তুলসী গছ ঘৰত থকাটো কিমান উপকাৰী আপুনি জানেনে ?

1 min read

তুলসী গছে আমাৰ জীৱনত দি আহিছে বহুখিনি প্ৰভাৱ । এই তুলসী গছে আমাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব পাৰে । তাৰ বিপৰীতে তুলসী গছক লৈ কৰা কিছু ভুলে মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে । সেইবাবে তুলসী গছক লৈ বহু বিশ্বাস আৰু ধৰ্মীয় তথ্য আছে । সনাতন ধৰ্মত বহু গছক দেৱতাৰ দৰে পূজা কৰা হয়।

এই উদ্ভিদবোৰৰ অপৰিসীম শুভ শক্তি আছে বুলি বহুলভাৱে বিশ্বাস কৰা হয় । তাৰ ভিতৰত এবিধ উদ্ভিদ হ’ল তুলসী (Tulsi plant significance) । এই গছজোপাক স্বয়ং মাতৃ লক্ষ্মীৰ এক ৰূপ বুলি গণ্য কৰা হয় । তুলসী গছত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয় ।

সেইবাবেই প্ৰতিদিনে তুলসী গছক পূজা কৰি তুলসী গছৰ গুৰিত পানী দিয়াৰ প্ৰথা আছে । তুলসী গছ থকা ঘৰত তাৰেই শুভ শক্তি প্ৰবাহিত হয় । সেইবাবেই নিয়মীয়াকৈ তুলসী গছত পূজা কৰিলে সেই ঘৰত কেতিয়াও দুৰ্ভাগ্য আৰু দুৰ্দশাই প্ৰৱেশ কৰিব নোৱাৰে ।

তুলসী গছ নাৰায়ণৰো বহু প্ৰিয় । সেইবাবেই শ্ৰীহৰিৰ পূজাত তুলসী পাত আগবঢ়াবই লাগিব । তুলসী পাত নিদিয়াকৈ নাৰায়ণে ভোগ গ্ৰহণ নকৰে । মনত ৰাখিব, এই নিয়ম নামানিলে আপুনি ভগৱান বিষ্ণুৰ ক্ৰোধত ৰাজপথৰ ভিক্ষাৰী হৈ পৰিব পাৰে ।

দুৰ্ভাগ্যৰ পৰা হাত সাৰিবলৈ তুলসী গছৰ এই নিয়মবোৰ জানি লওক-

ধৰ্মীয় দৃষ্টিকোণৰ পৰা তুলসী গছৰ বিশেষ গুৰুত্ব আছে । ঘৰত থকা এবিধ তুলসী গছে ধনাত্মক শক্তি বিকিৰণ কৰে । গতিকে নিয়মিতভাৱে তুলসী গছক পূজা কৰি প্ৰতিদিনে সন্ধিয়া তুলসী গছৰ গুৰিত ঘিউৰ চাকি জ্বলোৱা হয় । ফলত আপোনাৰ ঘৰত চিৰদিনৰ বাবে সুখ আৰু সমৃদ্ধি থাকিব । অমাৱস্যা, দ্বাদশী আৰু চতুৰ্দশী তিথিত কেতিয়াও তুলসীৰ পাত ছিঙিব নালাগে । নহলে মা লক্ষ্মীৰ খং উঠি আপোনাৰ ঘৰৰ পৰা ওলাই যাব ।

শাস্ত্ৰ মতে দেওবাৰে কেতিয়াও তুলসী পাত চিঙিব নালাগে । দেওবাৰে যদি তুলসী পাত লাগে তেন্তে আগদিনাই চিঙি ৰাখক। দেওবাৰে আপোনাৰ ঘৰত থকা তুলসীৰ গছজোপাত পানীও নিদিব ।

গছৰ পৰা তুলসী পাত ছিঙি থাকোঁতে তুলসীৰ পাত নখেৰে টানি যাতে নিছিঙে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । তুলসীৰ পাতবোৰ লঘু হাতেৰে চিঙক, চিঙাৰ সময়ত বেছি জোৰেৰে টানিব নালাগে । ঘৰত ৰখা তুলসী গছজোপা শুকাই গ’লে তৎক্ষণাত তাৰ পৰা আঁতৰাই দিব লাগে । শুকান তুলসী গছ ডাষ্টবিনত বা ঘৰৰ কোনো ঠাইত পেলাই নিদিব ।

তুলসী গছ বিষ্ণু, কৃষ্ণ আৰু বজৰং বলীৰ অতিকে প্ৰিয় । গতিকে তেওঁলোকৰ পূজাত নিশ্চয়কৈ তুলসী পাত ব্যৱহাৰ কৰিব । কিন্তু মহাদেৱ আৰু গণেশৰ পূজাত তুলসী পাত ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ।

You May Also Like

More From Author