APSC কেলেংকাৰীত জড়িত ১১ বিষয়াক নিলম্বন, অভিযুক্ত সকলো বিষয়াক নিলম্বনৰ যো-জা

1 min read

নিলম্বন হ’ব APSCৰ কেলেংকাৰীত জড়িত সকলো বিষয়া। ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াক শীঘ্ৰে কৰিব নিলম্বন। আজি ১১ গৰাকীক কৰা হৈছে নিলম্বন। বিষয়াসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। SITয়ে অভিযুক্ত বিষয়াসকলক নিলম্বন কৰাৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰস্তাৱ। নিকা তদন্তৰ খাতিৰতে নিলম্বন কৰাৰ পোষকতা SITৰ। যাৰ বাবে সকলো অভিযুক্তকে নিলম্বনৰ যো-জা চৰকাৰৰ।

এইপৰ্যন্ত মুঠ ১৫ গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। নিলম্বন কৰা হৈছে APS নন্দিনী কাকতি, APS ছাহজাহান সৰকাৰ, APS ফাৰুক আহমেদ, APS কল্যাণ কুমাৰ দাস, APS কুল প্ৰদীপ ভট্টাচাৰ্য, APS নীলাঞ্জল গগৈ, APS অনলজ্যোতি দাস, APS ঐশ্বৰ্য জীৱন বৰুৱা, APS নীতুমণি দাস, APS ৰুমীৰ তেৰণপী, APS দীপাংকৰ দত্ত লহকৰ, APS হীতেশ মজুমদাৰ, ACS ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ACS আকাশী দুৱৰা আৰু ACS ধীৰাজ কুমাৰ জৈন।

You May Also Like

More From Author