মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমীত দেৱী সৰস্বতীক পূজা কৰা হয়।এই তিথিয়ে বসন্তৰ আগমনৰ সূচনা কৰে সেয়েহে ইয়াক বসন্ত পঞ্চমী বুলি জনা যায়।এইবাৰ ১৪ ফেব্ৰুৱাৰী বসন্ত পঞ্চমী। ছাত্ৰ-ছাত্ৰীকে ধৰি সকলোৱে যদি নিয়ম অনুসৰি সৰস্বতী পূজা কৰে তেন্তে তেওঁলোকে জ্ঞান আৰু প্ৰজ্ঞাৰ আশীৰ্বাদ লাভ কৰিব পাৰে।লগতে নৱবিবাহিত দম্পতীয়ে বসন্ত পঞ্চমী তিথিত বিয়া পাতিলে ভগৱানৰ আশীৰ্বাদ পায় বুলিও এক বিশ্বাস আছে।এই দিনটোত শিৱ-পাৰ্বতীৰ তিলকোৎসৱো অনুষ্ঠিত হয়।গতিকে বসন্ত পঞ্চমী তিথি বিবাহৰ বাবে শুভ। ছাত্ৰ-ছাত্ৰীসকলে পঢ়াশুনাত সুফল লাভৰ লগতে জ্ঞান বৃদ্ধিৰ বাবে দেৱী সৰস্বতীক আৰাধনা কৰে। পিছে কোন সময়ত পূজা কৰিলে সন্তুষ্ট হ’ব মা সৰস্বতী।
শিলচৰৰ বাস্তু বিশেষজ্ঞ অৰিন্দম চক্ৰৱৰ্তীয়ে জনোৱা মতে, এই বছৰ বসন্ত পঞ্চমীৰ দিনটো ১৪ ফেব্ৰুৱাৰী বুধবাৰে পৰে।পঞ্জিকা অনুসৰি ১৩ তাৰিখে নিশা ৮:১৫ বজাত তিথি আৰম্ভ হ’ব আৰু ১৪ ফেব্ৰুৱাৰীত সন্ধিয়া ৫:০০ বজাত পঞ্চমীৰ অন্ত পৰিব। অৰিন্দম চক্ৰৱৰ্তীয়ে জনাইছে যে ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰি সৰস্বতীৰ ধ্যান আৰু বীজ মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি পাব। পঢ়াৰ আগতে সৰস্বতীৰ ৫ পৰা ১০ বাৰ ধ্যান মন্ত্ৰ কৰাটো প্ৰয়োজনীয়।মা সৰস্বতীৰ বীজ মন্ত্ৰ ১০ বাৰ জপ কৰিব লাগিব। লগতে সৰস্বতী পূজাত ‘হাতেখড়ি’ দিয়াৰ প্ৰথা আছে।প্ৰতি বছৰে পূজাৰ দিনা শিশুক ‘হাতেখড়ি’ দিয়া হয়।বহুতে যুক্তি দিয়ে যে যিহেতু সৰস্বতীৰ পূজাৰ দিনবোৰ অধ্যয়ন কৰা নহয়। গতিকে সেইদিনা ‘হাতেখড়ি’ দিয়াটো ঠিক নহয়।
এই সন্দৰ্ভত বাস্তু বিশেষজ্ঞ অৰিন্দম চক্ৰৱৰ্তীয়ে কয়,সৰস্বতী পূজাৰ দিনা ‘হাতেখড়ি’ দিব পাৰি।শাস্ত্ৰত কোনো নিষেধাজ্ঞা নাই। যিহেতু সৰস্বতী বিদ্যাৰ দেৱী, শিশুৱে পঢ়া-শুনা আৰম্ভ কৰাৰ আগতে মা সৰস্বতীৰ আশীৰ্বাদ বিচৰা হয়।বিদ্যাৰ দেৱীৰ ওচৰত শিক্ষালাভৰ বাবে আনুষ্ঠানিক সূচনা কৰা হয়। শিশুটিৰ হাতত ধৰি পুৰোহিতে স্লেটত চকেৰে অ, আ, ক, খ লিখে।মা সৰস্বতীৰ মূৰ্তিৰ সন্মুখত শিশুটিক এনেদৰে ‘হাতখড়ে’ দিয়া হয়।যাতে শিশুটিয়ে ভৱিষ্যত জীৱনত ভালদৰে পঢ়া-শুনা কৰিব পাৰে।
সৰস্বতী ধ্যান মন্ত্ৰ –
ওম সৰস্বতী ময়া দৃষ্ট্বা, বীণা পুস্তক ধাৰিণীম।
হংস বাহিনী সমাযুক্তা মাং বিদ্যা দান কৰোতু মে ওম।
সৰস্বতী বীজ মন্ত্ৰ –
ওম এং সৰস্বতৈ এং নমঃ
সৰস্বতী-স্তোত্ৰম-
শ্বেতপদ্মাসনা দেৱী শ্বেতপুষ্পাশোভিতা।
শ্বেতাম্বৰধৰা নিত্যা শ্বেতগন্ধনুলেপনা।
শ্বেতাক্ষসূত্ৰহস্তা শ্বেত্চন্দন-চৰ্চিতা।
শ্বেতবীণাধৰা শুভ্ৰা শ্বেতালংকাৰভূষিতা।
বন্দিতা সিদ্ধগন্ধৰবৈৰৰ্চিতা সুৰদানবৈঃ।
পূজিতা মুনিভিঃ সৰ্বৈঋষিভিঃ স্ত্ৰয়তে সদা।
স্তোত্ৰেণালেন তাং দেৱীং জগদ্ধাত্ৰীং সৰস্বতীম।
যে স্মৃতি ত্ৰিসন্ধ্যায়ং সৰ্ব বিদ্যাং লভন্তে তে।