সন্ধিবাত মানে কি?
সহজ ভাষাত কবলৈ গলে সন্ধিবাত (osteoarthrits) হ’ল এটা বয়সজনিত সমস্যা। যাৰ প্ৰভাৱ শৰীৰৰ বিভিন্ন সন্ধি সমূহত, বিশেষকৈ ওজন সহি থকা সন্ধিবোৰত (যেনে – আঠুৰ সন্ধি, ককালৰ সন্ধি আদিত) বেছিকৈ দেখিবলৈ পোৱা যায়।
শৰীৰত থকা সন্ধি সমূহৰ বাবেই আমি দৈনন্দিন সকলো কাৰ্য যেনে- চলাফুৰা আদি সুচাৰুৰূপে কৰিব পাৰো। এই সন্ধিবোৰৰ গাঁথনিত অস্থি আৰু সন্ধিৰ কাম সূচাৰুৰূপে চলাই ৰাখিবলৈ আৰু ইয়াক ৰক্ষাৰ বাবে তাৰ লগত কিছুমান উপাদান জৰিত হৈ থাকে- a Articular Cartilage, Joint Capsule, Ligament, Muscle, Synovial Fluid আদি। ইয়াৰ ভিতৰত প্ৰধান হৈছে Articular Cartilage, ই দুডাল হাড়ৰ মাজত কুছন(cushion) সদৃশ কাম কৰে, যাৰ বাবে হাড় দুডাল ঘহনি নোখোৱাকৈ মসৃন ভাবে সকলো কাম কৰি থাকিব পাৰে।
সন্ধিবাতত বিভিন্ন কাৰণবশতঃ এই Articular Cartilage বোৰত চাপ পৰাত এইবোৰ ক্ষয় হব ধৰে। প্ৰাৰম্ভিক অৱস্থাত শৰীৰৰ নিজৰ ৰোগপ্ৰতিৰোধ ক্ষমতাৰ দ্বাৰা অতি সহজে cartilage বোৰ আগৰ অৱস্থালৈ ঘুৰি আহে। কিন্তু যেতিয়া চাপৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকে তেতিয়া ই নিজে নিজে আগৰ অৱস্থালৈ ঘুৰি যাব নোৱাৰে আৰু ইয়াতেই আৰম্ভণি হয় সন্ধিবাতৰ।
মহিলাৰ ক্ষেত্ৰত সন্ধিবাত কিয় বেছিকৈ দেখা যায়ঃ
মহিলাৰ ক্ষেত্ৰত এই সমস্যা পুৰুষৰ তুলনাত দুগুন বেছিকৈ দেখিবলৈ পোৱা যায়। সাধাৰণতে এই সমস্যাৰ আৰম্ভণিৰ লক্ষণ ৪০ ৰ পৰা ৫০ বছৰৰ ভিতৰত দেখিবলৈ পোৱা যায় আৰু ৫৫ বছৰৰ উৰ্ধত এই সমস্যা ক্ৰমশঃ বাঢ়ি যোৱা দেখা যায়। বৰ্তমান সময়,পৰিৱেশ আৰু জীৱনশৈলীৰ পৰিবৰ্তনৰ লগে লগে সন্ধিবাত ৪০ বছৰৰ আগতেও দেখা দিয়া পৰিলক্ষিত হৈছে।
১) মহিলাৰ শাৰীৰিক গঠন- মহিলাৰ কঁকাল অংশ বেছি মঙহাল হোৱা বাবে কঁকালৰ সন্ধি আৰু আঠুৰ সন্ধিত পুৰুষৰ তুলনাত বেছি চাপ পৰে বাবে এই সন্ধি দুটাত সন্ধিবাত বেছি দেখিবলৈ পোৱা যায়।
২) হৰম’ন জনিত কাৰণ-
– মাহেকীয়া বন্ধ হোৱাৰ পাচত শৰীৰত ইষ্ট্ৰোজেনৰ পৰিমাণ কমি যায়। এই হৰম’ন বিধে হাড় সৱল কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে।
-গৰ্ভধাৰনৰ সময়ত মহিলাৰ শৰীৰত Relaxin নামৰ হৰমন গঠন হয়। ইয়ে সন্ধিৰ বন্ধন বোৰ শিথিল কৰে আৰু তাৰ বাবে সন্ধিবোৰ দুৰ্বল লৈ পৰে।
