওঁ ‘মোডী কি গেৰাণ্টি’ শব্দ ব্যৱহাৰ কৰিছে। অৱশ্যে সমেয়েহে ক’ব মোডীৰ এই ২ কোটি মহিলাক লাখপতি বনোৱাৰ গেৰাণ্টি সেই বছৰি ২ কোটি চাকৰি আৰু ১৫ লাখ টকাৰ দৰেই হয়নে সঁচাকৈয়ে এই গেৰাণ্টি কাৰ্যকৰী কৰে।

You May Also Like

More From Author