এইকেইটা ৰাশিৰ লোকসকল আজি সাৱধান থাকক! ৬ জানুৱাৰীৰ ৰাশিফল

1 min read

মেষ ৰাশি : শ্ৰীগণেশে কৈছে, ঘৰুৱা আরু পেছাগত কাম একেলগে কৰিবলগীয়া হোৱাৰ ফলত সমস্যাত পৰিব। কিন্তু কাৰোবাৰ সহায় লৈ সেই সমস্যা দূৰ কৰিব পাৰিব। নিজৰ ফালৰ পৰা কোনো অভাৱ থাকিলে সন্মান হানি হ’ব পাৰে। মুনাভা বা ক্ষতিৰ কথা নাভাৱি একাধিক কাম কৰিবলৈ সক্ষম হ’ব। আৰ্থিক পৰিস্থিতি স্বাভাৱিক থাকিব। কিন্তু প্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ নাথাকিলে সমস্যা বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ একঘেয়ামীৰ ফলত সমস্যা হ’ব পাৰে। কিন্তু সফলতাৰ সম্ভাৱনা ইয়াৰ আঁৰত লুকাই থাকিব পাৰে। মহিলাসকলে ঘৰৰ কামত ব্যস্ত থাকিব। দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা হ’ব পাৰে। আৰ্থিক লাভৰ লগতে মানসিক শান্তিও অর্জন কৰিব। শুভ ৰং : পাৰ্পল, শুভ সংখ্যা : ১০।

বৃষ ৰাশি : শ্ৰীগণেশে কৈছে, দিনৰ আৰম্ভণিতে একাধিক পৰিকল্পনা কৰিব। কিন্তু আলস্য আৰু গাফলিতৰি বাবে সেয়া বিলম্ব হ’ব। তথাপি দিনটোত নিজৰ কামৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰিব। কামৰ স্থানত জুনিয়ৰসকলক সহায় কৰক। তেতিয়া তেওঁলোকৰ পৰাও একেই ব্যৱহাৰ পাব। আকস্মিকভাৱে টকা হাতলৈ আহিব। অৰ্থ সংক্ৰান্তীয় কোনো কাম এই সময়ত বন্ধ নহয়। মহিলাসকল খুবেই আনন্দিত হ’ব। ইচ্ছা পূৰণ হোৱা সত্ত্বেও তেওঁলোকে আনৰ কামৰ খুট উলিয়াব। ঘৰত শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। স্বাস্থ্যও স্বাভাৱিক থাকিব। শুভ ৰং : বগা, শুভ সংখ্যা : ১।

মিথুন ৰাশি : শ্ৰীগণেশে কৈছে, দিনৰ প্ৰথম ভাগত প্ৰাৰ্থনা কৰি বা নীৰৱ হৈ কটালে অপ্ৰয়োজনীয় বিতৰ্ক এৰাই চলিব পাৰিব। কামৰ স্থানত আপোনাক গল্লৈপ-গুজব সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। যিকোনো প্ৰকাৰে অনৈতিক কাম এৰাই চলিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ অযৌক্তিক বিবৃতিৰ বাবে মেজাজ নষ্ট হ’ব পাৰে। কিন্তু বুদ্ধিমত্তাসহ আচৰণ কৰিলে পৰিস্থিতি আপোনাৰ পক্ষলৈ আহিব। আৰ্থিক মুনাফা প্ৰত্যাশা অনুসৰি নহ’বও পাৰে। কিন্তু খৰচ চম্ভালিব পাৰিব। বুদ্ধিমত্তাৰ সৈতে চাকৰিজীৱীসকলে জটিল কাম শেষ কৰাৰ বাবে সন্মানিত হ’ব পাৰে। পাৰিবাৰিক কন্দল থাকিব পাৰে আৰু মহিলাসকলে দুখ পাব পাৰে। শুভ ৰং : সোণালী, শুভ সংখ্যা : ১১।

