নগাঁৱৰ ঠেংকুচি গাঁৱৰ তিৱা সকলৰ ডেকা চাং “ছামাদি”ত শিশুলৈ বস্ত্ৰ বিতৰণ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৬ডিচেম্বৰ:–বস্ত্ৰ ভঁৰালৰ (THE CLOTHES BANK) উদ্যোগত শনিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ঠেংকুচি গাঁৱৰ তিৱাসকলৰ বৰ ঘৰ ডেকা চাং “ছামাদি”ত পঞ্চাছ জনৰো অধিক শিশুৰ হাতত নতুন বস্ত্ৰ আৰু আন একাংশ জ্যেষ্ঠলোকৰ হাতত পুৰণি বস্ত্ৰ তুলি দিয়া হয়। ২০১৭চনৰ পৰা নিৰবিচ্ছিন্নভাবে আৰ্তজনলৈ কাপোৰৰ টোপোলা আগবঢ়োৱা বস্ত্ৰ ভঁৰালে এতিয়ালৈকে প্ৰায় ৭০ হেজাৰৰো অধিক কাপোৰ বিতৰণ কৰাৰ লগতে অনুষ্ঠানে শিশুসকলৰ মাজত সাধাৰণ জ্ঞানৰ কিতাপো বিতৰণ কৰে।

শিশুসকলৰ গীত-মাতেৰে ৰসাল এই অনুষ্ঠানটিত শিক্ষয়িত্ৰী জুৰিমা চহৰীয়াই তেওঁৰ জন্মদিন উপলক্ষে এটি কালজয়ী গীত পৰিবেশন কৰাৰ লগতে শিশু সকলৰ হাতত দুপৰীয়া আহাৰৰ লগতে মিঠাই টোপোলা তুলি দি শিশুসকলৰ উজ্বল ভবিষৎ কামনা কৰে। শিশুবন্ধু দুলাল বৰাই কথা প্ৰসংগত কয় যে এতিয়া ৭৪ শতাংশ ভাৰতীয় পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত,এয়া মোৰ কথা নহয়, এয়া ৰাষ্ট্ৰসংঘৰ কথা । সেই ফালৰ এতিয়া আমাৰ দেশত ৭৪ শতাংশতকৈ অধিক ভাৰতীয়ই প্ৰয়োজনীয় বস্ত্ৰৰ পৰা বঞ্চিত । কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে সঞ্চালনা কৰি অনুষ্ঠানটিত এটি শিশুপদ্য মাতি শিশুসকলক নীতিশিক্ষাৰ পাঠ দিয়াৰ লগতে অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰফুল্ল বৰাই সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত,কবি গুণকান্ত শৰ্মা আৰু কুমাৰ বিভূতিয়ে কবিতা পাঠ কৰে। সংগীত শিল্পী তথা শিক্ষক ৰাজকুমাৰ বৰা,গাঁওবুঢ়া উৎপল দেউৰী আৰু অলকা বৰাৰ উপস্থিত থকা অনুষ্ঠানটিত অঞ্চলটোৰ দুই শতাধিক পুৰুষ আৰু মহিলা উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বস্ত্ৰ ভঁৰালৰ সভাপতি বিৰিঞ্চি বৰা আৰু সম্পাদক বকুল হুছেইনে সমাজৰ সমৰ্থবান লোকসকলক ব্যৱহৃত আৰু ব্যবহাৰ যোগ্য কাপোৰ দিয়াৰ লগতে বস্ত্ৰহীন কোনোবা দুখীয়া পৰিয়ালৰ সহায়ক হোৱাকৈ নতুন গৰম কাপোৰ,কম্বল ইত্যাদি বস্ত্ৰ ভঁৰাললৈ আগবঢ়াবলৈ অনুৰোধ জনায়। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author