ৰে’ল ষ্টেচনত দোতাৰা বজাই গান গাই ফুৰা দৃষ্টিহীন মাধৱৰ কিদৰে কুদৃষ্টি পৰিছিল নুনমাটিৰ ছাত্ৰী দুগৰাকীৰ ওপৰত?

1 min read

ৰে’ল ষ্টেচনত দোতাৰা বজাই গান গাই ফুৰা দৃষ্টিহীন মাধৱৰ কুদৃষ্টি পৰিছিল নুনমাটিৰ ছাত্ৰী দুগৰাকীৰ ওপৰত। সৰস্বতী পূজাৰ দিনা সাজি কাছি ওলাই অহা ছাত্ৰী দুগৰাকীয়ে মাধৱৰ WhatsApp পোৱাৰ পাছতে উপস্থিত হৈছিল গুৱাহাটী ৰে’ল ষ্টেচনত। তাৰপৰাই দুচকুৰে নেদেখা মাধৱ দাসে দেখুওৱা সপোন খেদিবলৈ ৰে’ল উঠিছিল ছাত্ৰী দুগৰাকী।

কলকাতাত মোটা টকাৰ দৰমহাৰ চাকৰি দিয়াৰ টোপ দিয়া মাধৱৰ মন তেতিয়া অশান্ত। কাৰণ হঠাৎ মাধৱে পাইছে হাৰিয়ানা লিংক। কলকাতাৰ নাৰী দেহ চক্ৰতকৈ হাৰিয়ানাৰ গেঙে ছাত্ৰী দুগৰাকীৰ বিনিময়ত বহু বেছি টকা দিয়াৰ টোপ দিলে মাধৱ দাসক। মুহূৰ্ততে দৃষ্টিহীন মাধৱে অন্তৰ্দৃষ্টি ভেদি গ’ল হাৰিয়ানা গেঙৰ প্ৰস্তাৱে। চলন্ত ৰে’লতে পৰিকল্পনা সলাই টিহুত এনিশা ৰৈ যোৱাৰ সিদ্ধান্ত ল’লে মাষ্টাৰমাইণ্ড মাধৱে।

ৰে’লৰ পৰাই যোগাযোগ কৰিলে অৰুণ দাস আৰু বুদ্ধজিত কলিতাৰ সৈতে। ম’বাইল ফোনতত সকলো চেটিং কৰি টিহু ষ্টেচনত ছাত্ৰী দুগৰাকীৰ সৈতে নামি দিলে মাধৱ দাসে। নুনমাটিৰ স্কুলত সহপাঠীয়ে সৰস্বতী পূজাৰ খিচিৰি খাই থাকোতে টিহুত অৰুণ দাসৰ বায়েকৰ ঘৰত উপস্থিত হ’ল ২ ছাত্ৰী।

কলকাতালৈ যাবলৈ আহি টিহুত নাম দিওতে কিয় আপত্তি নকৰিলে ২ ছাত্ৰীয়ে?
ইয়াৰ আঁৰত আছে দৃষ্টিহীন মাধৱ দাসৰ চক্ৰান্ত। দৃষ্টিহীন মগনীয়া হোৱাৰ পাছতো অষ্টম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ জালত বন্দী কৰা মাধৱে মধুৰ কথাৰে মন মুহি দিছিল গুৱাহাটীত জন্ম হৈ ডাঙৰ দীঘল হোৱা ছাত্ৰী দুগৰাকীক। কলকাতাৰ ৰঙীন সপোনৰ হাত বাউলীয়ে মাতাল কৰি ৰখা বাবেই নিশাটো টিহুতে কটাবলৈ ৰাজি হৈ গৈছিল ২ ছাত্ৰী।

আনফালে টিভিৰ বাতৰিত বাৰে বাৰে ভাঁহি উঠা ছাত্ৰীৰ মুখ দেখি শংকিত হৈ পৰিছিল আশ্ৰয় দিয়া ঘৰৰ গৰাকী। বায়েকে ছোৱালী দুজনীৰ কথা থানাত কৈ দিবলৈ টানি অনুৰোধ কৰিলে অৰুণক। কিন্তু বায়েকৰ অনুৰোধ মনাৰ সলনি দুচকুৰে নেদেখা মাধৱে WhatsAppত ভাবুকি দিলে ছাত্ৰীৰ অভিভাৱকক। পাছে WhatsAppৰ সেই চুপতিৰ বাবেই ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল মাষ্টাৰমাইণ্ড মাধৱৰ লগতে অৰুণ দাস আৰু বুদ্ধজিত কলিতা।

৩ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে ২ অপহৃতা ছাত্ৰীক। টিহুৰ পৰা দুগৰাকী ছাত্ৰীক উদ্ধাৰ কৰাৰ বিপৰীতে সৰস্বতী পূজাৰ দিনা অপহৰণ হোৱা নুনমাটিৰ তৃতীয় গৰাকী ছাত্ৰীক গুৱাহাটীৰ পৰাই উদ্ধাৰ কৰিলে মহানগৰ আৰক্ষীয়ে। সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ অভিভাৱকে নাম লোৱা সমীন আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত ঘৰৰ পৰাই উদ্ধাৰ হ’ল ছাত্ৰীগৰাকী। এইদৰে ৪৮ ঘণ্টাৰ ভিতৰত এজনী এজনীকৈ উদ্ধাৰ হ’ল সাজি কাছি সৰস্বতী পূজালৈ ওলাই আহোতে অপহৰণৰ বলি হোৱা মহানগৰীৰ নুনমাটিৰ ৩ গৰাকী স্কুলীয়া ছাত্ৰী।

You May Also Like

More From Author