কমতাপুৰ-বৰাক গঠনৰ বাট বন্ধ হ’ল…

1 min read

ৰাজ্যত পৃথক কমতাপুৰ, বৰাক ৰাজ্য গঠনৰ দাবীক লৈ বিভিন্ন সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়ত পৃথক কমতাপুৰ আৰু পৃথক বৰাক গঠনৰ বাট বন্ধ হৈ পৰিল আলফা-চৰকাৰৰ মীমাংসা চুক্তিৰ জৰিয়তে৷ এই চুক্তি যদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে ডাৰি-ক’মাৰ হেৰফেৰ নোহোৱাকৈ ৰূপায়ন কৰা হয় অথবা কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰে তেনেহ’লে অসমত আৰু পৃথক ৰাজ্য গঠনৰ দাবী উঠিব নোৱাৰিব৷ আলফা-চৰকাৰৰ মীমাংসা চুক্তিৰ বিষয়ে স্পষ্ট কৰিবলৈ আয়োজন কৰা সংবাদ মেলত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই এই কথা স্পষ্ট কৰি দিয়ে৷ তেওঁ দেওবাৰে কলাক্ষেত্ৰৰ বাকৰিত সংবাদমেল আয়োজন কৰি কয়– আলফা চৰকাৰৰ মীমাংসা চুক্তিৰ মূল বিষয় আছিল অসমৰ অখণ্ডতা৷ ইতিমধ্যে চৰকাৰে এই বিষয় মানি লৈছে৷ মানি লোৱাই নহয় অসমৰ অখণ্ডতা সুনিশ্চিত হোৱাৰ গেৰাণ্টি দিয়াৰ উপৰি ভাৰত চৰকাৰে ৰাজহুৱাভাৱে ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ অখণ্ডতা সুনিশ্চিত কৰিবলৈ আয়োগ গঠন কৰাৰ কথাও ঘোষণা কৰি দিছে৷ অসমৰ খিলঞ্জীয়া জনগনৰ ৰাজনৈতিক অংশীদাৰিত্ব সম্পৰ্কত বহু বাদ-বিবাদৰ শেষত জনপ্ৰতিনিধিৰ অংশীদাৰিত্বৰ বিষয়ৰ সুনিশ্চিত হোৱাই নহয়, তাতো গেৰাণ্টি দিছে৷ তেওঁলোকৰ প্ৰতিশ্ৰুতিত আমি সন্তুষ্ট হৈছোঁ৷ অসমৰ উত্থানৰ ক্ষেত্ৰত বাদ পৰি ৰোৱা বিষয়সমূহ সম্পূৰ্ণৰূপে আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছে৷ আমি ভবাতকৈ চৰকাৰৰ পৰা বহু বেছি প্ৰতিশ্ৰুতি লাভ কৰিছোঁ৷ এইবোৰ বিষয়ত আমি সন্মত হৈ চুক্তিত স্বাক্ষৰ কৰিছোঁ৷ তেওঁ আৰু কয়– বিগত বাৰ বছৰৰ শান্তি আলোচনা প্ৰক্ৰিয়াৰ অন্তত এই চুক্তি সম্পাদন কৰা হৈছে৷ চুক্তিখন কৰিবলৈ যোৱাৰ আঁৰত এটা দীঘলীয়া ৰক্তাক্ত ইতিহাস আছে৷ অসম-ভাৰত সংঘাতৰ মূল বিষয় আছিল অসমখনৰ অখণ্ডতা সম্পৰ্কত৷ সংবাদ মেলত ভাগ লৈ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতীয়াই কয়– আলফা ভংগ হ’লেও আমি ৰাইজৰ লগত