৩) ওজন বৃদ্ধি- বিভিন্ন কাৰনবশত যেনে হৰমন জনিত (থায়ৰ’ইড, PCOD আদি), ডায়েবেটিছ, প্ৰসৱৰ পাছত, গৰ্ভনিৰধক বড়িৰ (OCP) পাৰ্শ্বক্ৰিয়া আদিৰ বাবে পুৰুষৰ তুলনাত মহিলাৰ ওজন বৃদ্ধিৰ প্ৰৱণতা বেছি।
৪) পুৰুষৰ তুলনাত মহিলাৰ হাড়বোৰ থুনুকা হয় আৰু cartillage ৰ পৰিমাণো কম থাকে।
৫) মহিলা সকলৰ অৱহেলা – তেওঁলোকে নিজৰ দৈনন্দিন কাৰ্যত ইমানেই ব্যস্ত থাকে যে প্ৰাৰম্ভিক অৱস্থাত ইয়াক আওকান কৰে, সেইবাবে পিছলৈ সমস্যা বেছি হয়।
৬)আধুনিক ৰন্ধন পদ্ধতি- বহু সময় ধৰি থিয় হৈ পাকঘৰত কাম কৰি থকা
সন্ধিবাতৰ প্ৰধান কাৰণ সমূহঃৎ
১)বয়স বৃদ্ধি
২) লিংগ জনিত কাৰণ (মহিলাৰ বেছিকৈ দেখা যায়)
৩) ওজন বৃদ্ধি
৪) পেচা জনিত কাৰণ (occupational)
5) বংশগত কাৰণ
৬) হৰম’ন জনিত কাৰণ
৭) গাঁঠিৰ বিভিন্ন পুৰণি ৰোগ- RA, Gout etc.
৮) দুৰ্ঘটনা বা শৈল্যকৰ্মত সন্ধি বা অস্থিত পোৱা আঘাত
৯) অত্যাধিক কষ্টকৰ কাম বা খেলাধুলা কৰাৰ সময়ত অস্থি- সন্ধিত পোৱা আঘাত।
সন্ধিবাতৰ লক্ষণ সমূহঃ
১) সন্ধিৰ বিষ
২) খোজকঢ়া সময়ত সন্ধিৰ পৰা শব্দ ওলোৱা
৩) সন্ধিবোৰ ফুলি যোৱা লগতে অলপ গৰম গৰম অনুভৱ কৰা
৪) খোজকঢ়া, উঠা-বহা কৰা, লৰচৰ কৰা সময়ত বিষ বৃদ্ধি
৫) দৈনন্দিন কাৰ্যত অসুবিধা
সন্ধিবাতৰ লেবৰ্টৰিকেল পৰীক্ষাত উপলব্ধ তথ্যঃ
১) সন্ধিৰ মাজৰ ঠাই কমি যোৱা
২) হাড় বোৰ থুনুকা হৈ যোৱা
৩) হাড়বোৰৰ ওপৰত নতুনকৈ সৰু সৰু হাড় বৃদ্ধি হোৱা।
সন্ধিবাত ৰোধ কৰিবলৈ মহিলা সকলৰ কৰণীয়
১) নিতৌ এগিলাছ কৈ গাখীৰ খাব।
২) ওজন হ্ৰাস কৰিব- দিনত আধা ঘন্টা নিজৰ শৰীৰৰ বাবে দিব। সেই সময় খিনিত যোগাভ্যাস, ব্যায়াম কৰিব।
৩) সুষম আহাৰ খাব। দিনত উপযুক্ত পৰিমণে পানী খাব। খাদ্যত Antioxident, কেলছিয়াম, ভিটামিন-D, ভিটামিন-E আদি উপযুক্ত পৰিমানে আছেনে লক্ষ্য ৰাখিব।
৪) মাংসপেশী আৰু অস্থি-সন্ধিক ৰক্ষণাবেক্ষণ দি থকা উপাদান বোৰক সবল কৰিবলৈ নিতৌ কিছু ব্যায়ামৰ অনুশীলন কৰিব।
৫) মানসিক চাপৰ পৰা আঁতৰি থাকিব।
৬) বয়স বৃদ্ধিৰ লগে লগে কিছুমান অভ্যাস সলনি কৰিব লাগিব- Cervical Spondylosis ৰ বাবে তলফালে হালি কাম কৰা, বিচনাত শুই পঢ়া আদি, আকৌ আঠুৰ বিষৰ বাবে তলত বহি কাম কৰা, বেছি খোজকাঢ়া এইবোৰ বাদ দি চলিব লাগিব।
