২০২৪ৰ প্ৰথম একাদশী কেতিয়া জানেনে ?

1 min read

হিন্দু ধৰ্মত একাদশী তিথিৰ বিশেষ গুৰুত্ব আছে। একাদশী তিথি ভগৱান বিষ্ণুৰ অতি প্ৰিয়।বিশ্বাস অনুসৰি, যিয়ে সম্পূৰ্ণ ৰীতি-নীতিৰে একাদশীত উপবাস কৰে, শ্ৰী হৰিয়ে তেওঁলোকক সকলো দুখ-কষ্টৰ পৰা পৰিত্ৰাণ দিয়ে। ভগৱান বিষ্ণুৰ আশীৰ্বাদ পাবলৈ একাদশী উপবাসক অতি শুভ বুলিও গণ্য কৰা হয়। শাস্ত্ৰৰ মতে, এই উপবাস আটাইতকৈ ডাঙৰ উপবাস।পিছে এই বছৰটোৰ প্ৰথম একাদশী কেতিয়া জানেনে ?

২০২৪ বৰ্ষৰ প্ৰথম একাদশী ৭ জানুৱাৰী, ৰবিবাৰে। যদি আপুনিও ভগৱান বিষ্ণুৰ আশীৰ্বাদ প্ৰাপ্ত হ’ব বিচাৰে, তেন্তে এই দিনটোত সম্পূৰ্ণ ভক্তিৰে এই উপবাস কৰিব।

একাদশীৰ বাবে শুভ সময়

একাদশী তিথি ৭ জানুৱাৰীৰ দিনৰ ১২ :৪১ বজাত আৰম্ভ হ’ব আৰু ৮ জানুৱাৰীৰ দিনৰ ১২:৪৬ বজাত সমাপ্ত হ’ব। ৮ জানুৱাৰীৰ পুৱা ৭:১৫ বজাৰ পৰা ৯:২০ বজালৈ একাদশী উপবাসৰ সময় হ’ব।ইয়াৰ ভিতৰত আপুনি যিকোনো সময়তে একাদশীৰ উপবাস খুলিব পাৰে।

এইসমূহ দিশতো মন দিব

. পুৰাণৰ মতে, সম্পূৰ্ণ ৰীতি-নীতিৰে একাদশীৰ উপবাস পালন কৰা ভক্তসকলক ভগৱান নাৰায়ণে আশীৰ্বাদ কৰে।

. একাদশীৰ দিনা ফল খাব লাগে। এই দিনটোত ফলৰ বাহিৰে আন খাদ্য খাব নালাগে।

. এই দিনটোত বিষ্ণু সাহসনামা পাঠ কৰিব। যেতিয়া সূৰ্যাস্ত হয়, তুলসীৰ ওচৰত ঘিউৰ চাকি জ্বলাব। . একাদশীৰ দিনা ভাত খাব নালাগে।

You May Also Like

More From Author