IPS আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি, তদন্ত কৰিব মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ

1 min read

IPS আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি। মণিপুৰলৈ বদলি কৰা হৈছে ৰণদীপ কুমাৰ বৰুৱাকো। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসমৰ দুগৰাকী আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা SITত যোগ দিব দুয়োগৰাকী বিষয়াই। দুই বিষয়াই তদন্ত কৰিব শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ।

উল্লেখযোগ্য যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছিল আইপিএছ আনন্দ মিশ্ৰ। আনহাতে, সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত APS ৰণদীপ কুমাৰ বৰুৱা।

IPS আনন্দ মিশ্ৰ আৰু APS ৰণদীপ কুমাৰ বৰুৱাক অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰিলিজ কৰি দিছে ৷ দুয়োজন SP পৰ্যায়ৰ বিষয়াই মণিপুৰৰ অশান্তজৰ্জৰ পৰিৱেশৰ বাবে গঠিত SITত যোগ দিব।

You May Also Like

More From Author