আপোনাৰ সন্তানেও আপোনাক মিছা কথা কয় নেকি ?

1 min read

সকলো অভিভাৱকেই তেওঁলোকৰ সন্তান বন্ধুৰ দৰে হোৱাটো বিচাৰে।যাতে সন্তানে সকলো কথায়েই তেওঁলোকৰ সৈতে মুকলিকৈ পাতিব পাৰে, যিকোনো সমস্যা হ’লে যাতে সন্তানে তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বহুসময়ত সন্তানসকলে তেওঁলোকৰ কথাবোৰ পিতৃ-মাতৃৰ আগত ক’বলৈ সংকোচ কৰে।যদি আপোনাৰ সন্তানেও মিছা কোৱা বা কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে, তেনেহ’লে আপুনি অলপ সতৰ্ক হোৱা উচিত।কিয়নো তেওঁলোক বাহিৰৰ জগত তথা পৰিস্থিতিৰ বিষয়ে ভালকৈ জ্ঞাত নহয়।সেয়েহে তেওঁলোক যিকোনো বিপদত পৰাৰ শংকা অধিক।যেতিয়া শিশুৱে পিতৃ-মাতৃৰ পৰা কথাবোৰ লুকুৱাই ৰাখে, তেওঁলোকৰ আচৰণত পৰিৱৰ্তন হয়।যিসমূহ পিতৃ-মাতৃয়ে চিনাক্ত কৰা উচিত।আজি শিশুটোৰ এনে কিছুমান আচৰণৰ বিষয়ে জানো আহক, যিসমূহৰ পৰা আপুনি তেওঁলোকে সঁচা কৈছে নে মিছা অথবা কিবা লুকুৱাইছে নেকি জানিব পাৰে।

*যেতিয়া আপোনাৰ সন্তানে আপোনাৰ পৰা কিবা লুকুৱাই ৰাখে, তেতিয়া তেওঁলোকে আপোনাৰ সৈতে চকুৰ সম্পৰ্ক এৰাই চলিব। মিছা কওঁতে বা কথা লুকুৱাওতে শিশুটোৱে হয় তললৈ চাব নহ’লে আন ক’ৰবালৈ চাই কথা পাতিব।তেতিয়া আপুনি তেওঁলোকে যে মিছা মাতিছে তাক ধৰিব পাৰিব।

*শিশুৱে মাক দেউতাকৰ পৰা কিবা লুকুৱাবলৈ বিচাৰিলে কিছুমান আচৰিত আচৰণ কৰে। তেওঁলোক খুব সৰু সৰু কথাতে বিৰক্ত হয়।নিজকে ভাগৰুৱা দেখুৱাই বা টোপনি অহাৰ ভাও জোৰে।আপুনি শিশুৰ এনে অদ্ভুত আচৰণ দেখিলে বুজি পাব লাগিব যে তেওঁলোকে আপোনাৰ আগত মিছা কথা কৈ কৈছে।

*শিশুটোৱে মাক দেউতাকৰ পৰা কিবা কথা লুকুৱাই ৰাখিলে তেওঁলোকৰ বেছিকৈ ঘাম ওলায়।তেওঁলোকৰ কৰ্মৰ বাবে পিতৃ-মাতৃৰ গালি শুনিব বুলি অনবৰতে ভয় খাই থাকে।এই ভয়ৰ বাবে তেওঁলোকৰ অধিক ঘাম ওলায়।

You May Also Like

More From Author