কৰ্কট ৰাশি : শ্ৰীগণেশে কৈছে, দিনটোৰ আৰম্ভণিতে টকা উপাৰ্জনৰ পৰিকল্পনা কৰিব লাগিবষ। কম সমৰ্থনৰ বাবে ই ফলপ্ৰসূ হ’বলৈ অধিক সময় লাগিব। কিন্তু টকা উপাৰ্জনৰ একাধিক সুযোগ পাব। সেইবোৰ সুবিধা ল’ব লাগিব। আকস্মিকভাৱে আৰ্থিক লাভ হ’ব পাৰে। আগৰ তুলনাত কাম আৰু ব্যৱসায় ভাল চলিব। ঋণদানৰ অভ্যাস কমি যাব। শ্বেয়াৰ আৰু অন্যান্য ৰিস্ক থকা মাধ্যমত বিনিয়োগ কৰিলে সেয়া ভৱিষ্যতৰ বাবে লাভজনক হ’ব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ’ব। ঘনিষ্ঠ আত্মীয় আৰু প্ৰতিবেশীৰ সৈতে সম্পৰ্ক গভীৰ হ’ব। ভাতৃ-ভগ্নীসকলৰ সৈতে মতভেদৰ ফলত যোগাযোগ কমিব পাৰে। শুভ ৰং : ধূসৰ, শুভ সংখ্যা : ৮।

সিংহ ৰাশি : শ্ৰীগণেশে কৈছে, নিজৰ কামক লৈ সন্তুষ্ট হ’ব। আনহাতে, মহিলাসকলে জীৱনত কোনো বস্তুৰ অভাৱ বোধ কৰিব পাৰে। দৈনিক ৰুটিন ঠিক কৰি সজাই ল’লে মুনাফাৰ সুযোগ পাব পাৰে। কামৰ স্থানত চুক্তি হ’ব পাৰে। কিন্তু গাফিলতিৰ ফলত সেইবোৰৰ পৰা সঠিক সুবিধা নাপাব পাৰে। দিনৰ মাজভাগত কোনো ভুলৰ বাবে সমালোচনাৰ সন্মুখীন হ’ব পাৰে। যিয়ে যি নকওক, আপুনি সহজতে অসন্তুষ্ট নহ’ব। পৰিয়ালৰ সদস্য বিশেষকৈ গুৰুজনৰ আপোনাৰ উদাসীন প্ৰকৃতিৰ বাবে উদ্বিগ্ন হ’ব। দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা হ’ব পাৰে। কিন্তু সেয়া এতিয়া কৰিলে আৰ্থিক আৰু শাৰীৰিকভাৱে আঘাত পাব পাৰে। শুভ ৰং : মেৰুন, শুভ সংখ্যা : ৩।

কন্যা ৰাশি : শ্ৰীগণেশে কৈছে, আত্মবিশ্বাস বৃদ্ধি পাব। যি কাম কৰাৰ সিদ্ধা্ন্ত লয়, সেয়া শীঘ্ৰে বা পিছত হ’লেও সম্পন্ন কৰিব লাগিব। আৰ্থিক পৰিস্থিতি এই সময়ত ভাল হ’ব। সিদ্ধান্ত শীঘ্ৰেই ল’ব লাগিব আৰু ৰিস্ক লোৱাৰ পৰা পিছুৱালে নহ’ব। আৰ্থিক লাভ আশানুৰূপ নহ’বও পাৰে, কিন্তু সেয়া প্ৰয়োজনতকৈ বেছি হ’ব। ব্যৱসায়ত উন্নতিৰ কাৰণে ঈৰ্ষান্বিত ব্যক্তিসকলৰ হিংসা আৰু বাঢ়িব পাৰে। তথাপি কোনোৱে ক্ষতি কৰিব নোৱাৰে। মহিলাসকলে আনৰ আগত নিজৰ বা পৰিয়ালৰৰ প্ৰশংসা কৰিব পাৰে। যাৰ ফলত জনচক্ষুত হাহিয়াতৰ পাত্ৰী হৈ উঠিব পাৰে। সুস্থ হৈ থাকিব। শুভ ৰং : ক’লা, শুভ সংখ্যা : ৯।

