ভগৱান কাল ভৈৰৱ মহাদেৱৰে এক অপাৰ ৰূপ।ভগৱান কাল ভৈৰৱক কলিযুগৰ জাগ্ৰত দেৱতা বুলি মনা যায়। শিৱ পুৰাণত কাল ভৈৰৱৰ উৎপত্তিৰ কথা বৰ্ণনা কৰা হৈছে,শিৱ পুৰাণৰ ৮ নং খণ্ডত কাল ভৈৰৱৰ উৎপত্তিৰ কথা কোৱা হয়। ভগৱান শিৱৰ পৰম ৰূপ ভগৱান কাল ভৈৰৱে হয়।
এসময়ত ব্ৰহ্মা সুমেৰু পৰ্বতত বহি ধ্যানত মগ্ন হৈ আছিল। সেই সময়ত দেৱতাসকল ব্ৰহ্মাৰ ওচৰলৈ গল, আৰু সেৱা জনায় সুধিলে, এই সংসাৰত অৱিনাশী তত্ব কি হয় ? তেতিয়া ব্ৰহ্মাণ্ডৰ কলে এই সংসাৰত মোতকৈ ডাঙৰ আৰু কোনো নাই,মোৰ দ্বাৰাই এই সংসাৰ উৎপত্তি হল,মইয়েই চয়ম্ভু, ঈশ্বৰ, অনাদি, অধিবক্তা, নিৰ্জন, আত্মা হয়। মোৰ বাবে সংসাৰত প্ৰবৃত্তি নিবৃত্তি হয়।
ব্ৰহ্মাৰ কথা শুনি তাতে থকা ভগৱান শ্রী হৰিৰ দুখ লাগিল। আৰু ব্ৰহ্মাক কলে তুমি এনেদৰে নিজৰ গুণ নাগাবা। মোৰ আজ্ঞাৰ বাবে তুমি এই সংসাৰৰ সৃষ্টি কৰিছিলা,তেতিয়া ব্ৰহ্মা আৰু শ্রী হৰিৰ মাজতে এই কথাতে বিবাদ হল। তেতিয়া তেওঁলোকৰ কাৰ কথা শুদ্ধ বুলিবলৈ চাৰিখন বেদক মাতিলে আৰু চাৰিখন বেদ সেই স্থানত উপস্থিত হল।
প্ৰথম ৰিক বেদে কলে,যাৰ ভিতৰত সমস্ত আছে, যাৰ দ্বাৰা সকলো
প্ৰভাৱিত হয়, যাক এই সংসাৰত পোৰাতত্ব কোৱা হয়, তেওঁ হৈছে ভগৱান শিৱ।
যুগবেদে কলে,ভগৱান শিৱক সম্পূর্ণ যুগ্য তথা স্মৰণ কৰা হয়।
সামবেদে কলে,যিয়ে সমস্ত সংসাৰৰ লোকক ভ্ৰম কৰায়
যাক বিচাৰি সমস্ত মুনি সকল লাগিথাকে, যাৰ কৈলাণ্যত সকলো বহ্মাণ্ড প্ৰকাশিত হয়, তেওঁ মহাদেৱে হয়।
অৰ্থৱবেদে কলে,সকলোৰে লগত চিনাকি কৰায় দিয়াজন, সমস্ত দুখক নাশ কৰাজন একমাত্র দেৱ ভগৱান শিৱই হয়।
তেতিয়া ব্ৰহ্মা আৰু শ্রী বিষ্ণুৱে অবিশ্বাস কৰি হাঁহিলে। আৰু কলে, হে চাৰিও বেদ তোমালোকৰ কথা ৰপৰা কেৱল তোমালোকৰ অজ্ঞানতাই দেখা দিলে।
দুয়োজনৰ কথা শুনি সকলোতে কেৱল সচাঁ আৰু মিছাতে বিদ্যামান থকা, ঔঁমকাৰে তেওঁলোকক বুজাই সেই কথাকে কলে। যি কথা প্ৰথমতে বেদে কৈছিল, ঔঁমকাৰৰ কথা শুনি ব্ৰহ্মা বিষ্ণুৰ বিবাদ শান্ত হোৱা নাছিল। তেতিয়া তেওঁলোকৰ মাজত এক বিশাল জ্যোতি প্ৰকট হল।সেই বিশাল জ্যোতিৰ কোনো আৰম্ভ নাছিল আৰু কোনো অন্ত নাছিল। সেই বিশাল জ্যোতিৰ বাবে ব্ৰহ্মাৰ পাঁচখন মুখ জ্বলিবলৈ আৰম্ভ কৰিলে। সেই জ্যোতিৰ দ্বাৰা মহাদেৱ প্ৰকট হল।
