মা লক্ষ্মীৰ দেৱীৰ জন্মৰ কথাৰে.…

1 min read

এবাৰ মহাদেৱৰ ভক্ত মৰ্হষি দোৰভাষা পৃথিৱী ভ্ৰমণ কৰি আছিল।তেনেদৰে ভ্ৰমণ কৰি তেওঁ এখন অৰণ্য পালেগৈ।অৰণ্যত তেওঁ দেখিলে অপূৰ্ব সুন্দৰী এগৰাকীয়ে হাতত পাৰিজাত পুস্প মালা লৈ আছিল।সেই মালা দিব্য গুণৰ আছিল,সেই মালাৰ অপূৰ্ব সুগন্ধত অৰণ্যখন সুবাহিত হৈ আছিল।দোৰভাষা মুনিয়ে সেই সুন্দৰী অপেস্বৰীপৰা মালা ডাল বিচাৰিলে।আৰু অপেস্বৰীয়েও আদৰ সন্মানেৰে সেই মালা মুনিক দিলে।মালা লৈ উন্মুক্ত মুনিয়ে মালাডাল নিজৰ মস্তকত লৈ আকৌ পৃথিৱী ভ্ৰমণ কৰিবলৈ গল। এনেদৰে ঘূৰি ফুৰোতে মুনিয়ে দেৱৰাজ ইন্দ্ৰক লগ পালে। দেৱৰাজ ইন্দ্ৰই তেওঁৰ বাহন ঐৰাৱতত আছিল আৰু তেওঁৰ লগত বহু দেৱতাগণ আছিল।

দেৱৰাজক লগ পাই-মুনিয়ে তেওঁৰ মস্তকৰপৰা মালা ডাল নিজৰ হাতত ললে। তেতিয়া মালাৰ ওপৰত মৌ মাখিয়ে গুণ গুণাই আছিল আৰু যেতিয়া মুনি দেৱৰাজৰ কাষ পালে তেতিয়া মুনিয়ে পাগলৰ দৰে সেই মালাডাল দেৱৰাজৰ গালৈ দলিয়াই দিলে।তেতিয়া দেৱৰাজে মালাডাল ঐৰাৱতৰ মস্তকত দি দিলে। ঐৰাৱত সেই মালাডালৰ তীব্র সুগন্ধত আকৰ্ষিত হৈ নিজৰ শুৰডালে আনি শুংগিলে আৰু পৃথিৱীত পেলাই দিলে।তাকে দেখি দোৰভাষা মুনিৰ খং উঠিল আৰু দেৱৰাজক কলে,হে দেৱৰাজ ধন সম্পত্তিৰ গৰ্বই তোমাৰ ইন্দ্ৰিয় দুখিত হল সেইবাবে মই দিয়া মালাধাৰিৰ তুমি আদৰ নকৰিলা, সেইডাল অকল মালা নাছিল মা লক্ষ্মীৰ ধাম আছিল।

মালাডাল লৈ প্ৰণামো নকৰিলা সেইবাবে তোমাৰ অধিকাৰত থকা তিনিও লোকৰ লক্ষ্মী অদৃশ্য হৈ যাব। মুনিৰ এই শাপ শুনি দেৱৰাজে ভয় খালে আৰু তৎক্ষনাত ঐৰাৱতৰপৰা নামি দোৰভাষা মুনিৰ চৰণত পৰিল। দেৱৰাজে মুনিক প্ৰসন্ন কৰিবলৈ বহু চেষ্টা কৰিলে কিন্তু দোৰভাষা মুনি প্ৰসন্ন নহল। ওলোটাই দেৱৰাজক তাতে এৰি গল’গৈ।তেতিয়া দেৱৰাজ ইন্দ্ৰও ঐৰাৱত’ত উঠি অম্ৰাৱতী গল’গৈ।

তেতিয়া পৰা তিনিও লোকৰ লক্ষ্মী নষ্ট হৈ গল,এনেদৰে ত্ৰী লোক শ্ৰীহিন্ন হোৱা বাবে দানৱবোৰে দেৱতাসকলৰ ওপৰত আক্ৰমণ কৰিলে। তেতিয়া দেৱতাসকলৰ উৎসাহো নাইকিয়া হল আৰু দেৱতাসকলে পৰাজয় বৰণ কৰিলে।তেতিয়া সকলো দেৱত ব্ৰহ্মাৰ ওচৰলৈ গল ,ব্ৰহ্মাই দেৱতাসকলক ভগৱান শ্ৰী বিষ্ণু শ্ৰী চৰনলৈ যাবলৈ কলে। ব্ৰহ্মাই দেৱতাসকলৰ লগত শ্ৰীচ সাগৰৰ উত্তৰফালে গল তাত গৈ পায় ব্ৰহ্মা আৰু দেৱতাসকলে ভগৱান বিষ্ণুৰ স্তুতি কৰিলে।দেৱতাসকলৰ স্তুতিত ভগৱান শ্ৰী হৰি প্ৰসন্ন হৈ তেওঁলোকৰ আগত দেখা দিলেহি।ভগৱান শ্ৰী হৰিৰ তেজস্বী মংগলময় ৰূপ দেখি দেৱতাসকলে তেওঁক পুনৰ স্তুতি কৰিলে। তেতিয়া ভগৱান শ্ৰী বিষ্ণুৱে শ্ৰীচ সাগৰক মন্থন কৰিবলৈ উপদেশ দিলে। তাৰ পৰা অমৃত উৎপন্ন হব,সেই অমৃত পান কৰিলে দেৱতাসকল অজৰ অমৰ হব।কিন্তু এই কাম বৰ কষ্টকৰ হব সেইবাবে দেৱতাসকলে দৈত্যসকলকো লগত লব লাগিব।

