এই ব্লাড গ্ৰুপৰ ব্যক্তিসকলৰ ষ্ট্ৰোকৰ সম্ভাৱনা আটাইতকৈ বেছি!

1 min read

Blood Group Wise stroke Risk: A, B, AB আৰু O গ্রুপৰ ভিতৰত কাৰ ষ্ট্ৰোকৰ ভয় সকলোতকৈ বেছি? চাওক তালিকা।

 

ব্লাড গ্ৰুপ আৰু ষ্ট্ৰোকৰ মাজত পোনপটীয়া সম্পৰ্ক আছে নে ষ্ট্ৰোকৰ বাবে আপোনাৰ জীৱনশৈলী দায়ী? গৱেষণাত প্ৰকাশ পাইছে এক চাঞ্চল্যকৰ তথ্য। গৱেষণাটোত কোৱা হৈছে যে ষ্ট্ৰোক ব্লাড গ্ৰুপৰ ৰাসায়নিক গঠনৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।

A, B, AB আৰু O ব্লাড গ্ৰুপৰ কোনটো ব্লাড গ্ৰুপৰ ষ্ট্ৰোকৰ আশংকা আটাইতকৈ বেছি? উত্তৰটো জানিলে আপুনিও শিহৰিত হ’ব।

দেশত দিনক দিনে বৃদ্ধি পাইছে ষ্ট্ৰোকৰ প্ৰাদুৰ্ভাৱ। আজিকালি ষ্ট্ৰোকৰ ভয় কেৱল বৃদ্ধসকলৰ মাজতে নহয়, যুৱপ্ৰজন্মৰ মাজতো বাঢ়িছে। চিকিৎসক আৰু বিশেষজ্ঞসকলৰ মতে মূলতঃ পৰিৱৰ্তিত জীৱনশৈলীয়ে ষ্ট্ৰোকৰ বাবে দায়ী।

আজি এই প্ৰতিবেদনত কিছুমান ভিন্ন তথ্যৰ ওপৰত আলোকপাত কৰা হৈছে যিবোৰ ব্যক্তি এজনৰ ব্লাড গ্ৰুপৰ সৈতে জড়িত। সাধাৰণতে A, B, AB আৰু O কে ধৰি ৪ প্ৰকাৰৰ ব্লাড গ্ৰুপ আছে। এই চাৰিটা ব্লাড গ্ৰুপৰ ভিতৰত কোনটো ব্লাড গ্ৰুপৰ ৬০ বছৰ বয়সৰ আগতে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি, জানি লওঁ আহক। এক গৱেষণাৰ মতে, ব্লাড গ্ৰুপ A থকা লোকৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা সৰ্বাধিক।

ব্লাড গ্ৰুপ ৰাসায়নিক গঠনৰ সৈতে সম্পৰ্ক। ব্লাড গ্ৰুপ ৰসায়নিক গঠন ষ্ট্ৰোকৰ লগত জড়িত। ইয়াত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে যিবোৰ আপোনাৰ ৰক্তকণিকাত ভাঁহি থাকে।

গৱেষণাত লগতে কোৱা হৈছে যে A ব্লাড গ্ৰুপৰ পিছত, B আৰু AB ব্লাড গ্ৰুপ বেছিকৈ ষ্ট্ৰোকৰ চিকাৰ হয়। আনহাতে, O ব্লাড গ্ৰুপৰ লোকসকলৰ বাবে বিপদাশংকা কম। দৰাচলতে, ষ্ট্ৰোক আৰু ব্লাড গ্ৰুপৰ মাজত পোনপটীয়া সম্পৰ্ক আছে। কিন্তু জিনৰ পৰিৱৰ্তনো এটা গুৰুত্বপূৰ্ণ কাৰক।

২০২২ চনত, জিনোমিক্সৰ ওপৰত অধ্যয়ন কৰা গৱেষকসকলে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনটোৱে ব্লাড গ্ৰুপ A আৰু ষ্ট্ৰোকৰ মাজৰ সম্পৰ্কৰ পৰামৰ্শ দিয়ে। প্ৰায় ৪৮ টা আনুবংশিক অধ্যয়নত ১৭,০০০ ৰো অধিক লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।

অধ্যয়নটোত ১৮ ৰ পৰা ৫৯ বছৰ বয়সৰ লোকসকলকো অন্তৰ্ভুক্ত কৰা হৈছিল। অধ্যয়নটোত দেখা গৈছে যে ব্লাড গ্ৰুপ A থকা লোকসকলৰ ষ্ট্ৰোকৰ আশংকা আন তেজৰ প্ৰকাৰৰ লোকসকলৰ তুলনাত ১৬ শতাংশ বেছি আছিল। ব্লাড গ্ৰুপ O থকা সকলৰ ষ্ট্ৰোকৰ আশংকা ১২ শতাংশ কম আছিল।

O ব্লাড গ্ৰুপৰ লোকৰ ষ্ট্ৰোকৰ সম্ভাৱনা আটাইতকৈ কম: মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ ভেছকুলাৰ নিউৰ’লজিষ্ট ষ্টিভেন কিটনাৰে কয় যে Aগ্ৰুপৰ লোকসকলৰ কিয় সৰ্বাধিক ষ্ট্ৰোক হয় সেই কথা বুজিবলৈ অধিক নিৰ্দিষ্ট গৱেষণাৰ প্ৰয়োজন।

অৱশ্যে, এইটো ক’ব পাৰি যে ব্লাড গ্ৰুপ A থকা ব্যক্তিসকলৰ তেজ গোট মৰাৰ সম্ভাৱনা অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে প্ৰায় ৮ লাখ লোক ষ্ট্ৰোকত আক্ৰান্ত হয়। তেওঁলোকৰ বেছিভাগৰ বয়স ৫৫ ৰ পৰা ৬৫ বছৰৰ ভিতৰত।

অধ্যয়নটোৰ আন এটা গুৰুত্বপূৰ্ণ তথ্য হ’ল যে ৬০ বছৰৰ আগতে ষ্ট্ৰোক হোৱা লোকৰ ৬০ বছৰৰ পিছত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কম। এই সিদ্ধান্তত উপনীত হ’বলৈ গৱেষকসকলে ৬০ বছৰৰ ওপৰৰ প্ৰায় ৯ হাজাৰ লোকৰ ওপৰত অধ্যয়ন কৰিছিল যিসকল ষ্ট্ৰোকত আক্ৰান্ত হৈছিল।

You May Also Like

More From Author