কাৰ ভুলৰ বাবে সংঘটিত হ’ল দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনা?

1 min read

মৃত্যুদূত হৈ ভুল দিশৰ পৰা আহিছিল অভাৰলোডেড কলয়া পৰিবাহী ট্ৰাক!

এই দুৰ্ঘটনাত গাঁওখনৰ দুটাকৈ পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায়। পৰিয়াল দুটাৰ মুঠ ৯জন সদস্যৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছে গাঁওখনৰ লোকে।

দেৰগাঁৱত মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ গ’ল ১২জনকৈ লোকৰ। বনভোজ খাবলৈ যোৱা এখন বাছৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩০জনতকৈ অধিক লোক আহত হয়। কিন্তু কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল?

জানিব পৰা মতে, ভুল পথেৰে আহি আছিল কয়লাভৰ্তি অভাৰলোডেড ট্ৰাকখন। যাৰ ফলতে বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। পুৱা অতিমাত্ৰা কুঁৱলি থকাৰ বাবে বাছৰ চালকে হয়তো বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ কোনো উমান পোৱা নাছিল। অভাৰলোডেড ট্ৰাকখন ভুল দিশৰ পৰা আহি থকা বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

 

এই দুৰ্ঘটনাৰ ফলত মুহূৰ্তৰ ভিতৰতে অন্ধকাৰ নামি আহিল বহুকেইটা পৰিয়াললৈ। ১২জন লোকৰ মৃত্যু, ৩০জনৰো অধিক চিকিৎসাধীন। স্থানীয় লোকৰ পৰা জানিব পৰা মতে, এই দুৰ্ঘটনাত গাঁওখনৰ দুটাকৈ পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায়। পৰিয়াল দুটাৰ মুঠ ৯জন সদস্যৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছে গাঁওখনৰ লোকে।

মৃত লোকসকলৰ একাংশৰ নাম ক্ৰমে পিংকী শইকীয়া, ৰিংকী বৰা, অনিমা শইকীয়া, ১৩ বছৰীয়া শুভংকৰ শইকীয়া, ১০ বছৰীয়া নিহাৰিকা বৰা, দীপালী শইকীয়া, নৱজিৎ শইকীয়া, ট্ৰাক চালক নুৰ আলম। বাকীসকলৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই।

আনহাতে, এই মৰ্মান্তিক দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন লোকসকল হ’ল – নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্ৰাচুৰ্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩), কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুৰ্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭), কুলুমণি শইকীয়া (৩৪), চিত্ৰলেখা বৰা (২৬), বিজিত শইকীয়া (২৮), অৰূপ শইকীয়া (৩৭), বিতোপন বৰা (২৪), অৰ্চনা শইকীয়া (৪১), প্ৰীতি শইকীয়া (৭) আৰু অভিজিৎ বৰা (৬)।

উল্লেখযোগ্য যে গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল ৪৫জনীয়া এটা দল। বগীবিলত বনভোজ খোৱাৰ কথা আছিল এই দলটোৱে। কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন।

দুৰ্ঘটনাত বাছখনৰ এটা ফাল বিধ্বস্ত হৈ পৰে। দুৰ্ঘটনাৰ পিছতে খাৱৈত বাগৰি পৰিল কয়লাভৰ্তি ট্ৰাকখন। পুৱা পাঁচ বজাতে JMCHলৈ নিয়া হৈছিল ৩২জন লোকক। আাটাইকে ভৰ্তি কৰোৱা হয় JMCHৰ জৰুৰীকালীন বিভাগত। সংকটজনক অৱস্থাত JMCHত চিকিৎসা চলি আছে ৩০জন লোকৰ। JMCHৰ সম্পূৰ্ণ চিকিৎসকৰ দল ব্যস্ত হৈ পৰিছে চিকিৎসা সেৱাত।

You May Also Like

More From Author