নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মহবিয়েনী গাঁওত ভূমিকেন্দ্ৰীক সংঘাত।

0 min read

🔴নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মহবিয়েনী গাঁওত ভূমিকেন্দ্ৰীক সংঘাত।
🔴ভূমিকেন্দ্ৰীক সংঘাতৰ ফলত দুজনকৈ লোক গুৰুতৰভাৱে আহত ।
🔴এদৰা ভূমিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

🔴জানিব পৰা মতে মহবিয়েনী গাঁওৰ ৰমেশ আলী নামৰ লোকজনে কিছু বছৰ পূৰ্বে চন্দ্ৰ শীল নামৰ এজন লোকৰ পৰা এক বিঘা ভূমি ক্ৰয় কৰিছিল।


🔴উক্ত ভূমিখিনি চন্দ্ৰ শীলে কেইজনমান দালালৰ সৈতে লগ হৈ পুনৰ অন্য লোকৰ ওচৰত বিক্ৰী কৰাৰ চেষ্টা চলাইছে।
🔴উক্ত ঘটনাক কেন্দ্ৰ কৰিয়ে ৰমেশ আলীৰ পৰিয়াল আৰু দালাল কেইজনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। ★
🔴ৰুবুল আলী, বুবুল আলী, আল্টাফ আলী, হবিব আলী, মহিবৰ আলী আদিকে ধৰি প্ৰায় ২৫ জনীয়া দলটোৰ আক্ৰমণত ৰমেশ আলীৰ দুই জ্যেষ্ঠ ভাতৃ ৰহমান আলী আৰু হাইদৰ আলী গুৰুতৰভাৱে আহত হয়।
🔴আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও ৰহমান আলীৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

🔴ঘটনা সংক্ৰান্তত ভূক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি মুকালমুৱা আৰক্ষীৰ কাষ চাপিছে।

You May Also Like

More From Author