আজিৰে পৰা আৰম্ভ হ’ল নতুন বছৰ ২০২৪। যিকোনো নতুনৰ আৰম্ভণিৰ ক্ষেত্ৰত বিশেষ কিছুমান ৰীতি-নীতি পালন কৰিলে সেই সূচনাক শুভ কৰি তোলা হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষী দীপক প্ৰসাদ পাণ্ডেই, এই দিনটোত দেৱাদিদেৱ মহাদেৱসৰ পূজা কৰি আৰম্ভ কৰিলে নতুন বছৰটো ভালদৰে পাৰ হ’ব। ইয়াৰ উপৰি এই দিনটোত ৰাশি অনুসৰি ধানু, বস্ত্ৰ, ফল, ফুল, খাদ্যশস্যৰ দৰে ফলপ্ৰদ সামগ্ৰী দান কৰিলে তাৰ ইতিবাচক প্ৰভাৱ পৰিব আমাৰ জীৱনত। জীৱন মংগলময় হৈ থাকিব, ৰোগ, সমস্যাৰ পৰা মুক্তি পাব। আপোনাৰ জীৱনত উদ্দীপনা আৰু আনন্দ ভৰি পৰিব, সুখেৰে ইতিবাচক শক্তিৰ সঞ্চাৰ হ’ব।
ৰাশি অনুযায়ী এই সামগ্ৰী দাম কৰক :
মেষ ৰাশি : মেশ ৰাশিৰ জাতক-জাতিকাসকলে বাতাচা দান কৰা খুবে ফলদায়ক। এই ৰাশিৰ জাতক-জাতিকাসকলে ১ কেজি ২৫ গ্ৰাম বাতাচা যিকোনো শিৱ মন্দিৰ বা যিকোনো গৰীৱক দান কৰা উচিত, ফল শুভ হ’ব।
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে ফল দান কৰা উপকাৰী হ’ব। কোনো নিচলা লোকক এক ডজন কল বা নিজৰ সামৰ্থ্য অনুসৰি দান কৰক। ইয়াৰ ফলত সুখ আৰু সমৃদ্ধি লাভ কৰিব।
মিথুন ৰাশি : এই ৰাশিৰ লোকসকলে বছৰৰ প্ৰথম দিনটোত গৰুক ঘাঁহ বা পালেং শাক খুৱাব পাৰে, ফলত জীৱন সুখী হ’ব আৰু ঘৰত সমৃদ্ধি আহিব।
কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই সাত মুঠি ময়দা সানি, সৰু সৰুকৈ কাটি নদী, হ্ৰদ, পুখুৰী বা জলাশয়ত মাছক খুৱাব লাগে। ইয়াৰ ফলত তেওঁলোকৰ জীৱন সুন্দৰ হ’ব।
সিংহ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আপেল, ডালিম আদিৰ দৰে ৰঙা ফল দান কৰা উচিত। আপোনাৰ সামৰ্থ্য অনুসৰি বা ১ কেজি ২৫ গ্ৰাম দান কৰিব পাৰে।
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাই এখন ১ মিটাৰ ২৫ ছেঃমিঃ সেউজীয়া ৰঙৰ কাপোৰ লৈ দেৱতাৰ মন্দিৰ বা পিপল গছৰ তলত নিবেদন কৰিব লাগে। কোনো দৰিদ্ৰ ব্যক্তিক বস্ত্ৰ দান কৰিলেও উন্নতি হ’ব আৰু ঘৰলৈ সমৃদ্ধি আহিব।
তুলা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে বগা দানা, যেনে চাউল, চিৰা, চাগু ডেৰ কেজি বা এক চতুৰ্থ মুঠি দান কৰা উচিত। ইয়াৰ ফল শুভ হ’ব।
ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই ১ কেজি ২৫ গ্ৰাম পৰিমাণৰ মিষ্টি দানা দান কৰা উচিত, ই আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব।়
বৃশ্চিক ৰাশি : এই ৰাশিৰ লোকসকলে বছৰৰ প্ৰথমটো দিনত হালধীয়া বস্ত্ৰ দান কৰা উচিত। ইয়াৰ ফলত গোটেই বছৰটো সুখকৰ হ’ব।
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলে যিকোনো মন্দিৰলৈ যোৱাৰ সময়ত এক পেকেট কৰ্পূৰ দান কৰক।
কুম্ভ ৰাশি : এই ৰাশিৰ লোকসকলে বছৰৰ প্ৰথমটো দিনত মন্দিৰ বা গৰীৱক গাখীৰ দান কৰিব পাৰে, ই সমগ্ৰ বছৰটোত আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব।
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলে যিকোনো হনুমান মন্দিৰলৈ গৈ মতিচুৰ লাড়ু দান কৰা উচিত।
মীন রাশি: মীন রাশির জাতক জাতিকাদের যে কোনো হনুমান মন্দিরে গিয়ে মতিচুর লাড্ডু দান করা উচিত।
Disclaimer: এই প্ৰতিবেদনত থকা সকলো তথ্য জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, Guwahati Timesএ ইয়াত দিয়া কোনো তথ্য নিশ্চিত কৰা নাই। এই বিষয়ে শুদ্ধ ফলাফল পাবলৈ জ্যোতিষীসকলৰ সৈতে যোগাযোগ কৰিব।