দুৰ্নীতি নিবাৰক শাখাৰ জালত সাপটগ্ৰামৰ ৰেঞ্জাৰ। ডাম্পৰ মালিকৰ পৰা ২৫ হাজাৰ টকা লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ধুবুৰী জিলাৰ সাপটগ্ৰামৰ ৰেঞ্জাৰ বাবলু দে।
Year: 2023
গাই নৈ আৰু বেওৰা নৈৰ বানৰ কবলত বিধ্বস্ত হৈছে আমগুৰি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও। গাইনৈয়ে গতি সলাই আমগুৰি পঞ্চায়তৰ মাজেৰে গতি কৰাত গাইনৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ গড়মৰা, ৰহঢলা, গড়মৰা চাপৰি, গড়মৰা বাগিছা, বৰমুকলি কুলি, বৰমুকলি দেউৰী, ধূনাগুৰি বৰগঞা দেউৰী, আমগুৰি কলিতা, আমগুৰি কৈৱৰ্ত, আমগুৰি পাইত, আমগুৰি আহোম গাওঁ আদিকে কৰি
চন্দ্ৰযান ৩ৰ সৈতে জড়িত আন এগৰাকী অসমীয়া সু-সন্তান । দেহত ৫ মহীয়া সন্তান লৈ চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে কাম কৰি আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা । আজি নিধি শৰ্মাক লৈ অসমবাসীয়ে গৌৰৱ কৰিছে । চন্দ্ৰযান-৩ ত কৰ্মৰত অসমৰ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা শৰীৰত পাঁচমহীয়া সন্তানলৈ চন্দ্ৰযান-৩ ৰ সাফল্যৰ বাবে কৰ্মৰত
পেটত অতিৰিক্ত মেদ জমা হ’লে লিভাৰৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ মানুহৰ সাধাৰণ ধাৰণা যে সুৰাপান কৰাৰ ফলতে লিভাৰৰ অসুখ বা ক্ষতি হয়৷
যিকোনো ধৰণৰ শাক-পাচলিতেই থাকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান৷ সেউজীয়া শাক-পাচলি যেনে লাই শাক, পালেং, জিলমিল, ঢেকীয়া আদিত বিভিন্ন ঔষধি গুণো আছে৷ যাৰ বাবে নিয়মীয়াকৈ সেউজীয়া শাক-পাচলি খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ সেউজীয়া শাক-পাচলি খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ সেউজীয়া ৰঙৰ শাক-পাচলিৰ ওপৰি ৰঙা শাক-পাচলিতো প্ৰচুৰ পৰিমাণে