তুলা ৰাশি : শ্ৰীগণেশে কৈছে, দিনৰ প্ৰথম ভাগত সতৰ্ক হ’ব লাগিব। কাম সম্পন্ন কৰাক লৈ বিভ্ৰান্তিৰ কাৰণে নেতিবাচক আবেগে মনৰ ওপৰত প্ৰভাৱ পেলাব। মহিলাসকলে ডাঙৰ সন্মুখীন হ’ব পাৰে। দিনৰ মাজভাগৰ পিছৰ পৰা পৰিস্থিতি অনুকূল হ’ব। অস্থিৰ মনৰ বাবে মুনাফাৰ পৰা দূৰত থাকিব পাৰে। মনত দ্বিধাৰ বাবে ব্যৱসায়ীসকলে সঠিক সিদ্ধান্ত ল’বলৈ সক্ষম নহ’ব। খৰখেদা কৰি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। কাৰণ সেয়া পূৰণ নহ’লে আপুনি অপমানিত হ’ব পাৰে। বিনোদনত মন থাকিব। নিজৰ সুন্দৰ আচৰণৰ বাবে চাৰিওফালৰ পৰিৱেশ পাতল হ’ব। অপ্ৰয়োজনত খৰচ নকৰিব। স্বাস্থ্যৰ উন্নতি হ’ব পাৰে। শুভ ৰং : গোলাপী, শুভ সংখ্যা : ৬।

বৃশ্চিক ৰাশি : শ্ৰীগণেশে কৈছে, দিনৰ প্ৰথম ভাগত সফলতা আৰু সন্মান দুয়োটাই আহিব। পূৰ্বৰে পৰা ঠিক কৰা কামত আৰ্থিক লাভ হ’ব। তাৰ লগতে নতুন কামতো বিনিয়োগ কৰিব। কিন্তু বিয়লিৰ দিশে কামৰ স্থানত আৰু ঘৰত বিবাদ হ’ব পাৰে। বিৰোধীসকল বলিষ্ঠ হ’লে অসহায় লাগিব নিজকে। পৰিয়ালত নিজৰ কোনো ভুল প্ৰকাশ পাব পাৰে। আন কাৰোবাৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত নহ’ব, পৰিণতি গম্ভীৰ হ’ব পাৰে। চৰকাৰী কামৰ জটিলতাত পৰিব পাৰে। কামত উত্তেজনা থাকিব। সেয়ে তাৰ পৰা দূৰত্ব বজাই ৰখা আৱশ্যক। স্বাভাৱিকৰ তুলনাত আৰ্থিক মুনাফা কম থাকিব। শুভ ৰং : মেজেণ্টা, শুভ সংখ্যা : ৫।

ধনু ৰাশি : শ্ৰীগণেশে কৈছে, দিনৰ আৰম্ভণিতে উদাসীন স্বভাৱৰ বাবে গুৰুত্বপূৰ্ণ কামত পলম হ’ব পাৰে। আনকি অন্য কাৰণতো কামত পলম হ’ব পাৰে। দিনৰ মাজভাগলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে। যাৰ ফলস্বৰূপে সন্ধিয়া সফলতা আহিব। ব্যৱসায়ত প্ৰতিযোগিতা কম থাকিব। আৰ্থিক কাৰণত কাৰোবাৰ মুখামুখি হ’ব লাগিব পাৰে। চৰকাৰী কাম সম্পন্ন কৰাৰ সময়ত কোনো অভাৱৰ বাবে ৰৈ যাব পাৰে। কিন্তু বাৰম্বাৰ চেষ্টা কৰিলে শীঘ্ৰেই সফলতা লাভ কৰিব পাৰে। মূৰ অথবা শৰীৰৰ বিষৰ বাবে মহিলাসকল সমস্যাত পৰিব পাৰে। কিন্তু সময়তে নিজৰ কাম শেষ কৰিব পাৰে। শুভ ৰং : নেভী ব্লু, শুভ সংখ্যা : ৪।

