আপুনিও বাৰু থাইৰয়ডত ভূগিছে নেকি?

1 min read

বৰ্তমান সময়ত প্ৰায় প্ৰত্যেক ঘৰতে এগৰাকীকৈ থাইৰয়ডৰ ৰোগী থকা দেখা যায়। মানুহৰ ভুল খাদ্যাভাসৰ বাবেই এনেবোৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। আপুনিও বাৰু ডায়েবেটিছ, উচ্চ ৰক্তচাপ, পিচিঅ’এছ আদিৰ দৰে ৰোগত আক্ৰন্ত হৈছে নেকি? যদি আপুনিও থাইয়ৰডত আক্ৰান্ত হৈছে তেন্তে ইয়াৰ পৰা সকাহ পাবলৈ কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰ আপোনাৰ থাইৰয়ড হৰম’ন নিয়ন্ত্ৰণৰ বাবে উপকাৰী হ’ব পাৰে।

১.ৰঙালাও গুটি

থাইৰয়ড হৰম’ন T4 (Thyroxine) ৰ সক্ৰিয় T3 (Triiodothyronine) লৈ ৰূপান্তৰিত হ’বলৈ অতি প্ৰয়োজনীয় ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণে জিংক পোৱা যায়। ৰঙালাও গুটিত থকা এমিনো এচিড টাইৰ’চিনে থাইৰ’ক্সিন আৰু ট্ৰাইঅ’ড’থাইৰ’নিন (T3&T4) উৎপাদনৰ লগতে অন্তঃস্ৰাৱী গ্ৰন্থিৰ স্বাভাৱিক কাৰ্য্যকলাপ নিশ্চিত কৰে যিয়ে থাইৰয়ডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। বীজত প্ৰচুৰ পৰিমাণে জিংক থাকে, যিটো অন্যান্য ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ বাবে আৰু লগতে নিষ্ক্ৰিয় থাইৰয়ড হৰম’ন সংশ্লেষণ আৰু সক্ৰিয় ৰূপলৈ ৰূপান্তৰিত কৰাৰ বাবেও প্ৰয়োজনীয়।

২. নৰসিংহ পাত

নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ বিশেষকৈ কেলচিয়াম থাকে, যিয়ে তেজত টি৪ হৰম’ন অতিমাত্ৰা শোষণ ৰোধ কৰাত সহায় কৰে। থাইৰয়ড হৰম’নৰ অভাৱৰ ফলত হোৱা আন যিকোনো লক্ষণ যেনে চুলি সৰা, ভোক নলগা, দুৰ্বলতা, ছালৰ সমস্যা আদিও ই নিয়ন্ত্ৰণ কৰে। নৰসিংহ পাতত টেনিন আৰু কাৰ্বজ’ল এলকেল’ইড থাকে, যিবোৰ পৰোক্ষভাৱে থাইৰয়ড গ্ৰন্থিক খাদ্যৰ বিপাকীয় ক্ৰিয়াত সহায় কৰে।

৩. মগু

মগুৱে ব্যক্তিৰ দেহত প্ৰচুৰ পৰিমাণে আয়’ডিন প্ৰদান কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে। মগুত অপৰিসীম আঁহ পোৱা যায় যিবোৰে আয়’ডিনৰ অভাৱ পূৰণ কৰিবলৈ যথেষ্ট সহায় কৰে।

৪. ডালিম

ডালিমত ইলাজিক এচিডৰ পৰিমাণ বেছি থাকে যিয়ে থাইৰয়ড হৰম’নৰ উৎপাদন হ্ৰাস কৰাত সহায় কৰে, গতিকে এই ফলবোৰ অতি সক্ৰিয় থাইৰয়ডৰ ক্ষেত্ৰত (হাইপাৰথাইৰয়ডিজম) ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেটিভ গুণে হাইপ’থাইৰয়ডিজমৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে।

ঘৰুৱা উপায়েৰেও কিছু পৰিমানে হলেও সকাহ পাব পাৰি। ৰাসায়নিক ঔষধ অতিৰিক্ত সেৱনে শৰীৰত বহু পৰিমানে ক্ষতি সাধন কৰিব পাৰে।

You May Also Like

More From Author