এই ৪টা ৰাশিৰ পুৰুষ স্বামী হিচাপে উত্তম | সেই ৰাশি সমূহ কি ?

1 min read

প্রতিটো ছোৱালী বিচাৰে তাৰ স্বামী যাতে বহুত ভাল হয়, সকলো সময়ত তাৰে কথা শুনে ! অকল তাকেই ভাল পায়, কিন্তু কিছুমান ক্ষেত্রত সেয়া দেখা নাজায় । কিছুমান ক্ষেত্রত দেখা যায়, বিয়া হোৱাৰ পিছত বিবাহিত জীৱনত সুখ-শান্তি নহয় । আজি আমি যি ৪টা ৰাশিৰ কথা কম, এই ৪টা ৰাশিৰ পুৰুষৰ লগত যদি এজনী ছোৱালীৰ বিয়া হয় তেনেহলে গোটেই জীৱন সুখী হৈ থাকিব পাৰিব ! সেই ৪টা ৰাশি কি জানক –

১/ কর্কত ৰাশি, জ্যোতিষ অনুসৰি এই ৰাশিৰ পুৰুষ স্বামী হিচাপে বহুত ভাল হয় ! এই সকলৰ মাজত পাৰফেক্ট স্বামী হোৱাৰ গুণ থাকে । এই ৰাশিৰ পুৰুষ কেতিয়াওঁ নিজৰ প্রতিশ্রুতিৰ পৰা পিছুৱাই জানায় । এই ৰাশিৰ পুৰুষ তাৰ পত্নীৰ প্রতি বহুত বিশ্বাসী হয়, তাৰ সংগীক গোটেই জীৱন সুখত ৰাখিবলৈ কঠোৰ পৰিশ্রম কৰে ! সেই বাবে স্বামী হিচাপে কর্কত ৰাশিৰ পুৰুষ বহুত ভাল হয় ।

২/ মকৰ ৰাশি, ৰাশিৰ পুৰুষ বহুত ৰোমান্টিক আৰু যত্নৱান হয়, এই ৰাশিৰ পুৰুষে নিজৰ সংগীৰ প্রতি বহুত গুৰুত্ব দেয়, লগতে তাইক সকলো সময়ত সুখত ৰাখিবলৈ চেষ্টা কৰে ! এই ৰাশিৰ পুৰুষে তাৰ সংগীক ছাৰপ্রাইজ দিয়ে । এই ৰাশিৰ পুৰুষৰ সকলোতকৈ ভাল গুণ হ’ল তেওলোকে কেতিয়াওঁ বিশ্বাসঘাতকতা নকৰে । সেই বাবে মকৰ ৰাশিৰ পুৰুষক জীৱন সংগী কৰিব লাগে ।

৩/ মীন ৰাশি, স্বামী হিচাপে নিজৰ প্রতিশ্রুতিৰ প্রতি বহু সচেতন এই ৰাশিৰ জাতক সকল, এই ৰাশিৰ জাতক সকলৰ ওচৰত নিৰাপদ ও সুখী থাকে তাৰ সংগী । এই ৰাশিৰ জাতক সকল যেতিয়া এটা দায়িক্ত লয় সেয়া পূৰণ কৰিহে এৰে । সেই বাবে এই ৰাশিৰ জাতকক জীৱন সংগী কৰিব পাৰিলে বহুত ভাল ।

৪/ ধনু ৰাশি, এই ৰাশিৰ জাতক সকলে তাৰ পত্নীৰ যি কাম অপছন্দ সেই কাম কেতিয়াওঁ নকৰে ! এই ৰাশিৰ লোক সকল পত্নীৰ প্রতি বিশ্বাসী ও সম্পর্কত স্থিৰ থাকিবলৈ পছন্দ কৰে । যাৰ ভাগ্য ভাল সেই জনেই অকল এই ৰাশিৰ জাতকক জীৱন সংগী কৰিব পাৰে ।

You May Also Like

More From Author