অনির্দিষ্টকালীন অনশনৰ দ্বিতীয় দিনাও চচল উত্তাল কৰিলে শিলসাঁকোৰ উচ্ছেদিতই

1 min read

চলিত বিধানসভাত শিলসাঁকোৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ সিদ্ধান্ত নল’লে ভয়াৱহ প্ৰতিবাদৰ বাবে সাজু হ’বলৈ আহ্বান!

চৰকাৰক প্ৰতিবাদৰ মাজতে পুনৰ তিনিটাকৈ ঘৰ উচ্ছেদৰ বিৰুদ্ধে সৰব শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ!

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী, ২০২৪: অসম বিধানসভাৰ অধিৱেশন চলি থকা সময়তে প্রতিবাদী কার্যসূচী,চৰকাৰক তীব্র সমালোচনা কৰি সংবাদমেল সম্বোধন কৰাৰ পাছত এইবাৰ যোৱা কালিৰ পৰা চচলৰ নিৰ্ধাৰিত ধর্ণাস্থলীত অবিৰত ধৰ্মঘট কার্যসূচীত বহিছে শিলসাঁকো উচ্ছেদ প্রতিৰোধী ৰাইজ। আজি প্রায় দুটা বছৰে শিলসাঁকোৰ উচ্ছেদিতই পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীৰে নিৰবিচ্ছিন্নভাবে বিভিন্ন প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও বর্তমানলৈকে চৰকাৰে উচ্ছেদিতসকলৰ দাবীসমূহ পূৰণ নকৰাত চলিত বিধানসভা অধিবেশনক লক্ষ্য কৰি শিলসাঁকো উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেতৃত্বত জোৰদাৰ প্ৰতিবাদ গঢ়ি তুলিছে উচ্ছেদিতই। গুৱাহাটী বানপানী নির্মূল কৰাৰ স্বাৰ্থত শিলসাঁকো মুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰ প্ৰশাসন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই তিনিটা পর্যায়ত বৃহৎ আৰক্ষী বাহিনীৰ মোতায়েনেৰে জোৰদাৰ অভিযান চলাই ১,২০০ টা পৰিয়ালক উচ্ছেদ কৰাৰ পাছৰে পৰা এই উচ্ছেদক বে-আইনী, আক্রোশ, বৈষম্যমূলক আখ্যা দি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক ৰূপত তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে উচ্ছেদিত পৰিয়ালসমূহে। উল্লেখযোগ্য যে, উচ্ছেদস্থলীত দীর্ঘদিনৰ পৰা অসমৰ থলুৱা লোকসকলে চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ঘৰৰ নং, বিজুলী, পানী ৰাস্তা-ঘাট, নলা-নর্দমাকে ধৰি প্ৰায় সকলোবোৰ সা-সুবিধা উপভোগ কৰি বসবাস কৰি অহাৰ সমান্তৰাভাবে জিঞ্জাৰ, আইডিয়েল হিল ভিউ, আই চি এম, বদরুদ্দিন আজমলৰ সম্পত্তি, পৃথিৱী গ্রীণচ, অমিয় কুমাৰ দাস ইনষ্টিটিউটকে ধৰি বিভিন্ন ধনী ব্যক্তি, পুঁজিপতি বণিয়া আৰু ৰাজনীতিকক ভূমি প্রদান কৰি আহিছে চৰকাৰে। তেনেস্থলত চৰকাৰৰ শেহতিয়া উচ্ছেদ অভিযানত বণিয়াৰ অট্টালিকা, ৰাজনীতিকৰ সম্পত্তি সম্পূর্ণরূপে ৰক্ষণাবেক্ষণ দি কেৱল থলুৱা, দুখীয়া, মধ্যবিত্ত পৰিয়ালসমূহকহে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে উচ্ছেদিত পৰিয়ালসমূহে। এই ক্ষেত্ৰত চৰকাৰে ১৭ টা প্রতিষ্ঠানৰ এখন তালিকা প্রস্তুত কৰি এমাহৰ ভিতৰত এই অট্টালিকাসমূহ ভাঙি দিয়া হ’ব বুলি ঘোষণা কৰাৰ পাছতো কোনো ব্যবস্থা গ্রহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে আন্দোলনৰত উচ্ছেদিত পৰিয়ালসমূহে। এটা দিন পূর্বে সংবাদমেল অনুষ্ঠিত কৰি উচ্ছেদ প্ৰতিৰোধী ৰাইজে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপনৰ সমান্তৰালভাৱ নিজৰ কষ্টোপার্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰখন ভাঙি দিয়াৰ পাছত দুখ আৰু বেদনা হব নোৱাৰি হৃদযন্ত্র বিকল হৈ অথবা উচ্চ ৰক্তচাপজনিত ৰোগত অকালতে করুণ মৃত্যুক আঁকোৱালি লোৱা সতীর্থ আন্দোলনকাৰীসকলৰ পৰিয়ালসমূহৰ উপস্থিতিত মৃত ব্যক্তি কেইজনৰ নাম আৰু ফটো ৰাজহুৱা কৰি চৰকাৰে তেওঁলোকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। যোৱা কালিৰ পৰা ৰূপায়িত ধাৰাবাহিক অৱস্থান কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা মৃত ব্যক্তি কেইজনৰ ফটো আঁৰি বন্তি প্রজ্বলন কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰীসকলে। অবিৰত অৱস্থানৰ আজি দ্বিতীয় দিনাও পুৱা সতীর্থকেইজনৰ স্মৃতিত মাল্যার্পন কৰি কাৰ্যসূচী আৰম্ভ কৰে প্রতিবাদকাৰিয়ে। আন্দোলনৰ নেত্রী গায়ত্রি বৰিয়ে তীব্র উষ্মা প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কৈ যে আমি চৰকাৰৰ কোনো ভাবুকি লৈ ভয় নকৰোঁ। চৰকাৰে আমাৰ উপৰত আন্দোলন বন্ধ কৰিবৰ কাৰণে তীব্র চাপ সৃষ্টি কৰিছে, আমাৰ মাজত বিভাজন ঘটাব বিচাৰিছে। কিন্তু আমি এক হৈ আছোঁ আৰু থাকিম। আমাক চৰকাৰে পুনৰ সংস্থাপন দিবই লাগিব তাৰ বাবে আমি বদ্ধপৰিপৰ। আমি শেষ পর্যায়লৈকে খুঁজিম। প্রতিবাদ অংশ লৈ উচ্ছেদিত ব্রজবাসী সিংহা, প্রদীপ দাস, বিটুমনি দাস বেগম, জয়ন্তি দত্ত, কদমী কোচ কয়, যে চৰকাৰে আমাৰ ক্ষেত্ৰত চূড়ান্ত অন্যায় কৰিছে আমি কোনো বিদেশী নহয় অসমত জন্ম হোৱা সকলো আমি অসমীয়া। কিন্তু একে ঠাইতে হিমৎসিংকা, টাটাৰ জিঞ্জাব, আজমলহঁতে মাটি পালে আমি থলুৱা হৈ যুগ যুগ ধৰি বসবাস কৰিও নিজৰ ভেটি মাটি পৰা উচ্ছেদিত হ’লো। এইখন চৰকাৰে নিজকে খিলঞ্জীয়া চৰকাৰ বুলি কয়, জাতি-মাটি-ভেটিৰ কথা কৈ। হিমন্ত বিশ্ব শর্মাই নিজকে খিলঞ্জীয়াৰ মুখ্যমন্ত্রী বুলি কয়, কিন্তু এই চৰকাৰ আৰু এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনতে আমি খিলঞ্জীয়া নিজৰ ঘৰ-মাটি হেৰুৱাই অঘৰী হ’লো, এজন এজন কৈ আমাৰ সতীর্থই ন্যায়ৰ পৰা বঞ্চিত হৈ দুখ আৰু বেদনা সহিব নোৱাৰি অকালতে মৃত্যু হৈছে আৰু পুঁজিপতি বণিয়াই একে মাটিতে সজা অট্টালিকা সুৰক্ষিত হৈ আছে। আমাৰ ভেটিবোৰতো লাহে লাহে ডাঙৰ ডাঙৰ অট্টালিকা সজাৰ বাবে যো জা কৰিছে। চলিত বিধান সভাৰ শেষৰ দিনটোলৈকে আমি বাট চাম। চৰকাৰে যদি আমাক পুনৰ সংস্থাপনৰ কোনো সিদ্ধান্ত নলয়, তেন্তে আমি যিকোনো পৰিস্থিতিৰ মুখামুখী হ’বলৈ সাজু হ’ম। নিজব জনমভূমি নিজৰ আপোন ঘৰখন হেৰুৱাই অঘৰী হৈ পথৰ ভিক্ষাৰি দৰে জীয়াই থকাত কৈ মৃত্যু আমাৰ বাবে শ্রেষ্ঠ হ’ব। মানসিক চাপত মৃত্যু হোৱা উচ্ছেদিত পৰিয়ালসমূহৰ সদস্যসকলৰ কান্দোনত চচল ধর্ণাস্থলীত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। প্রতিবাদত অংশ লৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া আৰু আকাশ দলে বক্তব্য প্রদান কৰে। ভাষণ প্রসঙ্গত বিদ্যুৎ শইকীয়াই কয় যে বসুন্ধৰা আঁচনি জৰিয়তে থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা বুলি ব্যাপক প্ৰচাৰ চলোৱা বিজেপি চৰকাৰৰ দিনত কেনেকৈ থলুৱা মানুহৰ মাটি কাঢ়ি বণিয়াক সুৰক্ষিত কৰা হৈছে সেয়া আজিৰ শিলসাঁকোৰ ছবি নোচোৱা অন্ধ ভক্তসকলে কেতিয়াও উপলদ্ধি কৰিব নোৱাৰে। যি আমি নিজে উচ্ছেদব দিন ধৰি প্ৰত্যক্ষ কৰি আহিছোঁ। এইয়া অসমীয়া হিচাপে থলুৱা প্রতি এই অন্যায়ে আমাক অধিক উত্তেজিত কৰি তুলিছে। চৰকাৰে অতি সোনকালে উচ্ছেদিত প্রতিটো পৰিয়ালক পুনৰ সংস্থাপন নিদিলে সৃষ্টি হোৱা পৰিৱেশৰ বাবে চৰকাৰে জগৰীয়া হ’ব। আকাশ দলে কয় যে অসমীয়াৰ এই নাজল-নাথল অবস্থা দেখি আমি আবেগিক হৈ পৰিছো। মুখত থলুৱাৰ কথা কৈ ভিতৰি বণিয়াৰ হকে কাম কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শিক্ষা দিবলৈ আমি সকলো সাজু হ’ব লাগিব। বণিয়াৰ চৰকাৰক উৎখাত নকৰিলে সমগ্র অসমতে এদিন শিলসাঁকোৰ দৰে পৰিৱেশৰ সৃষ্টি হ’ব।

(PRESS RELEASE)

You May Also Like

More From Author