৭) খাদ্যত সেউজীয়া শাক-পাচলি, খেজুৰ, বাদাম, আদা, নহৰু, তিল, ঘি, চজিনা -ফুল- পাত, মানিমুনি, নৰসিংহ, পচতীয়াৰ পাত, ভেদাইলতা, লোকেল মাছ, মাংস, কণী আদি গ্ৰহণ কৰিব পাৰিব।
সন্ধিবাত ৰ আয়ুৰ্বেদিক চিকিৎসাঃ
১) নিদান পৰিবৰ্জন
২) পঞ্চকৰ্ম চিকিৎসা
৩) ঔষধি চিকিৎসা।
নিদান পৰিবৰ্যনঃ যি কাৰণৰ পৰা সন্ধিবাতৰ সৃষ্টি হয় তাৰ পৰা আতৰি থকিব লাগিব।
পঞ্চকৰ্ম চিকিৎসাঃ
সন্ধিবাতৰ চিকিৎসাত পঞ্চকৰ্মৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ দেখা যায়।
আভ্যন্তৰীণ শোধনৰ বাবে পঞ্চকৰ্ম- স্নেহপান, বমন, বিৰেচন, বস্তি কৰ্ম আদি।
বাহ্যিক শোধনৰ বাবে পঞ্চকৰ্ম – স্নেহন, স্বেদন (গৰম সেক) , জানু বস্তি, কতি বস্তি, গ্ৰিৱা বস্তি আদি।
ঔষধি চিকিৎসাঃ
ঔষধি যোগঃ
-সুন্থি (শুকান আদা) চুৰ্ন
-অশ্বগন্ধা চুৰ্ন
-আমলখি চুৰ্ন
-লাক্ষাদি গুগ্গুল
-ত্ৰয় দশাংগ গুগ্গুল
-য়োগৰাজ গুগ্গুল
– সল্লকি
-দশমূল কাঢ়া
-ৰাস্না সপ্তক কাঢ়া
-আমলকি ৰসায়ন
-চন্দ্ৰপ্ৰভা বটি
-কুকূতান্দক ভষ্ম
-মুক্তা পিস্তি
-প্ৰৱাল ভষ্ম
-এৰণ্ড তেল
-মহামাষ তেল
-প্ৰসাৰনী তেল
-মহাবিষগৰ্ভ তেল
-অশ্বগন্ধা ঘৃত
দশমূল ঘৃত আদি
সন্ধিবাত এক প্ৰকাৰৰ chronic diseases, ইয়াৰ চিকিৎসাত দীৰ্ঘসময় ধৰি ঔষধি সেৱন কৰিব লগা হয়। এনে ক্ষেত্ৰত আয়ুৰ্বেদিক ঔষধি সমূহৰ পাৰ্শ্বক্ৰিয়া অতি নগণ্য মানৰ দেখা যায়। এই বেমাৰ বিধৰ চিকিৎসা আয়ুৰ্বেদিক পদ্ধতিৰে কৰি অতি চমকপ্ৰদ ফলাফল পৰীক্ষালব্ধ ভাবে উপলব্ধ হৈছে। আয়ুৰ্বেদিক পঞ্চকৰ্ম আৰু ইয়াৰ গুণকাৰী ঔষধি সমূহৰ সঠিক চয়ন, সঠিক মাত্ৰা আৰু সঠিক সময়ত ব্যৱহাৰ সন্ধিবাতৰ চিকিৎসাত অমৃত তুল্য হয়। যদি কোনো ব্যক্তিয়ে এনে সমস্যাত ভুগি আছে, অতি সোনকালে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰ চাপিব পাৰে। আয়ুৰ্বেদিক পদ্ধতিত ৰোগৰ নহয়, ৰোগীৰ চিকিৎসা কৰা হয়। একে ধৰনৰ বেমাৰৰ বাবে দুজন ভিন্ন ব্যক্তিৰ চিকিৎসা ভিন্ন হয়। সেয়েহে আপোনালোকে যেতিয়াই আয়ুৰ্বেদিক চিকিৎসা ল’ব বিচাৰে তেতিয়া মানদণ্ড বিশিষ্ট অভিজ্ঞ চিকিৎসকৰ ওচৰত যাব
ডাঃ দুলুমণি কলিতা*
আয়ুৰ্বেদিক চিকিৎসক