গুৱাহাটীৰ এখন ৰেস্তোৰাত ইংৰাজী নাজানিলে আপোনাৰ No Entry!

1 min read

বন্ধু-বান্ধৱী বা আপোনজনৰ সৈতে আপুনি ৰোস্তোৰাত অৱসৰ-বিনোদনৰ বাবে যোৱা অভ্যাস আছে নেকি? যদি আপুনি ইংৰাজী ক’বলৈ নাজানে তেন্তে সেই অভ্যাস ত্যাগ কৰক! কাৰণ এতিয়া গুৱাহাটী এখন ৰেস্তোৰাত ইংৰাজী নাজানিলে আপোনাৰ No Entry!

যদিহে আপুনি ইংৰাজীত কথা ক’ব নাজানে, তেন্তে কেতিয়াও নাহিব মহানগৰীৰ যোৰ পুখুৰী সমীপৰ ‘SOYSTIX’ নামৰ ৰোস্তোৰাখনলৈ। এইলোকৰ বাবে গ্ৰাহক আশীৰ্বাদ নহয়, এই ৰোস্তোৰাখনলৈ আপুনি জানিব লাগিব ইংৰাজী ক’বলৈ। এটা ফেচবুক পোষ্টে সৃষ্টি কৰিছে চাঞ্চল্য। অসমতে থাকি অসমীয়াত কথা কোৱাত বাধা এই ৰোস্তোৰাখনত।

উত্তৰ-পূবৰ প্ৰতিষ্ঠিত তথা প্ৰথমগৰাকী জুৱেলাৰী ডিজাইনাৰ ৱাহিদা ৰহমানৰ এটা ফেচবুক পোষ্টক লৈ চাঞ্চল্য। অসমতে অসমীয়া ভাষাক চৰম অপমান কৰা ‘Soystix’ নামৰ ৰোস্তোৰাখনৰ। যিখন ৰেষ্টোৰাত দেওবাৰে এগৰাকী বান্ধৱীৰ সৈতে গৈছিল ডিজাইনাৰ ৱাহিদা ৰহমান। আৰু ৱাহিদা ৰহমানে ৰোস্তোৰাখনৰ কৰ্মচাৰীৰ সৈতে অসমীয়াতে কথা-বতৰা পাতিছিল। কিন্তু ৱাহিদা ৰহমানক অসমীয়াত কথা পাতিবলৈ মান কৰিছিল ৰোস্তোৰাখন কৰ্মচাৰীয়ে আৰু ৱাহিদা ৰহমানক অসমীয়াত কথা কোৱা বাধা আৰু অসমীয়াতে খাদ্যবস্তু অৰ্ডাৰ দিয়াত খাদ্য দিবলৈ মানা কৰিছিল ৰোস্তোৰাখন কৰ্মচাৰীয়ে।

ৰোস্তোৰাখনৰ কৰ্মচাৰী ইংৰাজীত অৰ্ডাৰ দিবলৈ আৰু ইংৰাজীত কথা ক’বলৈ দিয়াৰ অভিযোগ ৱাহিদা ৰহমানৰ। কিন্তু, অসমতে থাকি অসমীয়াত কথা কোৱাত অসুবিধা ক’ত? ৰোস্তোৰাখনৰ কৰ্মচাৰীয়ে নাজানে নেকি অসমীয়া? ৰোস্তোৰাখনৰ স্বত্বাধিকাৰী গৰাকীয়ে অসমীয়া ভাষাত কথা ক’বলৈ প্ৰকৃততে মানা কৰিছে নেকি কৰ্মচাৰীক?

You May Also Like

More From Author