গুৱাহাটীত বিধৱা বোৱাৰীৰ মৃতদেহ উদ্ধাৰ….

1 min read

গুৱাহাটী মহানগৰীত এগৰাকী বিধৱা বোৱাৰাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য। বোৱাৰীগৰাকীৰ পুত্ৰই এয়া এক সাধাৰণ দুৰ্ঘটনাজনিত ঘটনা বুলি উল্লেখ কৰিছে যদিও আন একাংশই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। কিয়নো মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বোৱাৰীগৰাকীৰ পৰিয়ালটোৰ কেইবাজনো পুৰুষ সদস্যক ইতিমধ্যে দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিছে।

গুৱাহাটী মহানগৰীৰ নুনমাটীৰ নিজৰাপাৰত সংঘটিত হৈছে এই ঘটনা।উদ্ধাৰ হোৱা এই বোৱাৰীগৰাকীৰ নাম মুনমুন বেগম। মুনমুন বেগমৰ স্বামীকো পূৰ্বে দুৰ্বৃত্তই হত্যা কৰিছিল। মুনমুন বেগমৰ মৃতদেহ উদ্ধাৰ কৰি স্থানীয় নুনমাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

শুকুৰবাৰে বিয়লি নিজৰাপাৰৰ বাসগৃহত উপস্থিত হৈ ক্রাইম চিন ৰিক্ৰীয়েচন কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত মহিলাগৰাকীক হত্যা কৰা বুলি সন্দেহ কৰিছে।

অবশ্যে মহিলাগৰাকীৰ পুত্ৰ বৰুণ চৌহানে মাতৃগৰাকীৰ কোঠাত পৰি মৃত্যু হোৱা বুলিহে দাবী কৰে। উল্লেখ্য যে বুধবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। নুনমাটি নিজৰাপাৰস্থিত ১১৫ নং ঘৰত মৃত মুনমুন বেগম নামৰ বিধবা মহিলাগৰাকীয়ে তেওঁৰ নিজৰ দুই পুত্ৰৰ সৈতে বসবাস কৰি আছিল।

বুধবাৰে পুৱতি নিশা ৰহস্যজনকভাবে নিজৰ শুৱনী কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ নিঠৰ দেহ। মহিলাগৰাকীৰ নিজৰ পুত্ৰই মাতৃৰ ৰক্তাক্ত দেহ পৰি থকা অৱস্থাত দেখা পাই লগে লগে নুনমাটি আৰক্ষী থানাত খবৰ দিয়ে আৰু লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বাসগৃহত থকা চি চি টিভিৰ দৃশ্য চাই তদন্ত আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈ কোনো ক্লু উদ্ধাৰ কৰিব পৰা নাই। ইপিনে ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ দুই পুত্ৰই নিশা নিজৰ বাসগৃহত স্নানঘৰত পিছলি পৰি মাতৃয়ে মূৰত আঘাত পোৱা বুলি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশ লোকে ইয়াক সহজভাৱে লোৱা নাই।

উল্লেখ যে বিগত ২০০৫ বৰ্ষত মহিলা গৰাকীৰ স্বামী মতলেব আলীক বামুনীমৈদাম বজাৰত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিছিল। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০০৪ চনত বামুনীমৈদাম ৰে’লৱে কলনী বজাৰত মতলেব আলীৰ একমাত্ৰ ভাতৃ মুন্না আলীক মাছৰ দাৰে ঘপিয়াই হত্যা কৰিছিল।

২০০৬ চনত মতলেব আলীৰ বনকৰা যুৱক স্বপ্নন দাসক বামুনিমৈদাম বজাৰত হত্যা কৰিছিল। এই হত্যাকাণ্ড সুমুহৰ চাঞ্চল্য মাৰ নৌযাওতে ২০০৭ চনত মতলেবৰ পিতৃ মোহববত আলীকো কোনো দুৰ্বৃত্তই হত্যা কৰি ভৰলুমুখৰ শান্তিপূৰৰ ৰে’ল লাইনত পেলাই থৈছিল ।

মৃত মতলেব আলীৰ পৰিয়ালৰ সকলো পুৰুষ সদস্যক দুৰ্বৃত্তই হত্যা কৰিছিল যদিও মহিলাক তেনেধৰেণে আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাছিল। পুৰুষবিহীন পৰিয়ালটোৱে শেহতীয়াকৈ বামুণীমৈদামৰ ঘৰ মাটি বিক্ৰী কৰি নুনমাটিৰ নিজৰাপাৰত ঘৰ নিৰ্মাণ কৰি স্থায়ীভাবে বসবাস কৰি আছিল।

মুনমুন বেগমৰ ৰহস্য জনক মৃত্যুৰ সমগ্ৰ ঘটনাক লৈ এতিয়া ৰহস্যৰ আবর্তত সোমাই পৰিছে। ইপিনে মৃত মুনমুন বেগমে নিজ স্বামী মতলেব আলীৰ মৃত্যুৰ পিছত দ্বিতীয় বাৰ বিবাহ পাশত আবদ্ধ হৈছিল যদিও দ্বিতীয় স্বামীৰ সৈতেও বিবাহ বিচ্ছেদ হৈছে । এতিয়া সমগ্ৰ ঘটনা নুনমাটি আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে ওলাই পৰিব প্রকৃততে ঘটনাটো কি।

You May Also Like

More From Author