গোসাঁইগাঁৱত কা বাতিলৰ দাবীত কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ: কৰ্মীসকলৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ

1 min read

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য। কা নামানো শ্লোগানেৰে গোসাঁইগাঁৱত কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাছতেই একপ্ৰকাৰ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য । বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ জাঙৰ খাই উঠিছে অসম তৃণমূল কংগ্ৰেছ। কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছ কমিটীৰ সভাপতিয়ে সাংবাদিকৰ আগত সদৰি কৰে যে শৰীৰত এক বিন্দু তেজ থকালৈকে আমি অসমত কা প্ৰযোজ্য হ’বলৈ নিদিওঁ। যদি অসম চৰকাৰে কা বাতিল নকৰে তেনেহলে এই আন্দোলন আগন্তুক দিনত আৰু ভয়াবহ কৈ গঢ়ি তোলা হ’ব। অসমৰ ৰাইজে এইবেলি বুজি পাইছে যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ বিফল হৈছে যাৰ বাবে অসমত আৰু ভাৰতবৰ্ষত বিদেশী মানুহ আনি বিজেপি দলৰ ভোট বেংক বৃদ্ধি কৰাৰ সহজ উপায় বাছি লৈছে। বিজেপি চৰকাৰে যদি কা বাতিল নকৰে তেনেহলে আগন্তুক দিনত অসম চৰকাৰৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ দলে ৰাজপথত নামি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব। প্ৰতিবাদী কাৰ্যসূচীত কা’ আমি নামানো, ‘কা’ বাতিল কৰক, বিজেপি চৰকাৰ মূর্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে নতুনকৈ বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰে।

You May Also Like

More From Author