মন খুলি হাঁহক, শৰীৰে লাভ কৰিব এইসমূহ উপকাৰিতা…

1 min read

ভুল খাদ্যভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে বর্তমান সময়ত লোকসকল বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ বাবে বহু লোেক হৃদযন্ত্ৰৰ লগতে কলেষ্টেৰল শৰীৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা মুকলিকৈ হঁহাৰ অভ্যাস গঢ়ি তোলক।

মুকলিকৈ হাঁহিলে শৰীৰে লাভ কৰে এইসমূহ উপকাৰিতা-

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে-

প্রতিদিনে মুকলিকৈ হাঁহিলে ই ৰোগ প্ৰতিৰোধ ক্ষমতা

শক্তিশালী কৰে। কাৰণ মুকলিকৈ হাঁহিলে শৰীৰত অক্সিজেনৰ

মাত্রা বৃদ্ধি পায় আৰু সকলো অংগত অক্সিজেন সঠিকভাৱে

পোৱা যায়। যাৰ বাবে আপোনাৰ শৰীৰৰ প্ৰতিটো অংশই

ভালদৰে কাম কৰে। গতিকে যদি সুস্থ হৈ থাকিব বিচাৰে, তেন্তে

মুকলিকৈ হাঁহিবলৈ চেষ্টা কৰক আৰু সদায় নিজকে সুখী কৰি

ৰাখক। এনে কৰিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

শক্তিশালী হয়।

হার্টএটেকৰ আশংকা হ্রাস পায়-

যদি আপুনি মুকলিকৈ হাঁহে তেন্তে হার্টএটেকৰ সম্ভাৱনা কমি যায়। কাৰণ হাঁহি থকাৰ সময়ত আপুনি দীঘলকৈ উশাহ লয়, যাৰ ফলত শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায় ফলত হৃদযন্ত্র সুস্থ হৈ থাকে। গতিকে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থকাটো বিচাৰে তেন্তে মুকলিকৈ হাঁহিবলৈ চেষ্টা কৰক।

বি পি নিয়ন্ত্ৰণত ৰাখে-

হাঁহিলেও বি পি নিয়ন্ত্ৰণত থাকে। কাৰণ হাঁহিলে আপোনাৰ মন-মগজু সুস্থ হৈ থাকে আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ হ্রাস পায়। গতিকে যদি আপুনি বি পি ৰোগী তেন্তে মুকলিকৈ হাঁহিবলৈ চেষ্টা কৰক।

ওজন নিয়ন্ত্রণত থাকে-

হাঁহিলে মানসিক চাপ হ্রাস হয়। যাৰ বাবে কৰ্টিছল হৰম’ন হ্রাস পায় আৰু উদ্বিগ্নতাও কমি যায়। যেতিয়া কর্টিছল নিয়ন্ত্রণত থাকে তেতিয়া ওজনো নিয়ন্ত্রণত থাকে।

You May Also Like

More From Author