প্ৰকাশ পালে BJPৰ প্ৰথমখন প্ৰাৰ্থী তালিকা, প্ৰাক্তন IPS আনন্দ মিশ্ৰই BJPৰ টিকট পালনে?

1 min read

লোকসভা নিৰ্বাচনৰ বাবে BJPৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা। ১৭খন ৰাজ্যৰ বাবে ১৯৫জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে বিজেপিয়ে। ৩৪জন কেন্দ্ৰীয় মন্ত্ৰীৰ নাম আছে প্ৰথমখন তালিকাত। প্ৰথমখন তালিকাত আছে দুজন প্ৰাক্তন CMৰ নাম। ৪৭গৰাকী যুৱ প্ৰাৰ্থীয়ে এইবাৰ অৱতীৰ্ণ হ’ব নিৰ্বাচনত। ২৮গৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হ’ব নিৰ্বাচনত।

ইয়াৰ মাজতে পুনৰ চৰ্চালৈ আহিছে আনন্দ মিশ্ৰৰ প্ৰসংগ। চৰ্চাত আছিল যে বিহাৰৰ বাস্কাৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিব। আৰু সেইবাবেই IPS পদ এৰি নিজ গৃহভূমি বিহাৰলৈ ৰাওনা হৈছিল আনন্দ মিশ্ৰ। লগতে শেহতীয়াকৈ সামাজিক মাধ্যমতো BJPৰ বিভিন্ন কাৰ্যসূচীত আনন্দ মিশ্ৰক অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আনন্দ মিশ্ৰ শেহতীয়া কাৰ্যপ্ৰন্থাৰ পৰা পৰিলক্ষিত হৈছে যে আনন্দ মিশ্ৰই এইবাৰ BJPৰ পৰা নিশ্চিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

কিন্তু আজি প্ৰকাশ পোৱা ১৯৫জনীয়া প্ৰাৰ্থী তালিকা আনন্দ মিশ্ৰৰ নাম প্ৰকাশ পোৱা নাই। BJPএ প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত বিহাৰৰ কোনো ধৰণৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই? হয়টো BJPৰ পৰৱৰ্তী তালিকাত আনন্দ মিশ্ৰই লাভ কৰিব পাৰে প্ৰাৰ্থিত্ব।

আজি BJPএ ঘোষণা কৰিলে ১৭খন ৰাজ্যৰ ১৯৫গৰাকী প্ৰাৰ্থীৰ নাম। উত্তৰ প্ৰদেশৰ ৫১জন, পশ্চিম বংগৰ ২০জন, মধ্য প্ৰদেশৰ ২৪জন, গুজৰাটৰ ১৫জন, ৰাজস্থানৰ ১৫জন, কেৰালাৰ ১২জন, তেলেংগানাৰ ৯জন, অসমৰ ১১জন, ঝাৰখণ্ডৰ ১১জন, ছত্তীশগড়ৰ পৰা ১১জন, দিল্লীৰ ৫জন, জম্মু-কাশ্মীৰৰ ২জন, অৰুণাচল প্ৰদেশৰ ২জন, গোৱাৰ এজন, ত্ৰিপুৰাৰ ১জন, আন্দামান-নিকোবৰৰ এজন আৰু দমন আৰু ডিউৰ এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

You May Also Like

More From Author