নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰাজ্যৰ ৪০ হাজাৰ নিবনুৱাক প্ৰদান কৰা হ’ব চৰকাৰী চাকৰি। ইতিমধ্যে ৰাজ্য চৰকাৰে ৯০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰিছে চৰকাৰী চাকৰি। পুনৰ ৪০ হাজাৰ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। ইতিমধ্যে চৰকাৰী চাকৰি প্ৰদানৰ বাবে আৰম্ভ হৈছে যাবতীয়া কাম-কাজ।
ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ ৬ লাখ লোক একেদিনাই প্ৰদান কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। লগতে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ কাম-কাজ। অসম BJPৰ কাৰ্যনিৰ্বাহকত অংশ লৈ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে, আলফা শান্তি চুক্তিৰ দুটা দফাই অসমৰ ভৱিষ্যৎ ৫০বছৰলৈ সুৰক্ষিত কৰিলে। উত্তৰ-পূবত প্ৰথম সূৰ্যৰ কিৰণ পৰে। সেই অসমত আৰম্ভ হৈছে অৰুণোদয় আৰু সেই অৰুণোদয় হৈ পৰক ভাৰতৰ অৰুণোদয়।