প্ৰেম, ঘনিষ্ঠতা, তাৰপিছত ফটো ভাইৰেলৰ ভাবুকি, সেইবাবেই নৃশংস হত্যাৰ বলি হ’ল নেকি ২৭ বছৰীয়া সুন্দৰী মডেল!

1 min read

এখন বিলাসী হোটেলত এগৰাকী মডেলক হত্যা! যোৱা ২ জানুৱাৰীত হোটেলৰ কোঠাতে ২৭ বছৰীয়া মডেল দিব্যা পাহোজাক হত্যা। কেৱল হত্যা কৰিয়েই ক্ষান্ত থকা নাছিল হত্যাকাৰী। হত্যাকাৰীয়ে দুই সহযোগীক দিছিল মৃতদেহ পেলাই দিয়াৰো ছুপাৰি। আৰু সেই মৰ্মে দুই সহযোগীয়ে লৈছিল মৃতদেহ পেলাই দিয়াৰো দায়িত্ব। যোৱা বুধবাৰে ঘৰৰ পৰা দিব্যালৈ আহি আছিল সঘন ফোন। কিন্তু ফোন ৰিছিভ কৰিবলৈ জীৱিতয়েই নাছিল দিব্যা পাহোজা। উপায়ন্তৰ হৈ হোটেলত উপস্থিত হৈছিল দিব্যা পাহোজাৰ পৰিয়ালৰ লোক। পৰিয়ালৰ লোকে বিচাৰি চলাথ কৰিছিল দিব্যা পাহোজাক। পৰিয়ালে বিচাৰিছিল CCTV ফুটেজ চাবলৈ। কিন্তু ফুটেজ দেখুওৱাৰ পৰা আঁতৰি আছিল হোটেল কৰ্তৃপক্ষ। উপায়বিহীন হৈ পৰিয়াল কাষ চাপিছিল আৰক্ষীৰ। পৰিয়ালৰ সন্দেহ হৈছিল দিব্যা পাহোজাৰ লগত যে কিবা অঘটন হৈছে।

আৰক্ষী উপস্থিত হোৱাৰ পিছতে CCTV ফুটেজ দেখুৱাবলৈ বাধ্য হয় হোটেল কৰ্তৃপক্ষ। CCTVত স্পষ্ট হয় দিব্যাৰ মৃতদেহ চোঁচৰাই নিয়া দৃশ্য। আৰক্ষীয়ে হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে হোটেলৰ মালিক অভিজিৎ সিং আৰু দুই সহযোগী হেমৰাজ আৰু ওমপ্ৰকাশক। CCTV ফুটেজত স্পষ্ট হৈছে যে এখন BMW বাহনত উঠাই নিয়া হৈছিল দিব্যা পাহোজাৰ মৃতদেহ। আৰক্ষীয়ে এতিয়াও দিব্যা পাহোজাৰ মৃতদেহ লাভ কৰা নাই। দিব্যা পাহোজাৰ মৃতদেহৰ সন্ধানত চলি আছে আৰক্ষীৰ অভিযান।

কোন হয় দিব্যা পাহোজা?
দিব্যা পাহোজাৰ এসময়ৰ কুখ্যাত গেংষ্টাৰ সন্দীপ গাদোলিৰ সৈতে আছিল মধুৰ সম্পৰ্ক। ২০১৬ চনৰ ৭ ফেব্ৰুৱাৰীত আৰক্ষীৰ এনকাউণ্টাৰ নিহত হৈছিল সন্দীপ গাদোলি আৰু সেই গোচৰতে অভিযুক্ত হৈছিল দিব্যা পাহোজাও। ৭ বছৰৰ কাৰাদণ্ডও হৈছিল দিব্যা পাহোজাৰ। ২০২৩ চনৰ জুলাই মাহত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিছিল দিব্যা পাহোজা।

অভিযুক্ত অভিজিতৰ বিস্ফোৰণ
আৰক্ষীৰ সোধাপোছাত বহু বিস্ফোৰক মন্তব্য দিব্যা পাহোজাৰ হত্যাৰ অভিযুক্ত অভিজিৎ সিঙৰ। তথ্য অনুসৰি, অভিজিতৰ বহু ব্যক্তিগত ফটো আছিল দিব্যা পাহোজাৰ লগত। আৰু নিৰন্তৰভাৱে দিব্যা পাহোজাই অভিজিতক কৰি গৈছিল ব্লেকমেইলিং। কিন্তু কিছুদিনৰ পৰা অধিক ধনৰ দাবী কৰিছিল দিব্যা পাহোজাই। দিব্যা পাহোজাৰ অন্তৰংগ বন্ধু আছিল অভিজিৎ সিং। ১ জানুৱাৰীত দিব্যা পাহোজা আৰু অভিজিৎ সিং ওলাই গৈছিল বাহিৰলৈ। ২ জানুৱাৰীৰ পুৱতি নিশা ৪ বাজি ১৫ মিনিটত হোটেললৈ উভতি আহিছিল দুয়োগৰাকী। গুৰুগ্ৰামৰ হোটেল চিটী পইণ্টত হোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। হত্যাকাণ্ড সন্দৰ্ভত এতিয়াও চলি আছে গুৰুগ্ৰাম ছেক্টৰ-১৪ত আৰক্ষীৰ তদন্ত।

You May Also Like

More From Author