থাকিম৷ আমাৰ ওপৰত হোৱা সমালোচনা আমাৰ বাবে আশীৰ্বাদ৷ ৰাইজৰ সমালোচনাত বিচলিত নহৈ আমি আমাৰ লক্ষ্যৰ দিশে আগবঢ়াইছোঁ৷ আমি অসমৰ জাতীয় স্বাৰ্থত, সকলো ক্ষেত্ৰতে জাতিৰ লগত থাকি মাত মাতি যাবলৈ দৃঢ় প্ৰতিজ্ঞ৷ পূৰ্বে অৰ্থাৎ ১৯৯২ চনত আমি আলোচনাৰ প্ৰস্তাৱ দিছিলোঁ৷ তেতিয়া চৰকাৰে আমি কিমান বন্দুক-বাৰুদ জমা দিম সুধিছিল৷ তেতিয়া আমি অনুভৱ কৰিছিলো যে আলোচনাকৰিব পৰা নাযাব৷ তাৰ পাছত আমি আলোচনাৰ সিদ্ধান্ত বাদ দিছিলোঁ৷ আলফা চৰকাৰৰ আলোচনাৰ প্ৰেক্ষাপটত তৈয়াৰ কৰিছিল ডঃ হীৰেন গোহাঁয়, প্ৰয়াত তৰুণ গগৈয়ে৷ সংবাদ মেলত ভাগ লৈ আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে কয়– ১০-১৫ দিনৰ ভিতৰত ভংগ হ’ব আলফা৷ পৰেশ বৰুৱাৰ হাতত ধৰি মই কাম কৰিছোঁ৷ তেওঁৰ লগত একেলগে খাইছোঁ, পিন্ধিছো৷ আলফা ভংগ হোৱাৰ পাছত ৰাইজৰ হৈ কাম কৰিম৷ আমি ৰাজনৈতিক দল গঠন নকৰোঁ, ৰাজনীতিও নকৰোঁ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে পৰেশ বৰুৱাৰ লগত কথা পতা বুলি৷ তেওঁ আহিলেহে শান্তি আহিব বুলি যিখিনি মানুহে কয় তেওঁলোকে আমাক জে’লত ৰাখি আলোচনা কৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিছিল৷ আমি সিদ্ধান্ত ল’লো আলোচনা প্ৰক্ৰিয়া আমি ‘আধি’ নিদিও, নিজে চাম৷ যিসকলে আমাক গালি পাৰে আমাক গালি পাৰি লাভ নাই৷ তেওঁলোকে ভাৰত চৰকাৰক ক’ব লাগে– আলোচনালৈ পৰেশ বৰুৱাক আনিব লাগে৷ তেওঁৰ চৰ্ত মানি ল’ব লাগে৷ ইয়াতকৈও যদি বেছি অধিকাৰ বিচাৰে পৰেশ বৰুৱাক সহায় কৰি সশস্ত্ৰ আন্দোলন গঢ়ি তোলক৷ কিন্তু নকৰে৷ সেই কলিজা নাই৷ সশস্ত্ৰ আন্দোলনৰ কথা ক’লে ক’ব শান্তিপূৰ্ণ আলোচনাৰ কথা৷ শান্তিপূৰ্ণ আলোচনাৰে ভাৰত চৰকাৰৰ পৰা সৰ্বভৌমত্ব লৈ আহিব, ৩৭০ লৈ আহিব নেকি? আমি যিখিনি কৰিব পৰা নাই মানি লৈছো৷ যিখিনি পাৰিছো সেয়া অসমৰ ৰাইজৰ আৰু যিখিনি পৰা নাই তাৰ বাবে দায়ী মই৷ যিহেতু ময়েই আছিলো মুখ্য আলোচক৷ কিন্তু চুক্তিত আমি সকলো বিষয় সন্নিৱিষ্ট কৰিছোঁ৷ আমি সশস্ত্ৰ আন্দোলনত বিশ্বাস কৰিছিলোঁ৷ কিন্তু নোৱাৰিলোঁ৷ আমি হাৰি গ’লোঁ৷

You May Also Like

More From Author