জীৱনৰ কষ্টোপাৰ্জিত ৫১ লাখ টকা নিজ ৰাজ্যৰ উন্নয়নৰ বাবে দান দি চৰ্চা লৈ আহিছে হিমাচল প্রদেশৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু। প্রাকৃতিক দুৰ্য্যোগে তচনচ কৰা হিমাচল প্ৰদেশৰ লোকসকলক পুনৰ সংস্থাপনৰ বাবে উদাহৰণ দেখুৱাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে। মুখ্যমন্ত্রী গৰাকীয়ে তিনিটা ব্যক্তিগত একাউণ্টৰ পৰা ৫১ লাখ টকা আগবঢ়াইছে ৰাজ্যখনৰ দুৰ্গত সকলৰ
Year: 2023
সেনা আৰু আৰক্ষীৰ দুই সহস্ৰাধিক বিষয়া-জোৱানে কেইবাদিনো ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান। এক বিস্তীৰ্ণ এলেকা ঘেৰাও কৰি ৰাখিছে নিৰাপত্তা বাহিনীয়ে। এই অভিযানত ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰ, স্নিফাৰ ডগ আৰু ড্ৰোণ। উগ্ৰপন্থীবিৰোধী এই অভিযানত ইতিমধ্যে সেনা আৰু আৰক্ষীৰ তিনিজনকৈ বিষয়া শ্বহীদ হৈছে। বৰ্তমানলৈকে উদ্ধাৰ হৈছে তিনিটাকৈ সন্ত্ৰাসবাদীৰ মৃতদেহ।
কেৰালাৰ কোঝিকোডত নিপা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। এই ভাইৰাছত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ১০০৮ গৰাকী লোকক চিনাক্ত কৰা হৈছে। ইয়াৰে ৩২৭গৰাকী স্বাস্থকৰ্মীও অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণত ৬গৰাকী ধৰা পৰিছে। ইয়াৰ ভিতৰৰ ২জনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে ভাৰতত থকা সকলো
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীয়ে জীৱনৰ ৭৩টা বসন্ত অতিক্ৰম কৰি আজি ৭৪ত ভৰি দিলে। ১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আজিৰ এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে লগতে দুসপ্তাহ ধৰি পালন কৰা হ’ব ‘সেৱা পষেক।’ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে বিভিন্ন জনাইছে শুভেচ্ছা। ইফালে বিজেপি দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা
আজি ৰাজ্যজুৰি “অমৃতবৃক্ষ” আন্দোলনৰ সামৰণি অনুষ্ঠান। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণিস্বৰূপে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই কাৰ্যসূচীৰ বাবে ইতিমধ্যেই সাজু কৰি তোলা হৈছে যাৱতীয় প্ৰচেষ্টা। এই উপলক্ষে দেওবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আয়োজন