দেৰগাঁৱৰ বালিজানত ভয়ংকৰ দুৰ্ঘটনা, ১২জন লোকৰ কৰুণ মৃত্যু

0 min read

পুৱাই দেৰগাঁৱৰ বালিজানত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বনভোজলৈ যোৱা এখন বাছৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত এতিয়ালৈ ১২জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও।

গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল ৪৫জনীয়া এটা দল। বগীবিলত বনভোজ খোৱাৰ কথা আছিল এই দলটোৱে। কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকল ওলাই আহি উদ্ধাৰ অভিযানত সহযোগ কৰে। পুৱা ৫ বজাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

You May Also Like

More From Author