কংগ্ৰেছত থাকিয়েই বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰিব মঙলদৈৰ বিধায়ক বসন্ত দাসে…

0 min read

বৃহস্পতিবাৰে দৰঙত বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পিছতেই মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে এক সংবাদ মেল সম্বোধন কৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাম কাজৰ শলাগ জনাই বিধায়ক বসন্ত দাসে।

সংবাদ মেলত তেওঁ কয়, মঙলদৈ সমষ্টিত উন্নয়নৰ ধাৰা দেখিবলৈ পায়েই মই বিজেপি চৰকাৰক মুকলিভাৱে সমৰ্থন কৰিছোঁ। তেওঁ কয়, মঙলদৈ সমষ্টিত মেডিকেল কলেজকে ধৰি আন বহু উন্নয়নমূলক কামকাজৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিছে।

এই সংবাদ মেলতেই তেওঁ দৰং জিলা কংগ্ৰেছৰ সভাপতি তথা আগন্তুক লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে নিৰ্বাচনত বসন্ত দাসৰ সহায় নালাগে বুলি কৰা মন্তব্যৰ পিছতেই আজি বিজেপিত প্ৰায়৩০০ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক বসন্ত দাসে।

আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ লগত থাকিব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত স্পষ্টকৈ বিজেপিক সমৰ্থন কৰিব বুলি কোৱা নাই যদিও তেওঁ বিজেপি প্ৰাৰ্থীগৰাকীকেই সমৰ্থন কৰাৰ ইংগিত প্ৰদান কৰে। তেওঁ কয়, মঙ্গলদৈ সমষ্টিৰ উন্নয়নৰ বাবে মই সকলো কৰিবলৈ সাজু।

You May Also Like

More From Author