নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল ট্ৰাক

1 min read

কাৰ্বি আংলং জিলাৰ লাংহিনৰ স্বৰগাঁঠি দলঙত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে AS-02-E-5822 নম্বৰযুক্ত এখন ১২ চকীয়া ট্ৰাকে ফুলনি দিশৰ পৰা ডবকা অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই স্বৰগাঁঠি দলঙত খুন্দা মাৰে আৰু দলঙৰ তলত বাগৰি পৰে।

আনহাতে উক্ত দুৰ্ঘটনাৰ খবৰ লাভ কৰাত ডকমকা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাক চলকজনক ততাতৈয়াকৈ ডকমকা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে বাতৰি লিখা পৰলৈকে আহত চালকজনৰ নাম আৰু ঠিকনা সন্দৰ্ভত জানিব পৰা হোৱা নাই।

You May Also Like

More From Author