ব্রেকআপৰ পাছত মহিলাতকৈ অধিক হৃদয় ভাগে পুৰুষৰ! গৱেষণাত প্ৰকাশ

1 min read

সম্পৰ্কৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকল বেছি আৱেগিক বুলি কোৱা হয় যদিও গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে ব্রেকআপৰ সময়ত মহিলাতকৈ পুৰুষসকলৰ হৃদয় বেছিকৈ ভাঙে। ব্রেকআপৰ সময়ত পুৰুষসকলে আৱেগিকভাৱে অধিক প্ৰভাৱিত হয়।

ব্রিটেইন আৰু ছুইজাৰলেণ্ডৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে এই কথা সদৰী কৰিছে। কোৱা হয় যে ভালপোৱা আৰু সেই ভালপোৱা বজাই ৰখা দুটা বেলেগ কথা আৰু কেতিয়াবা সকলো প্রচেষ্টা সত্ত্বেও সম্পৰ্কত সমস্যাৰ সৃষ্টি হৈয়েই থাকে। যেতিয়া আপুনি আৰু আপোনাৰ সংগীয়ে অনুভৱ কৰে যে আপোনাৰ সম্পৰ্কই ইজনে সিজনক দুখ আৰু দুখ-কষ্টৰ বাহিৰে একো নিদিয়ে, তেতিয়া বিচ্ছেদ হোৱাটোৱেই ভাল। কিন্তু বিজ্ঞানৰ মতে পুৰুষ-মহিলা উভয়ে ব্রেকআপক বেলেগ ধৰণেৰে চায় আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিবলৈ বেলেগ সময় লাগে।

আপুনি জানি আচৰিত হ’ব যে ব্রেকআপৰ পিছত মহিলাসকলে আৱেগিক আৰু শাৰীৰিক দুয়োটা দিশতে অধিক কষ্ট পালেও এনে অভিজ্ঞতাৰ পৰাও তেওঁলোকেই সোনকালে আৰু শক্তিশালীভাৱে সুস্থ হৈ উঠে। মহিলাসকলে নিজৰ আৱেগক সঠিকভাৱে নিয়ন্ত্ৰণ কৰি নিজকে আৰু নিজৰ প্রয়োজনীয়তাক ভালদৰে বুজি পায়। একে সময়তে পুৰুষে এই ধৰণৰ পৰিস্থিতিক সম্পূর্ণ বেলেগ ধৰণেৰে চায়।

এই গৱেষণাৰ পৰা দেখা গৈছে যে ব্রেকআপৰ পৰা ওলাই আহি জীৱনত আগবাঢ়ি যাবলৈ পুৰুষক অধিক সময় লাগে। গৱেষকসকলে এইটোও বিচাৰি উলিয়াইছে বহু পুৰুষে ব্রেকআপৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো অলপৰ কাৰণে হলেও পূৰ্বৰ স্মৃতিৰ পৰা ওলাই আহিব নোৱাৰে। ব্রেকআপৰ সময়ত পুৰুষসকল মানসিকভাৱে বেছিকৈ ভাগি পৰে আৰু হৃদয় বেছিকৈ ভাঙে। এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ তেওঁলোকৰ বহু সময় লাগে। অধ্যয়ন অনুসৰি পুৰুষসকলে নিজকে পতিয়ন নিয়াবলৈ মদ্যপান, ড্ৰাগছ বা হিংসাৰ আশ্রয় ল’বলৈও আৰম্ভ কৰে।

You May Also Like

More From Author