দিনটোৰ ১০ ঘণ্টায়েই ম’বাইলত ব্যস্ত থাকে শিশু, গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

1 min read

আজিকালি ম’বাইল অবিহনে জীয়াই থকাটো আমাৰ বাবে যেন সপোনৰো অগোচৰ। জ্যেষ্ঠসকলৰ সমান্তৰালকৈ শিশুসকলো ম’বাইলৰ আসক্ত।খাওঁতে-শোওঁতে, উঠোতে-বহুতে সকলো সময়তে আজিকালি আভিভাৱকসকলে সন্তানক ম’বাইলটো হাতত তুলি দিবলগীয়া হয়। কিন্তু শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।হয়, এই গৱেষণাত প্ৰমাণ হৈছে যে ১২ বছৰৰ তলৰ ৪২ শতাংশ শিশুৱে দিনে গড়ে দুইৰ পৰা চাৰি ঘণ্টা তেওঁলোকৰ স্মাৰ্টফোন বা টেবলেটত ব্যস্ত থাকে।

আনহাতে, এই বয়সৰ উৰ্ধৰ ৪৭ শতাংশ ব্যক্তিয়েই প্ৰতিদিনে ম’বাইল ফোনৰ স্ক্ৰীণত ৪৭ শতাংশ সময় অতিবাহিত কৰে। একে সময়তে, ইউটিউবৰ পৃথিৱীত ৭৪ শতাংশ শিশু হেৰাই যায়। ১২ বছৰ বা তাতকৈ অধিক বয়সৰ ৬১ শতাংশ শিশু গেমিঙৰ প্ৰতি আকৰ্ষিত।

সন্তানে পৰ্দাত অতিবাহিত কৰা সময় নিয়ন্ত্ৰণ কৰা তথা তেওঁলোকক কেতবোৰ অদৰকাৰী সমল চোৱাত বাধা দিয়াটো অভিভাৱকসকলৰ বাবে এতিয়া প্ৰত্যাহ্বানতকৈ কোনোগুণে কম নহয়।১৫০০ জন অভিভাৱকৰ মাজত ৱাই-ফাই ট্ৰেফিক ট্ৰেকাৰ হেপ্পিনেটজে চলোৱা এক জৰীপত দেখা গৈছে যে, ১২ বছৰ বা তাতকৈ অধিক বয়সৰ ৬৯ শতাংশ শিশুৰ নিজা টেবলেট বা স্মাৰ্টফোন আছে।যাৰ ফলত তেওঁলোকে কোনো বাধা অবিহনে ইণ্টাৰনেটত যিকোনো বস্তু উপভোগ কৰিব পাৰে।

এই জৰীপৰ প্ৰতিবেদনত কোৱা হৈছে, ‘পৰ্দা-আধাৰিত মনোৰঞ্জনে শিশুৰ পৰ্দাৰ সময় বৃদ্ধি কৰে, যাৰ ফলত ১২ বছৰৰ তলৰ ৪২ শতাংশ শিশুৱে দিনে গড়ে দুইৰ পৰা চাৰি ঘণ্টা পৰ্দাত সময় পাৰ কৰে আৰু ৪৭ শতাংশই প্ৰতিদিনে ১২ বছৰতকৈ অধিক সময় অতিবাহিত কৰে।’ হেপ্পিনেটজৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰিচা সিঙে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰকাশ কৰা মতে, যি সময়ত শিক্ষাৰ পৰা মনোৰঞ্জনলৈকে সকলোবোৰ ডিজিটেল হৈ আছে, স্মাৰ্ট ডিভাইচবোৰ আজি শিশুসকলৰ বাবে সহায়ক হৈ পৰিছে।

এইধৰণে হৈছে শিশুৰ ভয়ানক ক্ষতি-

-‘পৰ্দাৰ আসক্তি’ৰ বাবে শিশুৰ ভোকৰ প্ৰৱণতা হ্ৰাস পাইছে। যেতিয়া তেওঁলোকে ম’বাইলত মনোনিবেশ কৰে, তেওঁলোকৰ ভোকৰ আকাংক্ষা উদ্ভৱ নহয়।

– দীঘলীয়া সময়ৰ বাবে ফোনটো ব্যৱহাৰ কৰিলে টোপনি ব্যাহত হয়।যি মস্তিষ্কৰ বিকাশকো প্ৰভাৱিত কৰে। অপৰ্যাপ্ত টোপনিয়ে টোপনিৰ বিকাৰৰ আশংকা বৃদ্ধি কৰে।

-অত্যাধিক ম’বাইল ব্যৱহাৰৰ বাবে শিশুৰ ক্ষেত্ৰত কথা কোৱা ক্ষমতাৰ বিকাশ সম্ভৱ নহয়।

-ম’বাইল আৰু আন সকলো ইলেক্ট্ৰনিক সঁজুলিয়ে এটা নীলা পোহৰ নিৰ্গত কৰে যি কেৱল চকুতে নহয়, ছাল আৰু হৰমনৰ বিকাশকো প্ৰভাৱিত কৰে।

-ম’বাইলৰ আসক্তিৰ বাবে শিশুৱে আন কোনো কামত মনোযোগ নিদিয়ে। একে সময়তে, সামাজিক আৰু ব্যৱহাৰিকভাৱে তেওঁ আনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম নহয়।

এই ক্ষেত্ৰত অভিভাৱকৰ কৰণীয়

– ম’বাইলৰ আসক্তি দূৰ কৰিবলৈ শিশুসকলক ঘৰৰ বাহিৰৰ কাৰ্যকলাপ কৰিবলৈ উদগনি যোগাব লাগে।সন্তানক এনে কৰিবলৈ যাওঁতে অভিভাৱকসকলে প্ৰথমে নিজকে সলনি কৰিব লাগিব।হয়, সন্তানৰ সন্মুখত আপুনি ভুলতো ম’বাইলত ব্যস্ত নাথাকিব।

-ব্যক্তিত্ব বিকাশৰ চিকিৎসা, স্পিচ থেৰাপী আৰু বিশেষ শিক্ষাই শিশুসকলক কিছু পৰিমাণে ম’বাইল আসক্তিৰ পৰা দূৰত ৰাখিব পাৰে।

-শিশুটোৰ সৈতে যথেষ্ট সময় কটাব। কাৰণ বহুসময়ত তেওঁলোকে অকলে থাকিলেও ম’বাইল চাবলৈ মন কৰে।

-শিশুসকলক লিফ্ট, ৰে’ল, বাছ বা গাড়ীত ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ নিদিব। কিয়নো এনে কৰিলে বিকিৰণৰ তীব্ৰতা বৃদ্ধি হ’ব পাৰে।

– মনত ৰাখিব লাগে যে শিশুক শুৱাবলৈ নিওঁতে যাতে অভিভাৱকৰ মাজৰ এজনেও ম’বাইল ব্যৱহাৰ নকৰে।

You May Also Like

More From Author