নগাঁৱৰ কলিয়াবৰত “মঞ্চ”ৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদৰ গীত প্ৰতিযোগিতা সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা গীত প্ৰতিযোগিতা । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱন প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনি ১৯৯২চনৰ পৰা ধাৰাবাহিকভাৱে চলি অহা প্ৰতিযোগিতাখনিৰ প্ৰতি আকৃষ্ট হৈয়ে ২০০১ চনত সুধাকণ্ঠ ড° হাজৰিকাই পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ সোঁৱৰণত আগবঢ়াইছিল ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীৰ চলন্ত বঁটাটি ।

ইয়াৰ লগে লগে চলন্ত বঁটাটিয়ে ধন্য কৰিছিল “মঞ্চ” নামৰ চালুকীয়া অনুষ্ঠানটোক। ২০০১ চনত মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ড° ভূপেন হাজৰিকা সোঁশৰীৰে উপস্থিত হৈ উদ্যোক্তাসকলৰ হাতত বঁটাটি প্ৰদান কৰিছিল। সেই অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ লগত সংগ দিছিল বিশিষ্ট গীটাৰবাদক কমল কটকী,প্ৰসিদ্ধ শিল্পী প্ৰয়াত প্ৰনৱিৰাম বৰুৱা,তবলাবাদক সূৰ্য গোস্বামী,নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰয়াত জ্ঞানদা বৰা,যজ্ঞ বেজবৰুৱা আদি। সেই প্ৰতিযোগিতাত ৰাইজক সম্বোধন কৰি বিশ্ব বৰেণ্য শিল্পীগৰাকীয়ে কৈছিল–“মোৰ গীতবোৰ এদিন ভূপেন্দ্ৰ সংগীত হ’বগৈ বুলি মই সৰুতে গান গোৱা নাছিলোঁ । ইয়াৰ লগে লগে পাৰ্বতি প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ প্ৰনৱিৰাম বৰুৱাইও পিতৃৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰাৰ পাছৰে পৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। ‘মঞ্চ’ৰ সৌজন্যত দিনজোৰাকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাস্থলীত উপস্থিত থাকি বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। এই অনুষ্ঠানটোতে ‘মঞ্চ’লৈ মন্ত্ৰী মহন্তই পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ “ক” শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই,কাজিৰঙাৰ ভিটালী গগৈ আৰু গুৱাহাটীৰ পাণ্ডুৰ দেৱস্মিতা কাশ্যপে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুৱলী বৰঠাকুৰ,শিৱসাগৰৰ ৰণ কোঁৱৰ আৰু সৰুভগীয়াৰ সংগীতা বৰাই। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ “খ” শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নগাঁৱৰ আয়ুশ্ৰী দাস,উত্তৰ লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু নগাঁৱৰ চকলাঘাটৰ কৃষ্টিকণ্যা শইকীয়াই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে ৰাজকুমাৰী ফাল্গুনী, কলিয়াবৰৰ হাতীবন্ধাৰ অক্ষা তিমচিনা আৰু নগাঁও চামগুৰিৰ উন্মনা হাজৰিকাই । ইপিনে,পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুঁৱলী বৰঠাকুৰ, বোকাখাতৰ ত্ৰিদিষ্ণা বৰা আৰু গুৱাহাটী পাণ্ডুৰ দেৱস্মিতা কাশ্যপে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে শ্ৰদ্ধা বৰগোহাঁই,কলিয়াবৰৰ অনিমেষ শইকীয়া আৰু শাকমুঠীয়া চাহ বগিচাৰ আৰমিনা ভ’ই। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতাৰ “খ” শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী,কামপুৰৰ আৰ্যা বৰগোহাঁই আৰু গুৱাহাটীৰ বৰাগাঁৱৰ প্ৰিয়াঞ্চী বৰ্মনে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আয়ুশ্ৰী দাস,গোৱালপাৰাৰ তানিষ্ঠা গৌতম আৰু জখলাবন্ধাৰ ৰিজা মিৰ্ধাই। প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী,বিশিষ্ট সংগীত শিল্পী তথা “আমাৰ অসম”কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু কণ্ঠশিল্পী বিবলি ভাগৱতীয়ে । বিপুল হাজৰিকা আৰু প্ৰিয়ংকা শৰ্মাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উপৰিও বিশিষ্ট সমাজকৰ্মী তথা বি জে পি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকি বঁটা প্ৰদান কৰে। উল্লেখ্য যে পুৱা স্থানীয় শিল্পীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে কলিয়াবৰ নিৰ্বাচনী বিষয়া ড° ভূপালী কাশ্যপে। আৰম্ভণিতে সুধাকণ্ঠ আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত দুই শতাধিক লোক উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author