কম বয়সতে বা বাত নাই যদিও শীতকালত পুৱা শোৱাৰ পৰা উঠি অনুভৱ কৰে যে শৰীৰৰ বিভিন্ন অংশত বিষ হৈছে । হাতৰ আঙুলি, ভৰি ভাঁজ কৰাত সমস্যা হয় ।
চিকিৎসকৰ মতে, যিসকলৰ আর্থাৰাইটিছ আছে, তেওঁলোকৰ এই সমস্যা নতুন নহয় । কিন্তু সাধাৰণতে এই বিষৰ কাৰণ হ’ব পাৰে শাৰীৰিক সক্রিয়তাৰ অভাৱ । যাৰ ফলত শৰীৰত বিভিন্ন পেশী কঠিন হৈ যায় ।
তদুপৰি শৰীৰত অস্থিসন্ধিৰ মাজত যি তৰল থাকে, শীতকালত তাৰ ঘনত্ব বাঢ়ি যায় । সেয়ে অস্থিত নমনীয়তাৰ অভাৱ দেখা দিব পাৰে । অৱশ্যে দুটা বিষয়ত লক্ষ্য ৰাখিলে শীতকালত এই ধৰণৰ বিষৰ পৰা হাত সাৰিব পাৰি ।
শীতকালত বিষ-বেদনা দূৰত ৰাখিবলৈ কোন দুটা বিষয়ত গুৰুত্ব দিব লাগিব ?
১) শৰীৰচর্চা
শীতকালত শৰীৰচর্চা কৰাত কম-বেছি পৰিমাণে সকলোৰে অনীহা থাকে । শোৱাৰ পৰা উঠাতো কষ্ট হয় । কিন্তু বিশেষজ্ঞৰ মতে, মমন নগ’লেও এই সময়ছোৱাত কিছু ব্যায়াম কৰা অতি অৱশ্যক । শীতকালত বয়স্ক লোকসকলৰ শৰীৰত বিষৰ সমস্যা বাঢ়ি যায় । তেনে ক্ষেত্ৰত যদি বাতৰ সমস্যা থাকে তেন্তে সমস্যা গুৰুতৰ হয় । সেয়ে শৰীৰচর্চাৰ বাহিৰে এই বিষ বেদনাৰ পৰা মুক্তি পোৱাৰ কোনো স্থায়ী সমাধান নাই ।
২) ভিটামিন ডি-ৰ অভাৱ
ভিটামিন ডি-ৰ প্রাকৃতিক উৎস হ’ল সূর্যৰ পোহৰ । এই কথা অনেকেই জানে যে, শীতকালত দিন ছুটি আৰু ৰাতি দীঘল হয় । কিন্তু দিনৰ বেছিভাগ সময় কুঁৱলীৰে ঢাক খাই থাকে । সেয়ে বেছি সময় সূর্যৰ পোহৰৰ সংস্পর্শত থকা সম্ভৱ নহয় ।
ইয়াৰ উপৰি দিনৰ সৰহভাগ সময়ত গৰম পোছাক পৰিধান কৰি থকাৰ বাবে সেয়া ভেদ কৰি ৰ’দ শৰীৰত নালাগে । সেয়ে পর্যাপ্ত পৰিমাণে ভিটামিন ডি সৃষ্টি নহয় । ফলত শৰীৰৰ বিভিন্ন অস্থিসন্ধিত বিষ হোৱা স্বাভাৱিক ।
চিকিৎসকৰ মতে, হাড়, দাঁত, অস্থিসন্ধি শক্তিশালী কৰিবলৈ ভিটামিন ডি-ৰ প্রয়োজন হয় । সেয়ে শীতকালত নিয়মিত তেজত ভিটামিন ডি-ৰ মাত্রা পৰীক্ষা কৰা প্রয়োজন । যদি এই ভিটামিনৰ মাত্রা স্বাভাৱিকতকৈ কমি যায়, সেই ক্ষেত্রত ঔষধৰ সহায় ল’বই লাগিব ।