১৮জানুৱাৰীত বাৰপূজীয়াত ম’হ যুঁজ প্ৰতিযোগিতা

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৩জানুৱাৰী:–মধ্য অসমৰ আটাইতকৈ পুৰণি তথা আহোম স্বৰ্গদেউ চুহুংমুৰ দিনৰে পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক বাৰপূজীয়া ম’হ যুঁজ প্ৰতিযোগিতা অহা ১৮ জানুৱাৰী (৩ মাঘ)ত অনুষ্ঠিত হ’ব। বিগত ২০১৬ চনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ পৰম্পৰাগত ম’হ যুঁজ,বুলবুলি যুঁজ,কুকুৰা যুঁজ আদি খেলসমূহ অসমত বন্ধ আছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্ঠাত পুনৰ এচ অ’ পি অনুসৰি এই খেলসমূহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাত পুনৰ আয়োজন কৰিছে ম’হযুঁজ।বাৰপূজীয়া আঞ্চলিক ম’হ যুঁজ সমিতিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ্য অনুসৰি,আহোম ৰাজত্বৰ কালত অঞ্চলৰ কৰতলীয়া ৰজাসকলৰ পৰা অসমীয়া বছৰৰ প্ৰতি মাঘ মাহত কৰ তুলিবলৈ আহিছিল। সেই সময়ত তেওঁলোকে হাতী ব্যৱহাৰ কৰিছিল। সেই হাতীবোৰ নি ৰহা-বাৰপূজীয়া সংযোগী হাতীবন্ধা ডুবিত গা ধুৱাই বান্ধি ৰাখিছিল আৰু তেতিয়াৰ পৰাই ঠাইখিনিৰ নাম “হাতীবান্ধা” বুলি জনাজাত হয়। পৰৱৰ্তী সময়ত সেই ঠাইতে ব্ৰিটিছসকলে এখন দলং নিৰ্মাণ কৰে আৰু সেই দলং খনৰ নামো “হাতীবান্ধা দলং” হিচাপে জনাজাত হয়। আনহাতে হাতী বান্ধি মাউতসকলে একগোট হৈ ওচৰৰে এখন পথাৰত জলপান খাইছিল।তেতিয়াৰ পৰা পথাৰখনে “কৰাইগুৰি পথাৰ” হিচাপে স্বীকৃতি লাভ কৰে। সেই স্থানতে কৰতলীয়া ৰজা আৰু পালি পহৰীয়াসকলে মনোৰঞ্জনৰ বাবে ম’হ যুঁজ পাতিছিল। সেই ম’হ যুঁজ খনেই পাছলৈ প্ৰতিযোগিতা হিচাবে প্ৰচলিত হ’ল। সেই ৰজাদিনীয়া পৰম্পৰাক আজিও বাৰপূজীয়া স্থানীয় ৰাইজে বাপতি সাহোন হিচাপে পালন কৰি বৰ্তমান পৰ্যন্ত ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে।উল্লেখ্য যে,পূৰ্বতে প্ৰতিযোগিতা খনি ২৬ জানুৱাৰীত অনুষ্ঠিত কৰিছিল যদিও ভোগালী বিহুৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি প্ৰায় পঞ্চাশ বছৰ কাল প্ৰতি মাঘ মাহৰ ৩ তাৰিখে অনুষ্ঠিত কৰি আহিছে। কিন্তু বিগত ন বছৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আনুষ্ঠানিকভাৱে ম’হযুঁজ বন্ধ হোৱাৰ পাছত অসম চৰকাৰৰ প্ৰচেষ্টাত পুনৰ অসমীয়া পৰম্পৰাগত ম’হ যুঁজ পুনৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে। তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই আয়োজক সমিতিয়ে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author