ব্ৰহ্মাই কলে হে পুত্র তুমি মোৰ শ্ৰী চৰণত আহা মই তোমাৰ ৰক্ষা কৰিম।ব্ৰহ্মাৰ এই কথা শুনি মহাদেৱৰ খং উঠিল। মহাদেৱৰ সেই খংৰ পৰাই আন এক পুৰুষৰ উৎপন্ন হল। যাৰ নাম আছিল ভৈৰৱ। মহাদেৱে সেই পুৰুষজনক আদেশ দি কলে, হে কালপুৰুষ তুমি কালৰসমান হৈ আজিৰেপৰা জগতত কাল ভৈৰৱ নামেৰে বিখ্যাত হবা।তুমি ব্ৰহ্মাৰ গৰ্ব নষ্ট কৰা তথা এই সংসাৰৰ পালন কৰা। আজিৰেপৰা মই তোমাক কাশীপুৰী অধিপতি প্ৰদান কৰিলো।তাত থকা পাপিক শাস্তি দিয়া তোমাৰ কাম হব। তাৰ মনুষ্যৰ ভাল বেয়া কৰ্মৰ লেখা চিত্ৰগুপ্ত নিজে ৰাখিব। ভগৱান শিৱৰ এই আদেশ কাল ভৈৰৱে আনন্দ মনেৰে গ্ৰহণ কৰিলে। আৰু তেওঁ তক্ষনাৎ তেওঁ নিজৰ বাঁও আঙুলিৰে ব্ৰহ্মাৰ পঞ্চম মুখ খন কাটি পেলালে। তেতিয়া ব্ৰহ্মাই ভয়তে শত ৰুদ্ৰায়ে পাঠ কৰিলে। মহাদেৱৰ কৃপাত ব্ৰহ্মা আৰু বিষ্ণুৰ বিবাদৰ অন্ত পৰিল। ব্ৰহ্মাই মহাদেৱক অপমান কৰাৰ ভূল স্বীকাৰ কৰিলে। তেতিয়া মহাদেৱে ক্ষমাও কৰি দিলে।। তেতিয়া মহাদেৱে কাল ভৈৰৱক আদেশ দিলে, তেওঁ সদায় যেন ব্ৰহ্মা আৰু বিষ্ণুক আদৰ কৰিব আৰু পাপিক শাস্তি দিব।
মহাদেৱৰ আদেশত কাল ভৈৰৱ শান্ত হৈ কপালিক ৰূপ ধাৰণ কৰিলে আৰু নিজৰ হাতত কপাল লৈ কাশী নগৰৰ ফালে গমন কৰিলে।কিন্তু ব্ৰহ্মা সত্য নামৰ কন্যাই তেওঁৰ পিছে পিছে গল।আদি কাল ভৈৰৱে কপালিক ৰূপ ধাৰণ কৰি ভগৱান নাৰায়ণৰ ওচৰলৈ গল।তেতিয়া মহাদেৱৰ কাল ভৈৰৱ ৰূপক যোৱা দেখি সকলো দেৱতা, মুনিয়ে, তেওঁক সেৱা জনায় প্ৰণাম কৰিলে। ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মীক কাল ভৈৰৱৰ মহিমাৰ কথা কলে। আৰু তেওঁ মহাদেৱৰে অৱতাৰ হয়। কিন্তু কাল ভৈৰৱক ভিক্ষা বিচৰা দেখি শ্ৰী হৰিয়ে সুধিলে,কাল ভৈৰৱে কলে হে নাৰায়ণ মই ব্ৰহ্মাৰ পঞ্চমখন মুখ কাটিলো। সেইবাবে সেই পাপৰ খণ্ডন কৰিবলৈ মই এই কৰ্ম কৰিছো। তেতিয়া দেৱী লক্ষ্মীয়ে ভিক্ষা ৰূপত মনোৰ্থি নামৰ বিদ্যা কাল ভৈৰৱৰ ভিক্ষা পাত্রত দিলে।ভিক্ষা পাই কাল ভৈৰৱ সৈই ঠাইপৰা অন্য ঠাইলৈ গল। তেতিয়া শ্ৰী হৰিয়ে কাল ভৈৰৱৰ পাচত যোৱ ব্ৰহ্মা সত্য কন্যাক দেখিলে। আৰু কাল ভৈৰৱৰ পিচ এৰিবলৈ কলে, তেতিয়া ব্ৰহ্মা সত্য কন্যাই কলে মই এই সুবিধাৰে মহাদেৱৰ সেৱা কৰো। ব্ৰহ্মা সত্যই ভৈৰৱৰ পিচে পিচে কাশী পালেগৈ। তাত পায়ে ব্ৰহ্মা সত্য পাতালত লীন হৈ গল। ব্ৰহ্মাৰ কটা মূৰ ভৈৰৱৰ হাতৰপৰা এৰ খায় পৃথিৱীত পৰিল। যি ঠাইত মূৰ পৰিছিল সেই ঠাই কপাল মোচন তীৰ্থ নামেৰে প্ৰসিদ্ধ হল। যেতিয়ালৈকে কাল ভৈৰৱ পৃথিৱী ভ্ৰমণ কৰি কাশী পাইছিলগৈ তেতিয়া লৈকে তেওঁৰ হাতত আছিল ব্ৰহ্মাৰ কটা মূৰ।আৰু কাশী পোৱা পাচতে সেই মূৰ এৰ খাইছিল।সেইবাবে কাশী নগৰক পাপ নাশী বোলা হয়।
ঔঁ নমঃ শিৱাই