গুৱাহাটীতে ভাৰতীয় দলত প্ৰৱেশৰ লক্ষ্য পথ মুকলি কৰিলে সম্বলপুৰৰ সুজাতা কুজুৰে

1 min read

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ বাবেই ক্ৰীড়াক কেৰিয়াৰ কৰাত সফল হ’ল স্বৰ্ণজয়ী মহিলা হকী খেলুৱৈয়ে

গুৱাহাটী, চ্ছ ফেব্ৰুৱাৰী ঃ ভাৰতত মহিলা হকীৰ চমকপ্ৰদ উত্তৰণ ৰূপকথাৰ দৰেই৷ বিগত সময়ছোৱাত ভাৰতক গৌৰৱময় সাফল্য দিয়াত যিসকল মহিলা হকী খেলুৱৈয়ে অৰিহনা যোগাইছে তাৰমাজৰে এগৰাকী নৱাগতা হ’ল সুজাতা কুজুৰ৷ যোৱা বছৰ জাপানত অনুষ্ঠিত হোৱা জুনিয়ৰ এছিয়া কাপত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় মহিলা হকী দলটোৰ সদস্যা আছিল সুজাতা৷

ওড়িশাৰ এখন সৰু চহৰ সুন্দৰগড়ত জন্মগ্ৰহণ কৰা সুজাতাই কিশোৰী কালতে সপোন দেখিছিল বিশ্বজয়ৰ৷ উল্লেখ্য যে সুন্দৰগড় অঞ্চলৰ পৰাই ভাৰতৰ কেবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ জন্ম হৈছে৷ সেয়ে অনুপ্ৰেৰণা গাঁৱৰে পৰাই পাইছিল সুজাতাই৷ ১০ বছৰ বয়সৰ পৰাই হকীৰে বিশ্বজয় কৰাৰ লক্ষ্য যাত্ৰা আৰম্ভ কৰা সুজাতাৰ সপোন ভাৰতৰ ছিনিয়ৰ দলৰ হৈ খেলা৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফলতাই সুজাতাৰ সপোনক নতুন দিগন্তলৈ লৈ যাব বুলি খেলুৱৈগৰাকী আশাবাদী৷

উল্লেখ্য যে গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত মহিলা হকী দলৰ স্বৰ্ণ পদক লাভ কৰিছে সুজাতাই প্ৰতিনিধিত্ব কৰা সম্বলপুৰ বিশ্ববিদ্যালয়ে৷ ফাইনেলত তেওঁলোকে গোৱালিয়ৰ আইটিএম বিশ্ববিদ্যালয়ক পেনাল্টি শ্বুট আউটত প্ত-৩ গ’লত পৰাস্ত কৰে৷ নিৰ্ধাৰিত সময়ত খেলৰ স্ক’ৰ আছিল ৰ-ৰ৷

‘চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰাটো এক অবিশ্বাস্য অনুভৱ৷ ফাইনেলত আমাৰ দলটোৱে ঐক্য, অটল, নিষ্ঠা আৰু দক্ষতাৰ অপৰিহাৰ্য সংমিশ্ৰণৰ এক নিৰৱচ্ছিন্ন মিশ্ৰণ প্ৰদৰ্শন কৰিছিল৷’ মিডফিল্ডাৰ সুজাতাই কয়৷

কৃষক পিতৃ আৰু গৃহিণী মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা সুজাতাই আৰ্থিক বাধা পাইছিল যদিও নিৰুৎসা নহৈ অদম্য মানসিক শক্তিৰে পৰিপুষ্ঠ হৈ সুন্দৰগড়ৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কেন্দ্ৰলৈ গৈ নিজৰ প্ৰতিভাৰে কেৰিয়াৰ আগবঢ়ায় নিয়ে৷ তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবেই ২০২০ চনত কলকাতাৰ নেচনেল এক্সিলেন্স চেণ্টাৰলৈ নিৰ্বাচিত হৈছিল৷ আনহাতে, সুজাতাৰ জীৱনৰ টাৰ্নিং পইণ্ট আহিছিল যেতিয়া তেওঁক টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল৷ এই ঘটনাই সুজাতাৰ আৰ্থিক বোজা হ্ৰাস কৰাই নহয়, পৰিয়ালটোক পোহপাল দিবলৈও সুবিধা কৰি দিছিল৷ সুজাতাক নিয়মিতভাৱে ঘৰলৈ ধন পঠিয়াবলৈ ক্ষমতা প্ৰদান কৰিছিল৷

সুজাতাৰ আন্তৰ্জাতিক যাত্ৰাত জামাইকাত অনুষ্ঠিত হোৱা চাৰিদেশীয় জুনিয়ৰ মহিলা আমন্ত্ৰণমূলক হকী প্ৰতিযোগিতা আৰু চেণ্টিয়াগোত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ বিশ্বকাপো অন্যতম৷ ‘কেৰিয়াৰৰ প্ৰতিটো বাধাই মোৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে৷ মই মোৰ শ্ৰেষ্ঠখিনি দি ভাৰতীয় মহিলা হকী দলত স্থান দখল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ এই যাত্ৰা কেৱল মোৰ নহয়, মোৰ গাঁৱৰ প্ৰতিজনৰে আকাংক্ষাৰ প্ৰতীক৷’ সুজাতাই লগতে কয়৷

You May Also Like

More From Author