হঠাৎ মহানগৰীৰ চৌদিশে কিয় বৃদ্ধি কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী?

0 min read

হঠাৎ সলনি হৈছে মহানগৰীৰ ছবি ৷ মহানগৰীত হঠাৎ বৃদ্ধি কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী, সমান্তৰালকৈ গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে স্থাপন বৃহৎ বেৰীকেড ৷ প্ৰতি ৫০ মিটাৰৰ অন্তৰে অন্তৰে বেৰীকেড স্থাপন আৰক্ষীৰ ৷ যিটো দৃশ্য দেখি আচৰিত হৈছে সৰ্বসাধাৰণ লোক ৷ কিয়নো হঠাৎ গুৱাহাটী মহানগৰীত বৃদ্ধি হৈছে নিৰাপত্তা ৷ মহানগৰীৰ চৌদিশে মাথোন আৰক্ষীৰ ব্যাপক নিৰাপত্তা বেষ্টনী ৷ মহানগৰীত আৰক্ষী, নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তাই এক প্ৰকাৰ যুদ্ধ সদৃশ পৰিবেশক লৈ সাজু মহানগৰ আৰক্ষীক ৷

আৰক্ষীৰ এনে বৃহৎ সমৰসজ্জাত অলংকাৰ ৰূপে ব্যৱহাৰ বৃহৎ বৃহৎ বেৰীকেড। মহানগৰীৰ জুৰোড, পানবজাৰ, দিছপুৰকে ধৰি কেইবাটাও প্ৰান্তত একে দৃশ্য ৷ ৫০ মিটাৰৰ অন্তৰে অন্তৰে আৰক্ষী বেৰীকেড ৷ নিশাটোৰ ভিতৰতে শনিবাৰে হঠাৎ কেঁচা বাঁহেৰে স্থাপন এইসমূহ বেৰীকেড ৷ পিছে, কাক লক্ষ্য কৰি এইসমূহ বেৰীকেড স্থাপন ৷ সদৰী কৰা নাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংঙে ৷ বিপৰীতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে কেতবোৰ ভিডিঅ আৰু স্থিৰ চিত্ৰ ৷ য’ত ২০১৯ চনৰ ডিচেম্বৰ মাহৰ এটা বিশেষ দিনৰ কেতবোৰ স্থিৰ আৰু ভিডিঅ ফুটেজ দিছে সামাজিক মাধ্যমত।

আৰক্ষী সঞ্চালক প্ৰধানে সামাজিক মাধ্যমত প্ৰকাশ কৰি এইসমূহ তথ্যৰে যাতে নিৰ্দিষ্ট দিনটোৰ পুনৰাবৃত্তি নহয় তাৰবাবে দিছে বিশেষ সতৰ্কবাণী ৷ জনতাক সজাগ সচেতন হোৱাৰ আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ ৷ এতিয়া প্ৰশ্ন হৈছে, ২০১৯ৰ সেই ঘটনৰাজী পুনৰ হ’বলৈ আগবাঢ়িছে নেকি? য’ত আৰক্ষীয়ে আগতীয়াকৈ লাভ কৰিছে তেনে কেতবোৰ তথ্য ৷ যি তথ্যৰ ভিক্তিত আৰক্ষীয়ে আগতীয়াকৈ গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা ৷ যদি সেয়াই হয় তেন্তে নিশ্চয় আগন্তুক সময়ত স্পষ্ট হ’ব সকলো ৷

You May Also Like

More From Author