মকৰ ৰাশি : শ্ৰীগণেশে কৈছে, এই সময়ত নিজৰ মাজত অনন্য প্ৰতিভা দেখা পাব। সামাজিক ক্ষেত্ৰত নিজৰ দৃষ্টিভংগীৰ তীক্ষ্ণতা সকলোৰে বাবে আনন্দদায়ক হ’ব। বুদ্ধি আৰু দক্ষতাৰ জৰিয়তে নতুন সম্পৰ্ক গঠন কৰিব পাৰিব। ইয়াৰ পৰা শীঘ্ৰে আৰ্থিক আৰু অন্যান্য সুবিধা লাভ কৰিব পাৰিব। সমাজৰ সন্মানীয় ব্যক্তিসকলৰ সৈতে পৰিচিত হ’ব। আনকি বিৰোধীসকলেও আপোনাৰ প্ৰশংসা কৰিব। কাম আৰু ব্যৱসায় দিনৰ মাজভাগলৈ ধীৰ গতিত চলিব। কিন্তু তাৰ পিছত ব্যৱসায় আকস্মিকভাৱে উন্নতি হ’ব। চাকৰিজীৱী বা ব্যৱসায়ী মহিলাসকলে পুৰুষৰ তুলনাত বেছি মুনাফা লাভ কৰিব পাৰে। উপহাৰ আৰু আন সুবিধা প্ৰদান কৰি পৰিয়ালৰ সদস্যসকলক আনন্দ দিব পাৰিব। কিছু সময়ৰ বাবে স্বাস্থ্য দুৰ্বল থাকিব। শুভ ৰং : ৰূপালী, শুভ সংখ্যা : ৭।

কুম্ভ ৰাশি : শ্ৰীগণেশে কৈছে, দিনৰ আৰম্ভণিতে পৰিস্থিতি একেই থাকিব। স্বাস্থ্য ভাল নাথাকিলে কামৰ উদ্যম নাথাকিব। দিনৰ মাজভাগত পৰিস্থিতি স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিব। কিন্তু পেছাগত কাম পালেও স্বচ্ছতাৰ অভাৱত বিভ্ৰান্তি থাকিব। আৰ্থিক লাভৰ বাবে কাৰোবাক সহায় বা তোষামোদ কৰিব লাগিব। আৰ্থিক আৰু অন্যান্য সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মহিলাসকলে। বন্ধু অথবা আত্মীয়ৰ সৈতে দেখা হ’ পাৰে। দিনৰ বাকী সময়ৰ তুলনাত সন্ধিয়াটো শান্তিপূৰ্ণভাৱে পাৰ হ’ব। আৰ্থিক লেনদেন নকৰিব। শুভ ৰং : অলিভ, শুভ সংখ্যা : ১২।

মীন ৰাশি : শ্ৰীগণেশে কৈছে, দিনটোৰ প্ৰথমভাগৰ বাদে বাকী সময় উত্থান-পতনৰ মাজেৰে পাৰ হ’ব। দিনৰ আৰম্ভণি আনন্দৰ হ’ব। পাৰিবাৰিক পৰিৱেশ শান্তিময় হ’ব। কিন্তু দিনৰ মাজভাগৰ পিছত কাৰোবাৰ পৰা দুখৰ খবৰ পাব পাৰে। নিজৰ আৰু পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতিৰ বাবে অতিৰিক্ত দৌৰাদৌৰি হ’ব পাৰে। কাম অথবা ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ সক্ষম নহ’ব পাৰে। যাৰ ফলত মুনাফা সীমিত পৰিমাণত আহিব। কোনো কাৰণত মহিলাসকলে মানসিকভাৱে বিক্ষিপ্ত হৈ পৰিব পাৰে। সময়ে সময়ে চিন্তা-ভাৱনা সলনিৰ বাবে সিদ্ধান্ত ল’বলৈ সক্ষম নহ’বও পাৰে। আয়ৰ তুলনাত ব্যয় অধিক হ’ব। প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত হ’ব। শুভ ৰং : ৰঙা, শুভ সংখ্য়া : ২।

You May Also Like

More From Author