সংগীতত পলাশবাৰীৰ চুমি কলিতাৰ কৃতিত্ব

1 min read

পলাশবাৰী, ২০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ সাংকৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা, জ্যোতি , ভূপেন্দ্ৰ আৰু ৰৱীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ বাসিনদা চুমি কলিতাই জিলা পৰ্যায়ৰ ৰাভা সংগীতত প্ৰথম আৰু ভূপেন্দ্ৰ সংগীতত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাসমূহৰ মূল উদ্দেশ্য গাঁৱে – ভুয়ে, চহৰে – নগৰে, পাহাৰে – ভৈয়ামে থকা শিল্পী সকলৰ প্ৰতিভাসমূহ বিকাশ কৰা । উক্ত প্ৰতিোগিতাসমূহ প্ৰথম পৰ্যায়ত পঞ্চায়ত ভিত্তিকৰ পৰা অনুষ্ঠিত কৰা হৈ যোৱা ১৭ আৰু ১৮ জানুৱাৰীত দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত জিলা ভিত্তিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় । উক্ত জিলাপৰ্যায়ৰ প্ৰতিোগিতাত স্থান লাভ কৰা পলাশবাৰীৰ চুমি কলিতাক আজি কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলা উন্নয়ন আয়ুক্তৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগীতাসমূহ ওচৰে অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে। চুমি কলিতা প্ৰধান শিক্ষক তথা সমাজকৰ্মী অনিল কলিতা আৰু চিত্ৰা কলিতাৰ জীয়ৰী।

You May Also Like

More From Author