ভগৱান শ্ৰী বিষ্ণুৰ আজ্ঞা পাই দেৱতাগণ দৈত্যসকলৰ লগ হৈ অমৃত প্ৰাপ্তিৰ বাবে প্ৰয়াস কৰিবলৈ ধৰিলে। তেওঁলোকে বিভিন্ন ঔষধ আনিলে আৰু শ্ৰীচ সাগৰত দিলে।মন্দৰাচৰ পৰ্ৱতক মন্থন কৰি আৰু বাচুকি নাগৰাজক ৰচি হিচাপে লৈ তেনেকৈয়ে সমুদ্র মন্থনৰ কাম আৰম্ভ হল।ভগৱান শ্ৰী বিষ্ণুয়ে দেৱতাসকলক বাচুকিৰ নেজৰ ফালে আৰু মুখৰফালে দৈত্য সকলক থাকিবলৈ কলে। সমুদ্র মন্থন কৰি থকা সময়ত বাচুকিৰ মুখৰপৰা ওলোৱা অগ্নিয়ে দৈত্যসকলক ধ্বংস কৰে আৰু নিষ্টষ্ট বায়ুৰ পৰা বৃষ্টিত হৈ বাচুকিৰ নেজৰ ফালে বৰষে, যাৰ ফলত দেৱতাসকলৰ শক্তি বাঢ়ে। বৎসবল শ্ৰী হৰিয়ে কাচৰ ৰূপ ধাৰণ কৰি শ্ৰীচ সাগৰত মন্দৰাচৰ পৰ্ৱতক ডাঙি ৰৈ তাৰে এক ৰূপ দেৱতাসকল আৰু এক ৰূপ দৈত্যসকলৰ মাজত নাগৰাজক টানিবলৈ সহায় কৰিছিল আৰু এক বিশেষ বিশাল ৰূপত কাকো দেখা নিদিয়াকৈ তেওঁ মন্দৰাচল পৰ্ৱতক ওপৰৰপৰা হেচি ধৰিছিল। আৰু নাগৰাজ বাচুকিক বলৰ সঞ্চালন কৰিছিল দেৱতাসকলৰ শক্তি বাঢ়িছিল

তেনেদৰে সমুদ্র মন্থন কৰাৰ ফলত কামধেনু,বাৰুনী, দেৱী কল্পবৃষ,অপ্সৰা প্ৰকট হল।চন্দ্ৰমা প্ৰকট হল,যাক মহাদেৱে নিজৰ মষ্টক ধাৰণ কৰিছিল, ইয়াৰে পাচত অমৃতৰ কলহ লৈ ধন মন্ত্ৰী প্ৰকট হল,তেতিয়া দেৱতা আৰু দৈত্যসকল বৰ প্ৰসন্ন হল। অৱশেষত সাগৰৰপৰা ভাগৱতী লক্ষ্মী দেৱী প্ৰকট হল। তেওঁ পদুম ফুলৰ আসনত বিৰাজমান আছিল,তেওঁৰ দেহৰ অংগই দিব্য ৰং প্ৰকাশিত হৈছিল,তেওঁৰ হাতত পদুমে শুভা পাইছিল। তেওঁৰ দৰ্শন পাই দেৱতা মুনিসকল প্ৰসন্ন হৈছিল।তেওঁ বৈভিক শ্ৰী শ্ৰুতৰ পাঠ কৰিলে-আৰু লক্ষ্মীদেৱীৰ স্তৱন কৰিলে।দিব্য বস্ত্ৰ অলংকাৰ তেওঁক অৰ্পণ কৰা হল,দিব্য অলংকাৰৰপৰা বিভূষিত হৈ সকলোৱে চাই থাকোতে তেওঁ নিজৰ সনাতন স্বামী ভগৱান শ্ৰী বিষ্ণুৰ বৎ-বৎসলত লক্ষ্মী দেৱী গুচি গলগৈ। ভগৱান শ্ৰী বিষ্ণুৰ লগত লক্ষ্মী দেৱীক দেখি দেৱতাসকল প্ৰসন্ন হল।

You May Also Like

More From Author