“আলিংগন” কৰাৰ আছে শাৰীৰিক আৰু মানসিক স্বাস্থ্য লাভ, জানো আহক কি কি?

1 min read

আপুনি নিশ্চয়কৈ নিজৰ ল’ৰা-ছোৱালীক, মাতৃ-পিতৃক, বন্ধু-বান্ধৱীক আৰু প্ৰিয়জনক আলিংগন কৰিছে। কিন্তু আপুনি জানেনে আলিংগন কৰিলে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কিমান লাভ হয়। যদি আপুনি এই কথাটো নাজানে তেন্তে এই লিখনীটো পঢ়ি চাওক

প্ৰেমৰ ক্ষেত্ৰতেই হওক, শাৰীৰিক বা মানসিক ক্ষেত্ৰতেই হওক আলিংগন প্ৰতিগৰাকী লোকৰ বাবে যথেষ্ট উপকাৰী হয়।
যেতিয়া কোনো এজন লোকক সাৱটি ধৰা যায় তেতিয়া ই হৃদয় আৰু মনক শান্তি দিয়ে। আলিংগন আৱেগ প্ৰকাশৰ এটা সুন্দৰ উপায়।

কিন্তু আপুনি জানেনে আলিংগন কৰিলে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কিমান লাভ হয়। যদি আপুনি এই কথাটো নাজানে তেন্তে এই লিখনীটো পঢ়ি চাওক।

আহক জানো আলিংগন কৰাৰ লাভবোৰ কি কি?
বহু গৱেষণা আৰু অধ্যয়নত দেখা গৈছে যে, ওচৰৰ কাৰোবাক আলিংগন কৰিলে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰিতা সাধন হয়, বহু সমস্য়াৰ পৰা মুক্তি পোৱাত সহায় কৰে…।

১. সম্পৰ্ক হয় শক্তিশালী

আলিংগন কৰিলে সম্পৰ্কবোৰ শক্তিশালী হৈ উঠে। কোৱা হয় যে যেতিয়া সম্পৰ্কবোৰ বেয়া হৈ যায় তেতিয়া এবাৰ সাৱটি ধৰিলে সকলো ঠিক হৈ যায়।

আলিংগন কৰিলে অনুভৱ হৈ যে প্ৰিয় মানুহজন আপোনৰ লগত সদায় আছে। সেইকাৰণে কোৱা হয় আলিংগন কৰিলে প্ৰতিটো সম্পৰ্ক পূৰ্বতকৈ শক্তিশালী হয়।

২. উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়

আলিংগনক যাদু কী ঝপ্পী বুলিও কোৱা হয়। এটা গৱেষণাত এই কথাটো পোহৰলৈ আহিছে যে হাগ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

যেতিয়া হাগ কৰা হয় তেতিয়া শৰীৰৰ অক্সিট’ছিন তেজত যায়, ইয়াৰ দ্বাৰা ৰক্তচাপ নিয়ন্ত্ৰণ হয়। গতিকে আপোনাৰো যদি উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে এদিনত ২০ ছেকেণ্ডতকৈ অধিক সময় হাগ কৰিব পাৰে।

৩. মানসিক চাপ দূৰ হয়

যেতিয়া কোনোবাই কাৰোবাক মৰমেৰে সাৱটি ধৰে তেতিয়া এটা বেলেগ অনুভৱ হয়। কোৱা হয় যে এটা টাইট হাগ কৰিলে সকলো মানসিক চাপ পলকতে নাইকিয়া হয়।

আচলতে সাৱটি ধৰাৰ সময়ত তেজত অক্সিট’ছিন আৰু কোৰ্টিছোল নামৰ ২বিধ হৰমনৰ উৎপত্তি হয়, যিয়ে মানসিক চাপ হ্ৰাস কৰাত যথেষ্ট সহায়ক (Hugging Benefits)।

৪. ডিপ্ৰেছন দূৰ হয়

যদি আপুনি কোনো কাৰণত অশান্তিত ভুগি আছে বা ডিপ্ৰেছনৰ সৈতে যুঁজিবলৈ সামৰ্থ নহয় তেন্তে হাগ কৰিলে এইটো সমস্যা দূৰ হ’ব পাৰে। হাগ কৰিলে হৰমনে আপোনাৰ ডিপ্ৰেছন আৰু ভয় ভয় লাগি থকাটো শেষ হৈ যায়।

৫. মূৰৰ বিষৰ পৰা ৰেহাই আৰু টোপনি

যিসকল স্বামী-স্ত্ৰীয়ে বা প্ৰেমিক-প্ৰমিকাই এজনে আনজনক সাৱটি ধৰি শুৱে তেওঁলোকৰ ভাল আৰু গভীৰ টোপনি আহে ।

এনে পৰিস্থিতিত আপোনাক পৰামৰ্শ দিয়া হয় যে যদি আপুনিও স্বাস্থ্যবান হৈ থকিব বিচাৰে তেন্তে আপুনি আপোনাৰ পাৰ্টনাৰক নিয়মিতভাবে হাগ কৰক। ই মূৰৰ বিষো নাইকিয়া কৰিব।

৬. মগজু চোকা হয়

প্ৰায়ে আলিংগন কৰা লোকসকলৰ স্মৃতিশক্তি ভাল হয়, কাৰণ এনে কৰিলে তেওঁলোকে অধিক সুখী আৰু শিথিলতা অনুভৱ কৰিব, গতিকে মনত ইতিবাচক প্ৰভাৱ পৰিব, যাৰ বাবে মনটো আগতকৈ চোকা হৈ পৰে।

৭. টেনচন নাইকিয়া হৈ যাব

যেতিয়াই কাৰোবাক সাৱটি ধৰে তেতিয়াই আপুনি শিথিলতা অনুভৱ কৰে আৰু বহু ধৰণৰ দুখ পাহৰি যায়।

মানসিক স্বাস্থ্যৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ, সেইবাবেই দুখী থকা লোকক আলিংগন কৰিলে তেওঁলোকে মানসিক চিন্তাৰ পৰা কিছু সকাহ লাভ কৰে।

You May Also Like

More From Author