অথন্তৰে লগ এৰি নিদিয়া কংগ্ৰেছৰ এক যাত্ৰা। নাম ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। যাত্ৰা আৰম্ভ কৰিম বুলি ভবাৰে পৰা হৈ আছে এটাৰ পিছত আন এটা অথন্তৰ। কংগ্ৰেছৰ যাত্ৰাৰ প্ৰতিটো দিনতে হৈ আছে কেৱল অথন্তৰ।
কেতিয়াবা যদি যাত্ৰা কৰিবলৈ বিচৰা স্থানত অনুমতি নাপায়, কেতিয়াবা আকৌ যাত্ৰা কৰিবলৈ বিচাৰ স্থানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি নোলোৱাৰ অভিযোগ। ইয়াৰ মাজতে সংঘটিত হৈছে কেতবোৰ বিক্ষিপ্ত ঘটনাও।
কিন্তু সকলো সীমা চেৰাই মহানগৰীত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। খানাপাৰাত আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভঙাৰ চেষ্টা একাংশ কংগ্ৰেছ নেতা-কৰ্মীৰ। উত্তেজিত নেতা-কৰ্মীয়ে বেৰিকেড জঁপিয়াই পাৰ হোৱাৰো চেষ্টা।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও চেষ্টা কৰিলে বেৰিকেড পাৰ হোৱাৰ। আজি মেঘালয়ৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰিছিল কংগ্ৰগেছ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই। তেনে সময়তে খানাপাৰাত সৃষ্টি হ’ল উত্তেজনাময় পৰিস্থিতিৰ।
এনে উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। DGPক ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী।
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘ৰাহুল গান্ধীয়ে ৩,০০০ সমৰ্থক আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশৰ চেষ্টা কৰিছিল। ৰাহুল গান্ধীয়ে গুৱাহাটীত তেনেকৈ প্ৰৱেশ কৰাৰ ফলত গুৱাহাটীত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন। বিগত ৬ দিন ধৰি আমি তেওঁক গুৱাহাটীৰ মাজেৰে যাব মানা কৰি আছিলো। কিন্তু আজি তেওঁলোকে গুৱাহাটীত প্ৰৱেশৰ বাবে চেষ্টা কৰে, আৰক্ষীৰ সৈতে হতাহতিতো লিপ্ত হৈছিল। গোটেই ঘটনাটো ৰাহুল গান্ধীৰ উপস্থিতিতে সংঘটিত হৈছিল। ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰি আৰক্ষীৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছো। আৰু লোকসভা নিৰ্বাচনৰ পিছতে গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী।’’